Advertisment

মিঞাৰ আগ্ৰাসন, মিঞাৰ আক্ৰমণত ভীতিগ্ৰস্ত খিলঞ্জীয়া

তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাত মিঞাৰ আগ্ৰাসন। আগ্ৰাসী মিঞাৰ বাবে ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বামুন্দী বিষ্ণুপুৰৰ খিলঞ্জীয়াই ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ-যুগ ধৰি জীৱন-নিৰ্বাহ কৰা ভূমিত ভয়-ভাবুকি দেখুৱাই ভূমি দখলৰ চেষ্টা কৰিছে আগ্ৰাসী মিঞাই।

তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাত মিঞাৰ আগ্ৰাসন

আগ্ৰাসী মিঞাৰ বাবে ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বামুন্দী বিষ্ণুপুৰৰ খিলঞ্জীয়াই ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ-যুগ ধৰি জীৱন-নিৰ্বাহ কৰা ভূমিত ভয়-ভাবুকি দেখুৱাই ভূমি দখলৰ চেষ্টা কৰিছে আগ্ৰাসী মিঞাই।

Advertisment

তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰা নন কে অঞ্চলত এতিয়া চলিছে মিঞাৰ আগ্ৰাসন। আগ্ৰাসী মিঞাৰ আক্ৰমণত এতিয়া ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বামুন্দী বিষ্ণুপুৰৰ খিলঞ্জীয়া লোকে ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ-যুগ ধৰি খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু সেই ভূমি এতিয়া খিলঞ্জীয়াক ভয়-ভাবুকি দেখুৱাই দখলৰ চেষ্টা কৰিছে আগ্ৰাসী মিঞাই। ইতিমধ্যে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শিলৰদিয়াত খিলঞ্জীয়াই খেতি-বাতি কৰি থকা ভূমি দখল কৰি আগ্ৰাসী মিঞাই সাজি লৈছে ঘৰ। তেনে সময়তে হাতীমূৰা নন কে অঞ্চলত খিলঞ্জীয়াৰ কেইবাটাও জুপুৰি ঘৰ জ্বলাই দিয়াৰ লগতে কাটা তাঁৰৰ বেৰ উঠাই দি ভূমি দখলৰ বাবে উঠি-পৰি লাগিছে আগ্ৰাসী মিঞাই।

ALSO READ: হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য?

মিঞাৰ এই ভয়-ভাবুকিত শংকিত হৈ পৰিছে খিলঞ্জীয়া। ইতিমধ্যে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত শিবিনা অঞ্চলৰ মিঞাই খিলঞ্জীয়াই কৰা খেতি নষ্ট কৰি পেলোৱাৰ উপৰিও ভাঙি পেলাইছে চৰকাৰী আঁচনিৰ ফলক। এই বিষয়ে শুৱালকুছি নদী আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতো মিঞাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ খিলঞ্জীয়াৰ। আগ্ৰাসী মিঞাৰ ভয়-ভাবুকিত ত্ৰাহি মধুসূধন সুঁৱৰা হাজোৰ গো-মহ পালকসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ নিৰপত্তা সু-নিশ্চিত কৰাৰ বাবে জনালে দাবী।

ALSO REAd: পত্নীহন্তাক যাৱজ্জীৱন কাৰাদণ্ড

Advertisment
Advertisment