Assameseমৰিগাঁৱৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনানিশা মৰিগাঁৱৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত তিনিজনকৈ লোক। দুৰ্ঘটনাটোত নিহত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈসহ আন দুজন লোক।Jyotiprasad Sarma Oct 28, 2025 16:36 ISTমৰিগাঁৱৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা Photograph: (DY365)মৰিগাঁৱৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনাথিতাতে নিহত ডাঃ কণ্ঠেশ্বৰ বৰদলৈসহ আন দুজনগুৱাহাটী, ২৮ অক্টোবৰঃ নিশা মৰিগাঁৱৰ শিলচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত তিনিজনকৈ লোক। দুৰ্ঘটনাটোত নিহত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈসহ আন দুজন লোক।Advertismentশোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈক চাগে আপোনাৰো মনত আছে। কিয়নো আজিৰ পৰা প্ৰায় ডেৰ মাহ পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল এইগৰাকী চিকিৎসকে। মাত্ৰ ১০ ঘণ্টাত অস্ত্ৰোপচাৰৰ জৰিয়তে ২১টা সন্তান প্ৰসৱ কৰাইছিল এইগৰাকী চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈয়ে।Also Read: ‘বহুত মনত পৰিছে তোমালৈ গ’ল্ডী, মিছ কৰিছো তোমাক’সোমবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত মৰিগাঁৱৰ শিলচাঙত সংঘটিত শোকাৱহ দুৰ্ঘটনাত থিতাতে নিহত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈ। মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ প্ৰসুতি বিভাগৰ চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈ। ভয়ংকৰ দুৰ্ঘটনাটোত নিহত আন দুজন আছিক ৰহমান আৰু মানস মহন্ত বুলি চিনাক্ত কৰা হৈছে। নিহত আছিক ৰহমান আৰু মানস মহন্ত মৰিগাঁও মেটাৰনিটী এণ্ড মাল্টি স্পেচিয়েলিটী হাস্পতালৰ কৰ্মচাৰী আছিল। দুৰ্ঘটনাৰ পিছত দীৰ্ঘসময় ধৰি দুৰ্ঘটনাগ্ৰস্ত বাহনখনতে আবদ্ধ হৈ থাকে তিনিওটা মৃতদেহ। দুৰ্ঘটনাস্থলীৰ পৰা নেলী থানালৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন লৈ যায় আৰক্ষীয়ে। থানা চৌহদতে গেছ কাটাৰেৰে বাহন কাটি উলিওৱা হয় মৃতদেহকেইটা।Also Read: বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰউল্লেখ যে, কিছুদিন পূৰ্বে, বাতৰিৰ শিৰোনাম দখল কৰিছিল চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈয়ে। মাত্ৰ ১০ ঘণ্টাত অস্ত্ৰোপচাৰৰ জৰিয়তে ২১টা সন্তান প্ৰসৱ কৰাইছিল এইজন চিকিৎসকে। ৫ ছেপ্টেম্বৰৰ বিয়লি ৩:৪০ বজাৰ পৰা নিশা ১:৫০ বজালৈ কৰা হৈছিল অস্ত্ৰোপচাৰকেইটা। তাৰ পিছতে মৰিগাঁৱৰ চিকিৎসকজনলৈ আহিছিল কাৰণ দৰ্শোৱাৰ জাননী। মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল চিকিৎসকগৰাকীক। প্ৰতিটো অস্ত্ৰোপচাৰৰ সবিশেষ তথ্য বিচাৰি চিকিৎসকজনলৈ দিয়া হৈছিল জাননী। কম সময়ত অস্ত্ৰোপচাৰকেইটা সঠিক ধৰণেৰে কৰা হৈছিলনে বুলি উত্থাপিত হৈছিল প্ৰশ্ন। ইফালে চিকিৎসক কণ্ঠেশ্বৰ বৰদলৈৰ এই কাৰ্যক একাংশই প্ৰশংসাৰে উপচাই পেলাইছিল।Also Read: 'মই মৰিবলৈ ভয় নকৰোঁ', কিয় ক'লে অভিনেতা ৰবি শৰ্মাই?AdvertismentAdvertisment Read the Next Article