Assamese'আমাক নিৰ্বাচনী ললিপপ নালাগে'-বিজেপি চৰকাৰক হুংকাৰ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা আৰু সহ্য কৰা নহ'ব। বিজেপি চৰকাৰৰ ললিপপ কোনোপধ্যেই মানি নলও। জনজাতিকৰনৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ হুংকাৰ।Mrinmoy Talukdar Dec 14, 2025 14:34 ISTFilephoto'আমাক নিৰ্বাচনী ললিপপ নালাগে'-বিজেপি চৰকাৰক হুংকাৰ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা আৰু সহ্য কৰা নহ'ব। বিজেপি চৰকাৰৰ ললিপপ কোনোপধ্যেই মানি নলও। জনজাতিকৰনৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ হুংকাৰ।AdvertismentRead More- কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুইজনজাতিকৰনক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ হুংকাৰ খিলঞ্জীয়াৰ। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনত নামিব সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে।Read More- মেছিক চাবলৈ নাপালে অনুৰাগীয়ে, খঙত ভাঙিলে চকী৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য। এফালে জনজাতিকৰণৰ দাবী, আনফালে জনজাতিকৰণৰ বিৰোধিতা। তাৰ মাজতেই এইবাৰ চাবুৱাৰ পৰাই বিজেপি চৰকাৰক হুংকাৰ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ। ’২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহ’লে হ’ব ব্যাপক আন্দোলন।Read More- মিঞাৰ আগ্ৰাসন, মিঞাৰ আক্ৰমণত ভীতিগ্ৰস্ত খিলঞ্জীয়া৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ খনৰ প্ৰতাৰণা আৰু সহ্য কৰা নহ'ব। চৰকাৰৰ নিৰ্বাচনী ললিপপ এতিয়া আৰু কোনোপধ্যেই মানি নলয় মটক জনগোষ্ঠীয়ে। বিজেপি চৰকাৰৰ হোহোকা পিচলা নীতিত ক্ষুব্দ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন। সাময়িকভাৱে স্থগিত ৰখা জনজাতিকৰণৰ আন্দোলন পুনৰ আৰম্ভ কৰাৰ হুংকাৰ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ।Read More- বাবৰি মছজিদ নিৰ্মান হ'বনে? আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰলৈ হত্যাৰ ভাবুকিকেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী দুৰ্গা দাসে জনজাতিকৰনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰা কোনো প্ৰস্তাৱ অহা নাই আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগত কোনো যোগাযোগ হোৱা নাই বুলি কৰা মন্তব্যৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব। চাবুৱাৰ পৰাই এইবাৰ হিমন্ত বিশ্ব শৰ্মালৈ হুংকাৰ জনগোষ্ঠীয় সংগঠনৰ। ’২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী কৰি জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই ক'লে- প্ৰত্যেক বাৰেই চৰকাৰে দি অহা প্ৰাক নিৰ্বাচনী ললিপপ এইবাৰ কোনো পধ্যেই গ্ৰহন নকৰে মটক জনগোষ্ঠীয়ে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা আৰু সহ্য কৰা নহ'ব। ’২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহ’লে ৰাজ্যত হ’ব ব্যাপক আন্দোলন।AdvertismentAdvertisment Read the Next Article