Advertisment

ভাৰতভূমিত কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি

ভাৰতভূমিত কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি। প্রতীক্ষাৰ অৱসান ঘটাই G.O.A.T. India Tour 2025ৰ অংশৰূপে পুৱতি নিশা কলকাতাত ভৰি থ’লে লিঅ’নেল মেছিয়ে। প্রায় ১৪ বছৰৰ পাছত ভাৰতলৈ অহা মেছিক আদৰণি জনাবলৈ কলকতা বিমান বন্দৰৰ বাহিৰে ভিতৰে অগনন অনুৰাগীৰ ভিৰ।

 filephoto
filephoto

ভাৰতভূমিত কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি


ভাৰতভূমিত কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি। প্রতীক্ষাৰ অৱসান ঘটাই G.O.A.T. India Tour 2025ৰ অংশৰূপে পুৱতি নিশা কলকাতাত ভৰি থ’লে লিঅ’নেল মেছিয়ে। প্রায় ১৪ বছৰৰ পাছত ভাৰতলৈ অহা মেছিক আদৰণি জনাবলৈ কলকতা বিমান বন্দৰৰ বাহিৰে ভিতৰে অগনন অনুৰাগীৰ ভিৰ।

Advertisment

Read More- নীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনি
 

প্রতীক্ষাৰ অৱসান ঘটাই শুকুৰবাৰে ভাৰত পালে আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি। G.O.A.T. India Tour 2025ৰ অংশৰূপে ১৪ বছৰৰ পাছত ভাৰতলৈ আহিছে লিঅ’নেল মেছি। মেছিক আদৰণি জনাবলৈ পুৱতি নিশা কলকতা বিমান বন্দৰৰ বাহিৰে ভিতৰে দেখিবলৈ পোৱা গ'ল অনুৰাগীৰ ভিৰ। ভাৰত আৰু আর্জেন্টিনাৰ পতাকা জোকাৰি উচ্ছ্বাস হাজাৰ হাজাৰ অনুৰাগীৰ।

  Read More- ১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ

মেছিৰ সৈতে আহিছে প্রিয় বন্ধু তথা উৰুগুৱেৰ ফুটবলাৰ লুই ছুৱাৰেছ। লগতে আহিছে আর্জেন্টিনাৰ ফুটবলাৰ ৰদ্রিগো ডি’পল। মেছিৰ সৈতে একেলগে বিমান বন্দৰৰ পৰা ওলাই আহিল শ্বাহৰুখ খানো। কটকটীয়া নিৰাপত্তাৰ মাজেৰে হোটেললৈ অগ্ৰসৰ হ’ল লিঅ’নেল মেছি।

Read More- টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!

পুৱা ৯.৩০ বজাত মীট এণ্ড গ্ৰীট পৰ্বত অংশ ল’লে কিংবদন্তি ফুটবলাৰ মেছিয়ে। আনহাতে ১০.৩০ বজাত মেছিয়ে ভার্চুৱেলী উন্মোচন কৰিলে নিজৰ মূৰ্তি। তাৰ পাছতে যুৱভাৰতীলৈ গ'ল লিঅ’নেল মেছি। আনহাতে দুপৰীয়া মেছিয়ে অংশ ল’ব চেলিব্ৰেটি ফ্ৰেইণ্ডলি মেছ আৰু সম্বৰ্ধনা-আলাপত। 

Read More- মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইন

বিয়লি ২ বজাত হায়দৰাবাদলৈ ৰাওনা হ’ব মেছি। কলকতাত শীৰ্ষ আৰক্ষী বিষয়াসহ ২০০০ আৰক্ষী নিয়োজিত কৰা হৈছে মেছিৰ নিৰাপত্তাৰ বাবে। ছল্টলেক ষ্টেডিয়ামৰ বাহিৰত নিৰ্মাণ কৰা হৈছে মেছি ফেন জ’ন। ফুটবলৰ ৰাজপুত্ৰক একপ্ৰকাৰ ৰাজকীয় আদৰণি কলকতাবাসীৰ।

Read More- বাবৰি মছজিদ নিৰ্মান হ'বনে? আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰলৈ হত্যাৰ ভাবুকি

আনহাতে হায়দৰাবাদত সন্ধিয়া গোট কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব মেছিয়ে। নিশা তেলেগু ছবিজগতৰ তাৰকা শিল্পীৰে মেছিৰ আছে এক বিশেষ অনুষ্ঠান। মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ আহ্বানত নৈশ ভোজত অংশ ল’ব মেছিয়ে। 

Read More- মোদী-শ্বাহৰ অসম ভ্ৰমণ... কি কি উপহাৰ পাব অসমবাসীয়ে?

কাইলৈ মেছিয়ে মুম্বাইত ক্রিকেট ক্লাব অফ ইণ্ডিয়াৰ পেডেল কাপত অংশ ল’ব। বিয়লি দেশৰ খ্যাতনামা ফুটবলাৰৰে এখন মেছতো অংশ ল’ব মেছিয়ে। আনহাতে সন্ধিয়া ৱাংখেড় ষ্টেডিয়ামত সম্বৰ্ধনাৰ লগতে এটা বিশেষ অনুষ্ঠানত ল’ব অংশ মেছিয়ে। লগতে ১৫ ডিচেম্বৰত দিল্লীত মেছিয়ে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সেই দিনাই অৰুণ জেটলি ষ্টেডিয়ামত এক অনুষ্ঠানতো উপস্থিত থাকিব ফুটবল কিংবদন্তিগৰাকী।

Advertisment
Advertisment