Advertisment

'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী

ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ দৰেই জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আজি দাখিল কৰা হ’ল জুবিন গাৰ্গৰ সৈতে হোৱা ঘটনাৰ চাৰ্জশ্বীট। এতিয়া আদালতে শুনানি গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি দিব। চাৰ্জশ্বীট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। 

 Filephoto
Filephoto

'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী

ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ দৰেই জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। সেই দায়িত্ব পালন কৰি আজি দাখিল কৰা হ’ল জুবিন গাৰ্গৰ সৈতে হোৱা ঘটনাৰ চাৰ্জশ্বীট। এতিয়া আদালতে শুনানি গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি দিব। ন্যায়ৰ প্ৰক্ৰিয়াক সকলোৱে সন্মান জনোৱা উচিত। জুবিন গাৰ্গৰ ঘটনাক লৈ চাৰ্জশ্বীট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। 

Advertisment

Read More- কি কি আছে চাৰ্জশ্বীটত? ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা
 
জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিলে SIT-এ। কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হ'ল চাৰ্জশ্বীট। ১৮/২৫নং গোচৰৰ চাৰ্জশ্বীট দাখিল SITৰ। অৱশ্যে অভিযোগনামাখন জমা দিলেও ৰাজহুৱা হোৱাৰ সম্ভাৱনা ক্ষীণ। প্ৰামাণিক প্ৰতিলিপিৰ বাবে অপেক্ষা কৰিব লাগিব সোমবাৰলৈ। চাৰ্জশ্বীটক লৈ মুন্নাপ্ৰসাদ গুপ্তাই সম্বোধন কৰিব সংবাদেল। 

Read More- চাৰ্জশ্বীট দাখিল, ৰহস্য জানিবলৈ অপেক্ষাৰত অসমীয়া

কিছু সময় পূৰ্বে SIT-এ দাখিল কৰিলে জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। ন্যায়িক জিম্মাত থকা ৪ অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ১০৩ ধাৰা। BNSৰ ১০৩ ধাৰা প্ৰয়োগ হয় হত্যাৰ গোচৰত। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ১০৩ ধাৰা।  

Read More- পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা

আনহাতে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে চাৰ্জশ্বীটত লগোৱা হৈছে ১০৫ ধাৰা। লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী  নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে BNS ৩১৬ ধাৰা।  

Read More- ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এবছুৰ গৰ্জন

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত CIDত ৰুজু হৈছিল দুটা গোচৰ। ইয়াৰে আজি ১৮/২৫ নম্বৰ গোচৰৰ চার্জশ্বীট দাখিল কৰা হয়। এই চাৰ্জশ্বীটত আছে বহু চাঞ্চল্যকৰ তথা বিস্ফোৰক তথ্য।

Read More- বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে কোটি কোটি টকা

আনহাতে চাৰ্জশ্বীট দাখিলৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। সংবাদমাধ্যমৰ সম্মুখত মুখ্যমন্ত্ৰীয়ে ক'লে- 'অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতেই SIT-এ অভিলেখসংখ্যক সময়ৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিলে। জুবিনক ন্যায় দিম বুলি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলো। প্ৰতিশ্ৰুতি মতেই আজি গুৱাহাটীৰ আদালতত চাৰ্জশ্বীট দাখিল কৰা হ'ল। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছো। মই ভাবো এতিয়া আদালতে দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব'। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- 'আদালতৰ নিৰপেক্ষতাৰ ওপৰত আমাৰ বিশ্বাস আছে।  আমি সকলোৱে ন্যায় প্ৰক্ৰিয়াক সন্মান কৰা উচিত'।

Advertisment
Advertisment