Assameseকোনে মদ খুৱাইছিল জুবিন গাৰ্গক ?মদ খাই ভাল নাপাইছিল জুবিন গাৰ্গে। জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ জুবিন গাৰ্গৰ ওচৰে-পাজৰে থকা মানুহখিনিয়ে জুবিনক মদ খুৱাই দিছিল। SIT-এ দাখিল কৰা চাৰ্জশ্বীটত ওলাব ডাঙৰ তথ্য। জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ।Mrinmoy Talukdar Nov 19, 2025 13:35 ISTFilephotoকোনে মদ খুৱাইছিল জুবিন গাৰ্গক ?মদ খাই ভাল নাপাইছিল জুবিন গাৰ্গে। জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ জুবিন গাৰ্গৰ ওচৰে-পাজৰে থকা মানুহখিনিয়ে জুবিনক মদ খুৱাই দিছিল। SIT-এ দাখিল কৰা চাৰ্জশ্বীটত ওলাব ডাঙৰ তথ্য। জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ।Advertismentজুবিনবিহীনভাৱে কালি অসমীয়াই উদযাপন কৰিলে প্ৰাণৰ শিল্পীৰ ৫৩ সংখ্যক জন্মদিন। অবিশ্বাস্য হ’লেও ৫৩ সংখ্যক জন্মদিনত কায়িকভাৱে নাই জুবিন গাৰ্গ। জুবিন গাৰ্গৰ। কঠোৰ বাস্তৱক মানি অনুৰাগীয়ে পালন কৰিলে হাৰ্টথ্ৰব জুবিনৰ জন্মদিন। মায়াবিনী গীতেৰে জুবিনক সুঁৱৰিলে অনুৰাগী, ৰাজ্যবাসীয়ে। ওৰে নিশা জুবিন ক্ষেত্ৰত দেখা গ'ল অনুৰাগীৰ সোঁত। আহিছে বলীউডৰ শিল্পীও। জয় জুবিন দা ধ্বনিৰে মুখৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰ। জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। ‘মদ খাই ভাল নাপাইছিল জুবিন গাৰ্গে। জোৰকৈ জুবিন গাৰ্গক মদ খুওৱা হৈছিল। জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ একাংশই মদ খুৱাইছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে’। লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘ওচৰে-পাজৰে থকা মানুহে জুবিনক মদ খুৱাই দিছিল। মদ খুৱাই জুবিন গাৰ্গৰ দৰে সহজ-সৰল ল’ৰাজনক ব্যৱহাৰ কৰিছিল একাংশই। জুবিন গাৰ্গৰ ধন-সম্পত্তি লুটিবৰ বাবেই এই কু-চক্ৰান্ত চলোৱা হৈছিল বুলি মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। ১৯ ছেপ্তেম্বৰৰ সেই অভিশপ্ত দিনটোত কায়িকভাৱে আমাৰ মাজৰ পৰা আতৰি গৈছিল অসমীয়াৰ হাৰ্টথ্ৰৱ। ছিংগাপুৰত ৰহস্যজনক মৃত্যুক আকোৱালি লৈছিল প্ৰাণৰ শিল্পীয়ে। কিন্তু কি কাৰণত আৰু কি পৰিস্থিতিত আমি প্ৰাণৰ শিল্পীক হেৰুৱাবলগীয়া হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ত্তত। কিন্তু এয়া স্পষ্ট যে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ভেদ নোহোৱা পৰ্যন্ত আৰু জুবিন গাৰ্গে ন্যায় লাভ নকৰা পৰ্যন্ত প্ৰতিজন অসমীয়াৰ অন্তৰত জ্বলি থকা জুইকুৰা ক্ষান্ত নহয়। আনহাতে কালি ওপজা দিনটোতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ আহিছে এটা ইতিবাচক খবৰ। এখোজ আগবাঢ়িল জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া। ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বাধা আঁতৰিল। কেন্দ্ৰীয় চৰকাৰৰ পৰা যাৱতীয় অনুমতি লাভ কৰিলে অসম আৰক্ষীয়ে। BNSSৰ অধীনত ২০৮ ধাৰাৰ অনুমতি লাভ কৰিলে আৰক্ষীয়ে। বিদেশত হোৱা অপৰাধৰ গোচৰ আদালতলৈ নিবলৈ প্ৰয়োজন হয় ধাৰা ২০৮ত কেন্দ্ৰৰ অনুমতি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰয়োজনীয় এই অনুমতি প্ৰদান কৰিলে ৰাজ্য চৰকাৰক। ১০ ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব অসম চৰকাৰে। সামাজিক মাধ্যমযোগে অসমবাসীক এই খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Zubeen GargAdvertismentAdvertisment Read the Next Article