Advertisment

অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

বাক্সাৰ নিকাছি জে'লত কাৰাবন্দী হৈ থকা ৫ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক চি জে এম আদালতে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।  

 অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ Photograph: (DY365)
অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ Photograph: (DY365)

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু!


অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

বাক্সাৰ নিকাছি জে'লত কাৰাবন্দী হৈ থকা ৫ অভিযুক্তক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক চি জে এম আদালতে পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খাইছিল এই ৫ অভিযুক্তৰ। 

Advertisment

Also Read: কোন বিশিষ্ট ব্যক্তিলৈ ২০২৫-২৬ৰ অসম জাতীয় বিদ্যালয়ৰ বঁটা?

আজি ন্যায়িক জিম্মাৰ অন্তিম দিন আছিল আটাইকেইটা অভিযুক্তৰে। ভাৰ্ছুৱেলী আদালতত হাজিৰ কৰোৱা হ’ল ৫ অভিযুক্তক। নিৰাপত্তাৰ খাতিৰত বাক্সাৰ নিকাছি জে’লৰ পৰাই ভাৰ্ছুৱেলী আদালতত হাজিৰ কৰোৱা হয় ৫ অভিযুক্তক। উল্লেখ্য যে, ৫ অভিযুক্তকেইটাক কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত বাক্সাত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। 

Also Read: মই মুখ্যমন্ত্ৰীৰ পত্নীৰ উপাৰ্জনৰ হিচাপ কেতিয়াও বিচৰা নাইঃ ৰবি শৰ্মা

শ্যামকানুৰ হৈ আদালতত হাজিৰ নহ’ল কোনো অধিবক্তা। আদালতত দাখিল কৰা নহ’ল ৫ অভিযুক্তৰ জামিন আবেদন। ১৫ অক্টোবৰত আদালতে বাক্সাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল এই ৫ অভিযুক্তক। বাক্সাৰ নিকাছি জে’লত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কাৰাবন্দী হৈ আছে অভিযুক্তকেইটা। 

ইফালে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তও হাফলং কাৰাগাৰত কাৰাবন্দী হৈ আছে। শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তকো ভাৰ্ছুৱেলী হাজিৰ কৰোৱা হয় আদালতত। ভাৰ্ছুৱেলী আদালতত হাজিৰ কৰোৱাৰ পিছতে পুনৰ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

Also Read: বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

আনহাতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত বিশেষ তদন্তকাৰী দলে (SIT) তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে SITএ ঘটনা সন্দৰ্ভত বহু লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে। 

Advertisment
Advertisment