Assameseপত্নীহন্তাক যাৱজ্জীৱন কাৰাদণ্ডকাছাৰত পত্নীহন্তাক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। পত্নী হত্যাকাৰী স্বামী অপন দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে।Jyotiprasad Sarma Dec 13, 2025 13:52 ISTপত্নীহন্তাক যাৱজ্জীৱন কাৰাদণ্ড Photograph: (DY365)পত্নীহন্তাক যাৱজ্জীৱন কাৰাদণ্ডকাছাৰত পত্নীহন্তাক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। পত্নী হত্যাকাৰী স্বামী অপন দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে।AdvertismentAlso Read: হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য?ঘটনা অনুসৰি ২০২০ চনৰ ১৭ জুনত কাছাৰৰ ধোৱাৰবন্দত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। যি ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ। কাছাৰৰ ধোৱাৰবন্দ নিউ বাগবাহাৰৰ অপন দাসৰ পত্নীৰ সৈতে সামন্য কথাতে কাজিয়াৰ সূত্ৰপাত হৈছিল। কথাৰ তৰ্কা-তৰ্কীৰ মাজতে অভিযুক্ত অপন দাসে কাঠৰ টুকুৰাৰে পত্নীৰ মূৰত আঘাত কৰে।Also Read: ভাৰতভূমিত কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছিফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয় পত্নীয়ে। ঘটনাৰ পিছতে আপোনঘাতীৰ চেষ্টা চলাইছিল অপন দাসে। স্থানীয় ৰাইজে পত্নী হত্যাকাৰী অপন দাসক আটক কৰি গতাই দিয়ে আৰক্ষীক। Also Read: মোদী-শ্বাহৰ অসম ভ্ৰমণ... কি কি উপহাৰ পাব অসমবাসীয়ে?ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্তৰ অন্তত আদালতত দাখিল কৰে চাৰ্জশ্বীট। আদালতত প্ৰায় ৫ বছৰ ধৰি ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পাছত শুকুৰবাৰে আদালতে অভিযুক্ত হত্যাকাৰী স্বামী অপন দাসক দোষী সাব্যস্ত কৰি ৰায়দান ঘোষণা কৰে৷ অভিযুক্ত অপন দাসক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে। আদালতৰ এই ৰায়দানৰ পাছত পত্নী হত্যাকাৰী স্বামী অপন দাসক আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।Also Read: পাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায়AdvertismentAdvertisment Read the Next Article