Advertisment

ৰঙাঘৰৰ আলহী শেখৰজ্যোতি , অমৃতপ্ৰভা

ৰঙাঘৰৰ আলহী হ’ল শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। SITৰ জিম্মাৰ পৰা শেখৰজ্যোতি, অমৃতপ্ৰভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। দুয়োৰে পৰৱৰ্তী ঠিকনা কি হ'ব ইয়াকে লৈ এতিয়া চলিছে চৰ্চা। 

 Filephoto
Filephoto

ৰঙাঘৰৰ আলহী শেখৰজ্যোতি , অমৃতপ্ৰভা

ৰঙাঘৰৰ আলহী হ’ল শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। SITৰ জিম্মাৰ পৰা শেখৰজ্যোতি, অমৃতপ্ৰভাক ন্যায়িক জিম্মালৈ প্ৰেৰণ। দুয়োৰে পৰৱৰ্তী ঠিকনা কি হ'ব ইয়াকে লৈ এতিয়া চলিছে চৰ্চা। 

Advertisment

জে’ললৈ প্ৰেৰণ কৰা হ'ল শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক। এইপৰ্যন্ত স্পষ্ট হোৱা নাই কোন জে’ললৈ নিয়া হ'ব দুয়োকে। আৰক্ষী-প্ৰশাসনে এইপৰ্যন্ত নিশ্চিত কৰা নাই দুয়োৰে পৰৱৰ্তী ঠিকনা। বৰ্তমান নাৰেংগীৰ আৰ্মী কেম্পত ৰখা হৈছে দুয়োজনকে। 

SITৰ জিম্মাত ম্যাদ উকলাৰ পাছত আজি পুৱাৰ ভাগত CJM আদালতলৈ লৈ যোৱা হৈছিল অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক। বুধবাৰে বাক্সাত সংঘটিত হোৱা ভয়ংকৰ ঘটনাৰ পাছতে অধিক কঠোৰ হৈছে নিৰাপত্তা প্ৰশাসনৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰে কামৰূপ CJM আদালতত হাজিৰ কৰা হৈছিল দুয়োজনকে। CJM আদালতত হাজিৰ কৰা পাছতে  CJM আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক।

১৯ ছেপ্তেম্বৰ অসমীয়াৰ বাবে এটা অভিশপ্ত দিন। এই দিনটোতে আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।  ছিংগাপুৰৰ য়ট পাৰ্টীত জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি হৈছিল, কি কাৰণত জুবিন গাৰ্গৰ দৰে এটা সত্বাক আমি হেৰুৱাবলগীয়া হ'ল তাৰ উত্তৰৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বাট চাই ৰৈছে ৰাজ্যবাসীয়ে।  

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰগতিত চলি আছে। SITয়ে ইতিমধ্যে জুবিন গাৰ্গক মৃত্যুৰ তদন্তৰ মাজতে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত থকা প্ৰৱাসী অসমীয়া কেইজনৰো অধিকাংশই অসমত উপস্থিত হৈ SITৰ তদন্তত সহযোগিতা কৰিছে।

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ পাছতে ৩ অক্টোবৰত SITয়ে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক। অমৃতপ্ৰভা মহন্ত হৈছে জুবিন গাৰ্গৰ সহশিল্পী আৰু শেখৰজ্যোতি গোস্বামী হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী। দুয়োজনে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰৰ য়ট পাৰ্টীত উপস্থিত আছিল। গ্ৰেপ্তাৰৰ পাছতে দুয়োজনকে ১৪ দিনৰ জিম্মাত লোৱা হৈছিল। আজি SITৰ জিম্মাৰ অন্ত পৰাৰ পাছতে দুয়োজনকে CJM আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। 

উল্লেখ্য যে ,জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ সময়তে ৰাজ্যজুৰি এই তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তোলাৰ লগতে প্ৰিয় শিল্পীগৰাকীৰ বাবে ন্যায়ৰ দাবী মুখৰিত হৈছে। এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তোলাৰ উদ্দেশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত ফাষ্টট্ৰেক ক’ৰ্ট গঠনৰ বাবে আহ্বান জনাবলৈও কেবিনেটত সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে।