Assamese২২ গজত বিৰাট কোহলীৰ অভিলেখ চিডনীত কোহলীৰ বেটৰ পৰা আহিল অৰ্ধশতকীয় ইনিংছ। অৰ্ধশতকীয় ইনিংছেৰে কেইবাটাও অভিলেখ ৰান মেচিন বিৰাট কোহলীৰ। টেণ্ডুলকাৰৰ পাছত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হ'ল কোহলী।Mrinmoy Talukdar Oct 25, 2025 20:24 ISTFILEPHOTO২২ গজত বিৰাট কোহলীৰ অভিলেখ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়াত ব্যৰ্থ হোৱাৰ পাছত আজি চিডনীত কোহলীৰ বেটৰ পৰা আহিল অৰ্ধশতকীয় ইনিংছ। অৰ্ধশতকীয় ইনিংছেৰে কেইবাটাও অভিলেখ ৰান মেচিন বিৰাট কোহলীৰ। শচীন টেণ্ডুলকাৰৰ পাছত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হ'ল বিৰাট কোহলী।Advertismentবিৰাট কোহলী আৰু ২২ গজৰ অভিলেখ- যেন এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়াত ব্যৰ্থ হোৱাৰ পাছত আজি চিডনীত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত কোহলীৰ বেটেৰে আহিল অপৰাজিত অৰ্ধশতকীয় ইনিংছ। অৰ্ধশতকীয় ইনিংছৰ জৰিয়তে এদিনীয়া ক্ৰিকেটত কেইবাটাও ৰেকৰ্ড গঢ়িলে কিং কোহলীয়ে। শচীন তেণ্ডুলকাৰৰ পাছতে এদিনীয়া ফৰ্মেটত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ হিচাপে পৰিগণিত হ'ল বিৰাট কোহলী। বিৰাট কোহলীৰ পূৰ্বে এই অভিলেখ আছিল শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাৰ নামত। ছাংগাকাৰাই ৪০৪ খন এদিনীয়াৰ ৩৮০টা ইনিংছত সংগ্ৰহ কৰিছিল ১৪,২৩৪ ৰান। আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত কোহলীয়ে ইনিংছৰ ৫৪ সংখ্যক ৰান সংগ্ৰহ কৰি কুমাৰ ছাংগাকাৰাক অতিক্ৰম কৰে। কোহলীয়ে ছাংগাকাৰাৰ বিশ্ব অভিলেখ ভংগ কৰি শচীন তেণ্ডুলকাৰৰ পাছত এদিনীয়া ফৰ্মেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়জন বেটাৰ হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে ভাৰতৰ প্ৰাক্তন বেটিং কিংবদন্তি, ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ নামত। তেণ্ডুলকাৰে ৪৬৩ খন এদিনীয়াত ৪৯ টা শতক আৰু ৯৬ টা অৰ্ধশতকৰ সহায়ত সংগ্ৰহ কৰিছিল ১৮,৪২৬ ৰান ।এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ শীৰ্ষ ৫ জন বেটছমেন-১৮৪২৬ - শচীন তেণ্ডুলকাৰ ১৪২৩৫ - বিৰাট কোহলী ১৪২৩৪ - কুমাৰ সাংগাকাৰা১৩৭০৪ - ৰিকি পণ্টিং১৩৪৩০ - সনথ জয়চুৰিয়া Read the Next Article