Advertisment

ভাৰতত কেন্সাৰত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক? কি কয় গৱেষণাই?

ভাৰতত কৰ্কট ৰোগত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক? মূলত কেন্সাৰত আক্ৰান্ত হোৱা মানে দুখীয়া-দৰিদ্ৰ লোকৰ বাবে ৰোগীক পুনৰোজ্জীৱিত কৰি তোলাতো অসম্ভৱ হৈ পৰে। এতিয়া মনলৈ অহা প্ৰশ্নটো হ'ল যে কৰ্কট ৰোগৰ মৃত্যুৰ ফলত মহিলাসকল বেছি প্ৰভাৱিত হয় নে পুৰুষ?

 ভাৰতত কেন্সাৰত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক? কি কয় গৱেষণাই?

কেন্সাৰ বা কৰ্কট ৰোগৰ নিৰাময়ৰ ঔষধ এতিয়াও ওলোৱা নাই। ভাৰতত প্ৰতি বছৰে লাখ লাখ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

Advertisment

পুৰুষ হওক মহিলা হওক এই ৰোগত আক্ৰান্ত হৈ বহু লোকে প্ৰাণ হেৰুৱাইছে। কেৱল প্ৰাণ হেৰুৱাই নহয়, কৰ্কট ৰোগত পৰিয়ালৰ কোনো লোক আক্ৰান্ত হ'লে পৰিয়ালটোৰ মূৰতো সৰি পৰে সৰগ। ৰোগীক আৰোগ্য কৰাৰ উদ্দেশ্যেৰে পৰিয়ালে মাটি-বাৰী বিক্ৰী কৰি সৰ্বস্বান্ত হ'বলগীয়া হয়। 

এতিয়া প্ৰশ্ন হয়, ভাৰতত এই একপ্ৰকাৰৰ মহামাৰী কৰ্কটত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক হয়? কেন্সাৰ কেৱল এটা ৰোগ নহয়, এই ৰোগ লাখ লাখ পৰিয়ালৰ জীৱন কঁপাই তোলা এক প্ৰত্যাহ্বান৷ মূলত কেন্সাৰত আক্ৰান্ত হোৱা মানে দুখীয়া-দৰিদ্ৰ লোকৰ বাবে ৰোগীক পুনৰোজ্জীৱিত কৰি তোলাতো অসম্ভৱ হৈ পৰে। এতিয়া মনলৈ অহা প্ৰশ্নটো হ'ল যে কৰ্কট ৰোগৰ মৃত্যুৰ ফলত মহিলাসকল বেছি প্ৰভাৱিত হয় নে পুৰুষ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ, কাৰণ এই প্ৰশ্নই ভাৰতীয় নাগৰিকক তথা বিজ্ঞানীক কৰ্কট ৰোগৰ সজাগতা বৃদ্ধিত সহায় কৰিব৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (ICMR)ৰ প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে ১৪ৰ পৰা ১৫লাখ লোক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায়। আক্ৰান্তৰ ভিতৰত মহিলাতকৈ পুৰুষৰ মৃত্যু সৰ্বাধিক। 

ইয়াত পুৰুষ-মহিলাই আক্ৰান্ত হোৱা কৰ্কট ৰোগৰ কিছু লক্ষণ লগতে ৰোগৰ কাৰক যেনে-----

মহিলাৰ কৰ্কট ৰোগঃ-
১. স্তন কেন্সাৰ - মহিলাৰ ক্ষেত্ৰত আটাইতকৈ সাধাৰণ আৰু মাৰাত্মক কৰ্কট ৰোগ। অৱশ্যে স্তন কেন্সাৰ আৰু কৰ্কট ৰোগত জীয়াই থকাৰ হাৰ মহিলাৰ ক্ষেত্ৰত সৰ্বাধিক। 
২. Surviving cancer - ভাৰতৰ মহিলাৰ মৃত্যুৰ দ্বিতীয় বৃহত্তম কাৰণ কৰ্কটৰ এই সংক্ৰমণ। পলমকৈ এই ৰোগ ধৰা পৰাৰ বাবে ৰোগীগৰাকীৰ অৱস্থা অধিকতৰ জটিল পৰ্যায়ত উপনীত হয়। সজাগতাৰ অভাৱ আৰু চিকিত্সাৰ অভাৱতো ৰোগীৰ মৃত্যু আংশকা বৃদ্ধি পায়।

পুৰুষৰ কৰ্কট ৰোগঃ- 
১. হাওঁফাওঁৰ কৰ্কট ৰোগ – ধূমপান আৰু প্ৰদূষণৰ বাবে। 
২. মুখৰ কৰ্কট ৰোগ – ধঁপাত আৰু গুটখাৰ বাবে বেছিকৈ হোৱা দেখা যায়। পুৰুষৰ ক্ষেত্ৰতো লিভাৰ কেন্সাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। 

দৰাচলতে এই ৰোগক অধিক মাৰাত্মক বুলি ভবা হয়। কিন্তু এই ৰোগৰ প্ৰতিৰোধৰ বিকল্প আছে। তাৰ বাবে অতি প্ৰয়োজন সজাগতাৰ। যদি মহিলাৰ কৰ্কট ৰোগ হয় তেন্তে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব। পুৰুষৰ বাবে ধূমপান, সুৰা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। লগতে সুষম খাদ্য আৰু ব্যায়াম পুৰুষ-মহিলা উভয়ৰ বাবে অতি প্ৰয়োজনীয়। যদিও ভাৰতত কৰ্কট ৰোগ এক বৃহৎ প্ৰত্যাহ্বান, কিন্তু সময়মতে ৰোগ চিনাক্ত আৰু সঠিক চিকিৎসাই হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। ভাৰতত কৰ্কট ৰোগত আক্ৰান্ত পুৰুষৰ সংখ্যা বেছি আৰু মৃত্যুৰ সংখ্যাও বেছি৷ গতিকে দুয়োৰে বাবে আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰাটো গুৰুত্বপূৰ্ণ।

বিঃদ্ৰঃ - এই প্ৰতিবেদন গৱেষণামূলক অধ্যয়ন আৰু বিশেষজ্ঞৰ মতামতৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। গতিকে আমাৰ বা চিকিৎসাৰ পৰামৰ্শৰ বিকল্প বুলি ভাবি নল'ব। যদি এনে সমস্যাত ভূগিছে তেন্তে চিকিৎসক বা সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লওক।