Advertisment

কাইলৈ ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্য!

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৩টা মাহ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। কাইলৈ SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য। 

 FILEPHOTO
FILEPHOTO

কাইলৈ ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্য!

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৩টা মাহ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। কাইলৈ SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য। 

Advertisment

কাইলৈ ১২ ডিচেম্বৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)য়ে দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। প্ৰতিদিনেই অসমীয়াই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে এই দিনটোলৈ। জুবিন গাৰ্গক হত্যা কৰা হৈছিল নে অৱহেলা কৰি মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিল- সকলো ৰহস্য ফাদিল হ'ব এই চাৰ্জশ্বীটত। 

১৯ ছেপ্তেম্বৰৰ এই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। তাৰ পাছতেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে গঠন কৰিছিল SIT। আনহাতে SITৰ তদন্তৰ মাজতেই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ কৰি জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছিল চাঞ্চল্যকৰ মন্তব্য। ৰহস্যজনক মৃত্যু নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল- স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল এই কথা। সংবাদমাধ্যমৰ সম্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৈছিল- ‘এতিয়া মই জুবিনৰ ৰহস্যজনক মৃত্যু বুলি নকওঁ, ডাইৰেক্ট হত্যা বুলিয়ে কম’। কিন্তু প্ৰশ্ন হৈছে যদি জুবিন গাৰ্গক হত্যা কৰা হৈছে তেনেহলে কিয়, কিহৰ বাবে হত্যা কৰা হ'ল জুবিন গাৰ্গক? কোনে হত্যা কৰিলে প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক? 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। ৰাজ্যবাসীয়ে অব্যাহত ৰাখিছে হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰৰ সঠিক তদন্তৰ দাবী। তাৰ মাজতেই কাইলৈ দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। এই চাৰ্জশ্বীটতে ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সকলো ৰহস্য।

Advertisment
Advertisment