Advertisment

কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই

ৰাজ্যৰ ৰাজপথত সংঘটিত হ’ল কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী স্কৰপিঅ’ বাহনে প্ৰচণ্ড খুন্দা মাৰে ডিভাইডাৰত। ইফালে আকৌ চলন্ত অৱস্থাতে ৰাজপথত জ্বলিল ট্ৰাক। আনহাতে অচিনাক্ত বাহনৰ খুন্দাত এজন যুৱকে আঁকোৱালি ল’লে কৰুণ মৃত্যুক।

 কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই Photograph: (DY365)
কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই Photograph: (DY365)

কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই


মৃত্যু এজনৰ, এজনৰ অৱস্থা সংকটজনক


ক’ত ক’ত ঘটিল এই ভয়ংকৰ ঘটনা?

ৰাজ্যৰ ৰাজপথত সংঘটিত হ’ল কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী স্কৰপিঅ’ বাহনে প্ৰচণ্ড খুন্দা মাৰে ডিভাইডাৰত। ইফালে আকৌ চলন্ত অৱস্থাতে ৰাজপথত জ্বলিল ট্ৰাক। আনহাতে অচিনাক্ত বাহনৰ খুন্দাত এজন যুৱকে আঁকোৱালি ল’লে কৰুণ মৃত্যুক, আন এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। মহানগৰীৰ বশিষ্ঠ, যোৰাবাট, মঙলদৈত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা। 

Advertisment

খবৰ অনুসৰি নিশা গুৱাহাটী মহানগৰীত সংঘটিত হ’ল ভয়ংকৰ ঘটনা। মহানগৰীৰ বশিষ্ঠৰ উৰণীয়া সেতুৰ সমীপত পথ দুৰ্ঘটনা। দ্ৰুতবেগী স্কৰপিঅ’ বাহনে প্ৰচণ্ড খুন্দা মাৰে ডিভাইডাৰত। বেহৰবাৰী দিশৰ পৰা খানাপাৰা দিশে দ্ৰুতবেগেৰে গৈ আছিল বাহনখন। 

দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি কেইবালুটি খাই বাগৰি পৰে ৰাজপথত। দুৰ্ঘটনাগ্ৰস্ত স্কৰপিঅ’ বাহনখনৰ নম্বৰ AS 01GH 3214। স্থানীয় লোকৰ মতে বাহনখনত আছিল প্ৰায় ৭ জনকৈ যুৱক। স্থানীয় লোক আৰু আৰক্ষীৰ তৎপৰতাত বাহনখনৰ পৰা উদ্ধাৰ কৰে যুৱককেইজনক। যুৱককেইজনৰ কাৰো হোৱা নাই গুৰুতৰ জখম। 

Also Read: মেছিক চাবলৈ নাপালে অনুৰাগীয়ে, খঙত ভাঙিলে চকী

ইফালে যোৰাবাটত ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত ট্ৰাকত নিশা লাগিল জুই। ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত ট্ৰাকত জুই লগাত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ। যোৰাবাটৰ মণ্টফ’ৰ্ট বিদ্যালয়ৰ সমীপতে সংঘটিত হয় এই ঘটনা। চলন্ত অৱস্থাতে ট্ৰাকখনত জুই লগাত ট্ৰাক এৰি পলায়ন কৰে চালক-হেণ্ডিমেনে। অগ্নিসংযোগ হোৱা ট্ৰাকখনৰ নম্বৰ AS25 FC 4271। গুৱাহাটী মহানগৰীৰ পৰা যোৰাবাটৰ দিশে স্ক্ৰেপ কঢ়িয়াই নিছিল ট্ৰাকখনে। 

ঘটনাস্থলীত যোৰাবাট আৰক্ষী, যোৰাবাট যান-বাহন আৰক্ষী উপস্থিত হৈ সোণাপুৰ অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। চলন্ত অৱস্থাতে ট্ৰাকখনত কি দৰে জুইৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই। 

Also Read: মিঞাৰ আগ্ৰাসন, মিঞাৰ আক্ৰমণত ভীতিগ্ৰস্ত খিলঞ্জীয়া

আনফালে, দৰঙৰ মঙলদৈত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী। নিহত যুৱকজন ৰাজঘাটৰ আলাগঝাৰীৰ জ্যোতিষ্মান ডেকা বুলি চিনাক্ত। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হিৰক জ্যোতি ডেকা নামৰ আন এজন যুৱক। মঙলদৈ ব্লকচ’কৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই শোকাৱহ ঘটনাটো। সংকটজনক অৱস্থাত হিৰক জ্যোতি ডেকাক গুৱাহাটীলৈ প্ৰেৰণ। 

Also Read: পত্নীহন্তাক যাৱজ্জীৱন কাৰাদণ্ড

Advertisment
Advertisment