Advertisment

উচ্চতম ন্যায়ালয়ত চাঞ্চল্যকৰ ঘটনা। মুখ্য ন্যায়াধীশক অপদষ্টৰ চেষ্টা অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা গোচৰক লৈ শুনানি চলি থকাৰ মাজতে মুখ্য ন্যায়াধীশক অপদস্থ কৰাৰ চেষ্টা চলাই এজন অধিবক্তাই। তথ্য অনুসৰি আক্ৰমণ চলোৱাৰ পূৰ্বে অধিবক্তাগৰাকীয়ে চিঞৰি কৈছিল যে, "সনাতন ধৰ্মক কৰা অপমান ভাৰতে সহ্য নকৰে"।

 filephoto

এটা গোচৰৰ শুনানি গ্ৰহণ কৰি থকা মুখ্য ন্যায়াধীশ বি আৰ গাভাইক জোতাৰে আক্ৰমণৰ চেষ্টা এজন অধিবক্তাৰ। এই অভাৱনীয় ঘটনাই আদালতৰ কক্ষত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল। ঘটনাস্থলীত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে তৎক্ষণাত অভিযুক্ত অধিবক্তাজনক আটক কৰে। পিছত তেওঁক জিম্মাত লোৱা হয়। উল্লেখ্য যে অভিযুক্ত অধিবক্তাগৰাকীয়ে ২০১১ চনৰ পৰাই বাৰ এছ’চিয়েশ্যনৰ সদস্য হিচাপে কাম কৰি থকা বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ সৈতে মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ পূৰ্বৰ মন্তব্যৰ সম্পৰ্ক আছে বুলি কোৱা হৈছে। মধ্যপ্ৰদেশত ক্ষতিগ্ৰস্ত বিষ্ণু মূৰ্তি সম্পৰ্কীয় আবেদনৰ শুনানি গ্ৰহণ কৰি বি আৰ গাভায়ে কৰা এটা মন্তব্যক লৈ একাংশ ধৰ্মীয় সংগঠন আৰু আইনী মহলৰ মাজতো ক্ষোভৰ সৃষ্টি হৈছিল।  বি আৰ গাভাইৰ এই মন্তব্যতে অধিবক্তাজন ক্ষুন্ন হোৱা বুলি অনুমান কৰা হৈছে।

এই হুলস্থুলীয়া পৰিৱেশৰ মাজতো কিন্তু মুখ্য ন্যায়াধীশ শান্ত আৰু সংযত হৈ থাকিল। তেওঁ আদালত কক্ষত থকা সকলোকে নিৰ্দেশ দিলে যে, "এই ঘটনাবোৰৰ পৰা বিচলিত নহ'ব। এইবোৰে মোৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই।"  ইয়াৰ পিছতে আদালতৰ কাৰ্য্যবিধি স্বাভাৱিকভাৱে চলি থাকিল। 

আজিৰ এই ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰাপত্তা গোটে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । অধিবক্তাগৰাকীৰ বিষয়ে অধিক সবিশেষ আৰু তেওঁৰ উদ্দেশ্য কি আছিল সেয়া অনুসন্ধান কৰি থকা হৈছে। ইতিমধ্যে এই ঘটনাক গৰিহণা দিছে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনে। আনহাতে মুখ্য ন্যায়াধীশক অপদস্থ কৰা অভিযুক্ত অধিবক্তাক কঠোৰ শাস্তিৰ দাবী জনাইছে বাৰ এছ’চিয়েশ্যনে।