Advertisment

চাৰ্জশ্বীট দাখিল, ৰহস্য জানিবলৈ অপেক্ষাৰত অসমীয়া

১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? বিগত প্ৰায় ৩টা মাহেই প্ৰতিজন অসমীয়াৰ মনত এটায়েই প্ৰশ্ন- কিয় আমি প্ৰাণৰ শিল্পীক হেৰুৱাবলগীয়া হ'ল?  আজি দাখিল হ'ল জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। 

 Filephoto
Filephoto

চাৰ্জশ্বীট দাখিল, ৰহস্য জানিবলৈ অপেক্ষাৰত অসমীয়া 

১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? বিগত প্ৰায় ৩টা মাহেই প্ৰতিজন অসমীয়াৰ মনত এটায়েই প্ৰশ্ন- কিয় আমি প্ৰাণৰ শিল্পীক হেৰুৱাবলগীয়া হ'ল?  আজি ১২ ডিচেম্বৰ, প্ৰতিজন অসমীয়াই আগ্ৰহেৰে অপেক্ষা কৰি থকা এটা দিন। ইতিমধ্যেই দাখিল হ'ল জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। 

Advertisment

Read More-  পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা

দাখিল হ’ল জুবিন গাৰ্গ ঘটনাৰ তদন্তৰ চাৰ্জশ্বীট। কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চাৰ্জশ্বীট দাখিল। প্ৰায় ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিলে SIT-এ। চাৰ্জশ্বীটত কি আছে সেয়া জানিবলৈ উদগ্ৰীৱ অসমবাসী। 

Read More- বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে কোটি কোটি টকা

জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিলে SIT-এ। ১৮/২৫নং গোচৰৰ চাৰ্জশ্বীট দাখিল SITৰ। অৱশ্যে অভিযোগনামাখন জমা দিলেও ৰাজহুৱা হোৱাৰ সম্ভাৱনা ক্ষীণ। প্ৰামাণিক প্ৰতিলিপিৰ বাবে অপেক্ষা কৰিব লাগিব সোমবাৰলৈ। চাৰ্জশ্বীটক লৈ মুন্নাপ্ৰসাদ গুপ্তাই সম্বোধন কৰিব সংবাদেল। 

Read More- ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এবছুৰ গৰ্জন

অপেক্ষাৰ অন্ত পৰিল। অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)য়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। প্ৰতিজন অসমীয়াই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল এই দিনটোলৈ। জুবিন গাৰ্গক হত্যা কৰা হৈছিল নে অৱহেলা কৰি মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিল- সকলো ফাদিল হ'ব এই ৰহস্যত। 

Read More- নীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনি

১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। তাৰ পাছতেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে গঠন কৰিছিল SIT। আনহাতে SITৰ তদন্তৰ মাজতেই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ৰহস্য ভেদ কৰি জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছিল চাঞ্চল্যকৰ মন্তব্য। ৰহস্যজনক মৃত্যু নহয়, জুবিন গাৰ্গক হত্যা কৰা হৈছিল- স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল এই কথা। সংবাদমাধ্যমৰ সম্মুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে কৈছিল- ‘এতিয়া মই জুবিনৰ ৰহস্যজনক মৃত্যু বুলি নকওঁ, ডাইৰেক্ট হত্যা বুলিয়ে কম’। ইতিমধ্যে বিধানসভাতো মুখ্যমন্ত্ৰীয়ে কৈছে, ছিংগাপুৰত এজনে হত্যা কৰিছিল জুবিন গাৰ্গক। হত্যাত ৪–৫জনে সহায় কৰিছিল। ক'ভিডৰ সময়ৰ পৰা ৰচিত হৈছিল জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ। টকা–পইচাৰ বাবে হত্যা কৰা হৈছিল জুবিন গাৰ্গক।

Read More- আত্মসমর্পণ নকৰো, আমি যুঁজিম। অচিনাকিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ।

যিহেতু SITএ চাৰ্জশ্বীট দাখিল কৰিলে, গতিকে এতিয়া চাৰ্জশ্বীটত কি আছে সেয়া জানিবলৈ অপেক্ষাৰত প্ৰতিজন অসমীয়া। প্ৰশ্ন হৈছে এজনো দোষী সাৰি যাব নোৱৰাকৈ পানী নসৰকা চাৰ্জশ্বীট দাখিল কৰিব পাৰিবনে SITএ? কাৰণ জুবিন গাৰ্গে ন্যায় লাভ নকৰা পৰ্যন্ত প্ৰতিজন অসমীয়াৰ অন্তৰত জ্বলি থকা জুইকুৰা ক্ষান্ত নহয়।

Advertisment
Advertisment