Advertisment

বাবৰি মছজিদ নিৰ্মান হ'বনে? আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰলৈ হত্যাৰ ভাবুকি

পশ্চিমবংগৰ মুৰ্ছিদাবাদত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। বাবৰি মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰক হত্যাৰ ভাবুকি। দেশৰ ভিন্ন স্থানৰ পৰা হুমায়ুন কবীৰলৈ আহিছে ভাবুকিভৰা ফোনকল।

 Filephoto
Filephoto

বাবৰি মছজিদ নিৰ্মান হ'বনে?
আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰলৈ হত্যাৰ ভাবুকি

Advertisment

৬ ডিচেম্বৰত পশ্চিমবংগৰ মুৰ্ছিদাবাদত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। বাবৰি মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰক হত্যাৰ ভাবুকি। দেশৰ ভিন্ন স্থানৰ পৰা হুমায়ুন কবীৰলৈ আহিছে ভাবুকিভৰা ফোনকল। নিৰাপত্তা বিচাৰি কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বিধায়কগৰাকী। 

Read More- বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে কোটি কোটি টকা

পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মান কৰা হ'ব বাবৰি মছজিদ। ৬ ডিচেম্বৰত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। বাবৰি মছজিদ নিৰ্মানৰ নেতৃত্বত পশ্চিমবংগৰ তৃণমুল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰ। 

Read More- পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা

বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে বাকচে বাকচে টকা। হিয়া উজাৰি কোটি কোটি অনুদান দিছে মুছলমান সমাজে। টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছিল কেইবাটাও মেচিন। এইপৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে ৩ কোটি অনুদান। 

Read More- ভয়ংকৰ! নিষ্ঠুৰ পিতৃ-মাতৃয়ে হত্যা কৰি জ্বলাই দিলে সন্তানক

জানিব পৰা মতে, বাবৰি মছজিদ নিৰ্মাণত ব্যয় হ'ব প্ৰায় ৬৫ কোটি টকা। অনলাইন আৰু অফলাইনযোগে এইপৰ্যন্ত বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে ৩ কোটি টকা অনুদান। বিধায়ক হুমায়ুন কবীৰে দিছিল দিছিল এক ফেচবুক লাইভ। ফেচবুক লাইভ দেখি হতচকিত হৈছিল সকলো। ফেচবুক লাইভত দেখিবলৈ পোৱা গৈছিল যে বাবৰি মছজিদ নিৰ্মাণৰ বাবে অহা অনুদানৰ টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছিল কেইবাটাও মেচিন। বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোনো অজ্ঞাত ব্যক্তিয়েও দিছিল ৮০ লাখ টকা। 

Read More- মোদী-শ্বাহৰ অসম ভ্ৰমণ... কি কি উপহাৰ পাব অসমবাসীয়ে?

কিন্তু তাৰ মাজতেই বাবৰি মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা বিধায়ক হুমায়ুন কবীৰলৈ আহিছে হত্যাৰ ভাবুকি। দেশৰ ভিন্ন স্থানৰ পৰা হুমায়ুন কবীৰলৈ আহিছে ভাবুকিভৰা ফোনকল। এতিয়া নিৰাপত্তা বিচাৰি কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বিধায়কগৰাকী। 

Read More- 'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী

উল্লেখ্য যে অযোধ্যাত ভাঙি পেলোৱা বাবৰি মছজিদৰ আৰ্হিত পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ কৰা হৈছে এটা মছজিদ। যোৱা ৬ ডিচেম্বৰত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰিছিল বিধায়ক হুমায়ুন কবীৰে। বিধায়ক হুমায়ুন কবীৰে দাবী কৰা অনুসৰি আধাৰশিলা স্থাপনৰ মাত্ৰ তিনি-চাৰি দিনৰ ভিতৰতে বাবৰি মছজিদ নিৰ্মাণৰ বাবে আহিছে ৩ কোটি টকা অনুদান। আনহাতে বাবৰি মছজিদ আধাৰশিলা স্থাপনৰ পিছতে হুমায়ুন কবীৰৰ বিৰুদ্ধে সাম্প্ৰদায়িক উত্তেজনা, উচটনি দিয়া আৰু বাবৰি মছজিদ বিষয়টোক লৈ ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে বিধায়ক হুমায়ুন কবীৰক ইতিমধ্যেই দলৰ পৰা নিলম্বনো কৰিছে শাসকীয় তৃণমুল কংগ্ৰেছ দলে।

Advertisment
Advertisment