Assameseনাবালিকাৰে জঘন্য কাণ্ড ইটা ভাটাৰ মালিকৰৰাজ্যত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এগৰাকী নাবালিকাক ধৰ্ষন কৰি অন্তঃসত্বা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল ইটা ভাটাৰ মালিক। HBI ইটাভাটাৰ স্বত্বাধিকাৰী মহম্মদ আলী নামৰ এটা নৰপিশাচৰ বিৰুদ্ধে এই অভিযোগ। Mrinmoy Talukdar Dec 11, 2025 15:08 ISTনাবালিকাৰে ইটা ভাটাৰ মালিকৰ জঘন্য কাণ্ডনাবালিকাৰে জঘন্য কাণ্ড ইটা ভাটাৰ মালিকৰৰাজ্যত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এগৰাকী নাবালিকাক ধৰ্ষন কৰি অন্তঃসত্বা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল ইটা ভাটাৰ মালিক। HBI ইটাভাটাৰ স্বত্বাধিকাৰী মহম্মদ আলী নামৰ এটা নৰপিশাচৰ বিৰুদ্ধে এই অভিযোগ। Advertismentনাবালিকাক অন্তঃসত্বা কৰি গ্ৰেপ্তাৰ হ'ল বৰগাং ইটা ভাটাৰ মালিক মহম্মদ আলী। এগৰাকী ১৫ বছৰীয়া নাবালিকাক বিগত ৭ মাহ পূৰ্বে বৰগাঙস্থিত HBI ইটাভাটাৰ স্বত্বাধিকাৰী মহম্মদ আলি নামৰ এটা নৰপিশাঁচে ধৰ্ষণ কৰিছিল। তাৰ পাছতেই অন্তঃসত্বা হয় নাবালিকাজনী। তাৰ পাছতেই আৰক্ষীৰ জালত বিশ্বনাথ জিলাৰ বৰগাঙৰ HBI ইটাভাটাৰ মালিক মহম্মদ আলী।ঘটনা অনুসৰি বিহালীৰ বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত মৰাণ গাঁও ভুঞাঁবস্তীৰ এগৰাকী ১৫ বছৰীয়া নাবালিকাক বিগত ৭ মাহ পূৰ্বে বৰগাঙস্থিত HBI ইটাভাটাৰ স্বত্বাধিকাৰী মহম্মদ আলি নামৰ এটা নৰপিশাঁচে ধৰ্ষণ কৰিছিল। যাৰ ফলত নাবালিকাজনী অন্তঃসত্ত্বা হয়৷ নাবালিকাজনী অন্তঃসত্ত্বা হোৱাত HBI ইটা ভাটাৰ মালিক মহম্মদ আলীয়ে সমস্ত ঘটনা গাপ দিৱলৈ নাবালিকা গৰাকীক এক প্ৰকাৰে অপহৰণ কৰাৰ দৰে বিভিন্ন স্থানত লুকুৱাই ৰাখিছিল৷উত্থাপিত অভিযোগ মতে দীৰ্ঘদিন ধৰি বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত মৰানগাওঁৰ নিবাসী লাডু কৰ্মকাৰ নামৰ এগৰাকী মহিলাৰ বাসগৃহত অন্তঃসত্ত্বা হোৱা নাবালিকা গৰাকীক লুকুৱাই ৰাখিছিল নৰপিশাচ মহম্মদ আলীয়ে৷ উল্লেখ্য যে বিগত ৬ মাহ দিন ধৰি বিহালীৰ বৰগাং আৰক্ষী চকীৰ নাতি দূৰৈত সংঘটিত ভয়ংকৰ ঘটনাটোৰ কেনো শুং সুত্ৰ লাভ কৰা নাছিল আৰক্ষীয়ে৷ তাৰ মাজতে ৭ ডিচেম্বৰ তাৰিখে নাবালিকা অন্তঃসত্ত্বাৰ ঘটনা সন্দৰ্ভত আৰক্ষী চকীত এক এজাহাৰ দাখিল হোৱাৰ পিছত আৰক্ষীয়ে সমস্ত ঘটনা তদন্ত কৰি ইতিমধ্যে আজি এই ঘটনাৰ মূল অভিযুক্ত মহম্মদ আলীক কলিয়াবৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে । এই ঘটনা সন্দৰ্ভত বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে এক সংবাদমেল যোগে সমস্ত ঘটনা বৰ্ণনা কৰাৰ লগতে অন্তঃসত্ত্বা নাবালিকাজনী চি ডব্লিউ চিৰ তত্বাৱধানত আছে বুলি জানিব পৰা গৈছে৷AdvertismentAdvertisment Read the Next Article