Advertisment

পুনৰ চমন জাৰি, CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া

সঠিকভাৱে চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিকভাৱে তদন্ত। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এইপৰ্যন্ত সহযোগিতা কৰা নাই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই। শীঘ্ৰেই CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত থকা প্ৰৱাসী অসমীয়া। 

 Filephoto
Filephoto

পুনৰ চমন জাৰি, CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া

Advertisment

সঠিকভাৱে চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিকভাৱে তদন্ত। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এইপৰ্যন্ত সহযোগিতা কৰা নাই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই। শীঘ্ৰেই CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত থকা প্ৰৱাসী অসমীয়া। 

ছিংগাপুৰলৈ গৈ অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব নোৱাৰে। প্ৰয়োজনত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ছিংগাপুৰ আৰক্ষীৰ দ্বাৰাহে কৰিব পৰা যাব। কাৰণ ছিংগাপুৰ যিহেতু বিদেশী ৰাষ্ট্ৰ, গতিকে বিদেশী ৰাষ্ট্ৰলৈ গৈ অসম আৰক্ষীয়ে তদন্ত কৰিব নোৱাৰে। SITৰ মুখ্য তদন্তকাৰী বিষয়া মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদমেলযোগে কৰা মন্তব্য অনুসৰি ইতিমধ্যে MLATৰ অধীনত  ছিংগাপুৰলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে। 

ছিংগাপুৰৰ প্ৰৱাসী অসমীয়ালৈ আকৌ জাৰি কৰা হৈছে চমন। এইবাৰ যদি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকল গুৱাহাটীত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগিতা নকৰে, তেনেহলে সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মুন্নাপ্ৰসাদ গুপ্তাৰ মন্তব্য তদন্তৰ খাতিৰত ছিংগাপুৰৰ থকা প্ৰতিজন প্ৰৱাসী অসমীয়া অসমলৈ আহিব লাগিব। ইতিমধ্যে SITৰ হাতত ১১জন প্ৰৱাসীৰ অসমীয়াৰ তালিকা আছে। ইয়াৰে ভিতৰত ৰূপকমল নামৰ এজন প্ৰৱাসী অসমীয়াই গুৱাহাটীত উপস্থিত হৈ SITৰ তদন্তত সহযোগিতা কৰিছে। 

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল SITৰ হাতত আহি পৰিছে জুবিন গাৰ্গৰ ভিছেৰা ৰিপ'ৰ্ট। ভিছেৰা ৰিপ'ৰ্টত ওলাই পৰিব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ। সছাকৈয়ে জুবিনৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে অভিযোগ অনাৰ দৰে জুবিন গাৰ্গক বিহ খুৱাই হত্যা কৰা হৈছিল নেকি? ভিছেৰা ৰিপ'ৰ্টত এই সকলবোৰ কথা স্পষ্ট হ'ব। 

উল্লেখ্য যে মৰণোত্তৰ পৰীক্ষাৰ সময়তে এই ভিছেৰা টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰা হয়। বৃক্ক, হাওঁফাওঁ, যকৃতৰ পৰীক্ষণ হয় ভিছেৰা টেষ্টত। এই ভিছেৰা ৰিপ’ৰ্টতে স্পষ্ট হয় দেহৰ বিহ, এলক’হল, ড্ৰাগছ আদিৰ অৱস্থিতি। GMCHত জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ সময়তে ভিছেৰা টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰি দিল্লীৰ পৰীক্ষাগাৰলৈ পঠোৱা হৈছিল। ইতিমধ্যে দিল্লীৰ পৰা অহা জুবিন গাৰ্গৰ ভিছেৰা টেষ্টৰ ৰিপ'ৰ্ট SITৰ হাতত পৰিছে। এই ভিছেৰা ৰিপ'ৰ্ট SIT-এ দাখিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।