Advertisment

ই-ৰিক্সাৰ খুন্দাত ছুলতানা ৰেজিয়াৰ কৰুণ মৃত্যু

ই-ৰিক্সাৰ খুন্দাত চিৰদিনৰ বাবে হেৰাই নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। কৰুণ মৃত্যুক সাৱটি লোৱা ছাত্ৰী গৰাকীৰ নাম ছুলতানা ৰেজিয়া। ছুলতানা ৰেজিয়াৰ মৃত্য়ুত গোৱালপাৰাৰ জলেশ্বৰত শোকৰ ছাঁ । 

 Filephoto
Filephoto

ই-ৰিক্সাৰ খুন্দাত ছুলতানা ৰেজিয়াৰ কৰুণ মৃত্যু

ই-ৰিক্সাৰ খুন্দাত চিৰদিনৰ বাবে হেৰাই নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। কৰুণ মৃত্যুক সাৱটি লোৱা ছাত্ৰী গৰাকীৰ নাম ছুলতানা ৰেজিয়া। ছুলতানা ৰেজিয়াৰ মৃত্য়ুত গোৱালপাৰাৰ জলেশ্বৰত শোকৰ ছাঁ । 
 
ৰাজ্যত অব্যাহত আছে ই-ৰিক্সাৰ দৌৰাত্ম্য।  অনিয়ন্ত্ৰিত ই- ৰিক্সাৰ দৌৰাত্ম্যত ৰাজ্যত সঘনাই সংঘটিত হবলৈ লৈছে দূৰ্ঘটনা। এইবাৰ দূৰ্ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ জলেশ্বৰৰ জলডোবাত। 

Advertisment

অনিয়ন্ত্ৰিত ই- ৰিক্সা সকলক কোনে নাকী লগাব ? ই-ৰিক্সাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰায়েই শুনা যায়। গোৱালপাৰাৰ জলেশ্বৰৰ জলডোবাতো সংঘঠিত হৈছে এনে এক ভয়ংকৰ পথ দূৰ্ঘটনা । ভয়ংকৰ পথ দূৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি ললে এগৰাকী ছাত্ৰীয়ে । ই ৰিক্সাৰ খুন্দাত চিৰদিনৰ বাবে হেৰাই গল নৱম শ্ৰেণীৰ অধ্যয়ণৰত ছাত্ৰী ছুলতানা ৰেজিয়া। 

ঘটনা অনুসৰি কাটাৰীহাৰা হাইস্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী ছুলতানা ৰেজিয়াই বৃহস্পতিবাৰে আবেলি টিউচনলৈ যাওতে পিছফালৰ পৰা অহা এখন ই-ৰিক্সা প্ৰচণ্ড খুন্দা মাৰিছিল । ই-ৰিক্সাৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ছুলতানা ৰেজিয়া। গুৰুতৰভাৱে আহত  ছুলতানা ৰেজিয়া নামৰ ছাত্ৰী গৰাকীক চিকিৎসাৰ গোৱালপাৰাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিন্তু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ছাত্ৰীগৰাকীক GMCHলৈ প্ৰেৰণ কৰে । আৰু আজি GMCHত চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লয় ছাত্ৰী ছুলতানা ৰেজিয়াই। ছাত্ৰী গৰাকীৰ অকাল বিয়োগত মৰ্মাহত হৈছে অঞ্চলবাসী ৰাইজ। শোঁকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা সহপাঠী বন্ধু-বান্ধৱী সকল । 

ছাত্ৰী ছুলতানা ৰেজিয়াৰ সৈতে সংঘটিত হোৱা এনে শোকাৱহ ঘটৱাৰ পাছতে এতিয়া স্থানীয় ৰাইজ সৰৱ হৈছে। অনিয়ন্ত্ৰিত এই ই- ৰিক্সা সমূহৰ চালকক নাকী লগোৱাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Advertisment
Advertisment