Advertisment

'মই মৰিবলৈ ভয় নকৰোঁ', কিয় ক'লে অভিনেতা ৰবি শৰ্মাই?

মৰিবলৈ ভয় নকৰে অভিনেতা ৰবি শৰ্মাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ অভিনেতা ৰবি শৰ্মাই ক'লে- 'স্পষ্ট কথা, মই মৰিবলৈ ভয় নকৰোঁ'। 'জুবিনৰ বাবে ন্যায় বিচাৰিব লগীয়াটোৱে লাজৰ কথা হৈছে'।

 'মই মৰিবলৈ ভয় নকৰোঁ', কিয় ক'লে অভিনেতা ৰবি শৰ্মাই?

মৰিবলৈ ভয় নকৰে অভিনেতা ৰবি শৰ্মাই। 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ অভিনেতা ৰবি শৰ্মাই ক'লে- 'স্পষ্ট কথা, মই মৰিবলৈ ভয় নকৰোঁ'। 

Advertisment

প্ৰাণৰ শিল্পী হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুয়ে সমগ্ৰ অমস তথা অসমীয়াক কন্দুৱাইছে। অসমৰ সম্পদ, গৌৰৱ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দেওবাৰে বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চৰ উদ্যোগত আৰু আমৰাঙ্গা বৰিহাট অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত দক্ষিণ কামৰূপৰ বৰিহাটস্থিত আমৰাঙ্গা বৰিহাট মিনি ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়। 

ALSO READ: ২২ গজত বিৰাট কোহলীৰ অভিলেখ

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় শিল্পীৰ দ্বাৰা নাম প্ৰসংগ কৰাৰ লগতে জুবিন গাৰ্গৰ জীৱন সম্পৰ্কে বহুজনে মন্তব্য আগবঢ়ায়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বিশিষ্ট অভিনেতা তথা জুবিন গাৰ্গৰ বন্ধু ৰবি শৰ্মা উপস্থিত থাকি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অশ্ৰুশিক্ত নয়নেৰে পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলে। লগতে বন্ধু জুবিন গাৰ্গৰ সৈতে কটোৱা বহু মধুৰ স্মৃতি ৰোমান্থন কৰাৰ লগতে বহু কথাই ৰাইজৰ আগত প্ৰকাশ কৰে। 

ALSO READ: বৃদ্ধি নহয় ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে বৃহত্তৰ বৰিহাট অঞ্চলত মমবাতি জ্বলাই এক মৌন সমদল উলিয়াই য'ত শতাধিক লোকে অংশগ্ৰহণ কৰে। জুবিনৰ মৃত্যক লৈ একাংশই সমগ্ৰ ঘটনাটোক ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হোৱা বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে। লগতে দীঘলী পুখুৰী পাৰৰ গছ কটা সন্দৰ্ভতো কৰা মন্তব্যত এতিয়াও নিজৰ স্থিতিত অটল ৰবি শৰ্মা। নিজৰ ছবিজগতৰ এটা স্বাধীন দল এৰি কোনো ৰাজনৈতিক দলত যোগদান কৰিবলগীয়া অৱস্থা হোৱা নাই বুলিও মন্তব্য কৰে শৰ্মাই। লগতে ৰাজনীতি নকৰিবলৈ বিজেপি দলৰ বিৰুদ্ধে গোৱা Politics নকৰিবা বন্ধু গানটো গোৱা বুলি মন্তব্য কৰে। আৱেগৰ সময়ত কোনোধৰণৰ SOP গাঠি দি জনসাধাৰণক আৰু অধিক আৱেগিক কৰিব নালাগে। শাসক-বিৰোধী মিলিহে এখন গণতান্ত্ৰিক দেশ সম্পূৰ্ণ। গণতন্ত্ৰত বিৰোধী থাকিবই। গতিকে কোনোধৰণৰ প্ৰতিবাদী সত্তাক বাক স্বাধীনতা খৰ্ব কৰি দমন কৰিবলৈ চেষ্টা কৰিব নালাগে। জুবিন মৃত্যুৱে অসমৰ জনতাক আৰু অধিত সাহসী কৰি তুলিলে। শংকৰ-আজানৰ দেশত কোনোধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি নচলিব বুলিও মন্তব্য কৰে অভিনেতা তথা জুবিন গাৰ্গৰ বন্ধু ৰবি শৰ্মাই। 

কেমেৰাপাৰ্চন ৰিতু কলিতাৰ সৈতে গিৰীন্দ্ৰ কলিতা, মিৰ্জা DY365

Advertisment
Advertisment