Advertisment

ভয়ংকৰ! নিষ্ঠুৰ পিতৃ-মাতৃয়ে হত্যা কৰি জ্বলাই দিলে সন্তানক

সন্তানক মৰিয়াই হত্যা কৰি জ্বলাই দিলে পিতৃ–মাতৃয়ে। নলবাৰীৰ ডিপ্তা গাঁৱত গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। ডিপ্তা গাঁৱৰ আয়াম আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। নিষ্ঠুৰ পিতৃ-মাতৃৰ অমানৱীয় কাৰ্যক লৈ চৌদিশে চাঞ্চল্য।

 filephoto
filephoto

ভয়ংকৰ! নিষ্ঠুৰ পিতৃ-মাতৃয়ে হত্যা কৰি জ্বলাই দিলে সন্তানক

সন্তানক মৰিয়াই হত্যা কৰি জ্বলাই দিলে পিতৃ–মাতৃয়ে। নলবাৰীৰ ডিপ্তা গাঁৱত গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। ডিপ্তা গাঁৱৰ আয়াম আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। নিষ্ঠুৰ পিতৃ-মাতৃৰ অমানৱীয় কাৰ্যক লৈ চৌদিশে চাঞ্চল্য।

Advertisment

Read More- নিজক উদঙাই সকলো খিনি দিছিল জুবিনে

এক ভয়ংকৰ, শিহৰণকাৰী ঘটনা সংঘটিত হৈছে নলবাৰীত। কিমান নিষ্ঠুৰ হ'লে এহাল পিতৃ-মাতৃয়ে নিজ সন্তানক হত্যা কৰিব পাৰে? এহাল নিষ্ঠুৰ পিতৃ-মাতৃৰ অমানৱীয় কাৰ্যক লৈ নলবাৰীৰ চৌদিশে চাঞ্চল্য। নিষ্ঠুৰ পিতৃ-মাতৃয়ে হত্যা কৰি জ্বলাই দিলে নিজৰ সদ্যজাত সন্তানক।

 Read More- হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য?

জানিব পৰা মতে, নলবাৰীৰ ডিপ্তা গাঁৱৰ আয়াম আলীৰ ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আয়াম আলীৰ পত্নীয়ে বৃহস্পতিবাৰে জন্ম দিছিল এটা পুত্ৰ সন্তান। কিন্তু নিশাই সদ্যজাত সন্তানটিক হত্যা কৰি জ্বলাই দিয়াৰ অভিযোগ আয়াম আলী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে। এই ঘটনাক লৈ এতিয়া চৌদিশে চাঞ্চল্যই বিৰাজ কৰিছে। ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু এই ভয়ংকৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে আয়াম আলী আৰু তেওঁৰ পত্নীক।

 Read More- 'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী

উল্লেখ্য যে পেচাত গাড়ী মেকানিক আয়াম আলীৰ পত্নী নাচিমা বিবিয়ে বৃহস্পতিবাৰে জন্ম দিছিল এটা পুত্ৰ সন্তান। তাৰ পাছতেই নিশাৰ ভাগত সদ্যজাত পুত্ৰ সন্তানটিক জ্বলাই হত্যা কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলটোত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। এই কথা চৌদিশে বিয়পি পৰাত ঘটনাস্থলীত উপস্থিত হয় নলবাৰী সদৰ আৰক্ষীৰ এটা দল। আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ পুংখানুপুংখভাৱে সমগ্ৰ ঘটনাৰ তদন্ত কৰে। ইতিমধ্যে আৰক্ষীয়ে নিষ্ঠুৰ মাতৃ গৰাকীক আটক কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছে। স্থানীয় লোকে জনোৱা মতে মহিলা গৰাকী মানসিক ৰোগত আক্ৰান্ত ।

 Read More- পাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায়

Advertisment
Advertisment