Advertisment

মোদী-শ্বাহৰ অসম ভ্ৰমণ... কি কি উপহাৰ পাব অসমবাসীয়ে?

অহা ২০ আৰু ২১ ডিচেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীত গুৱাহাটী এয়াৰপৰ্ট উদ্বোধন, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ কৰা অংশৰ আধাৰশিলা অনুষ্ঠানকে ধৰি ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে।

মোদী-শ্বাহৰ অসম ভ্ৰমণ

গুৱাহাটী, ১৩ ডিচেম্বৰঃ অহা ২০/২১ ডিচেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণসূচীত গুৱাহাটী এয়াৰপৰ্ট উদ্বোধন, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ কৰা অংশৰ আধাৰশিলা অনুষ্ঠানকে ধৰি ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Advertisment

ALSO READ: হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য?

লগতে চলিত মাহৰ শেষৰ সপ্তাহত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পুঁজিৰে নিৰ্মাণ কৰা ব্ৰতদোৱা প্ৰকল্পৰ উদ্বোধনৰ লগতে কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আগন্তুক এই ভ্ৰমণসূচী সন্দৰ্ভত জানিবলৈ দিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

ALSO READ: অৰুণাচলত দুটাকৈ সন্দেহজনক ISIৰ এজেণ্টক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে ৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া জাগীৰোড মহাবিদ্যালয়ৰ নতুন বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে এই কথা। লগতে তেওঁ জাগীৰোড সমষ্টিৰ অন্তৰ্গত ৮২ গৰাকী ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি বিতৰণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।

Advertisment
Advertisment