Assamese‘বহুত মনত পৰিছে তোমালৈ গ’ল্ডী, মিছ কৰিছো তোমাক’৩১ অক্টোবৰত অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি পাব মিউজিক আইকন জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’। অসমীয়া ছবিজগতৰ প্ৰথমখন মিউজিকেল ছবি ‘ৰৈ ৰৈ বিনালে’। ছবিখনৰ মুক্তিৰ প্ৰাকক্ষণত গৰিমা শইকীয়া গাৰ্গে ছবিখন আৰু জুবিনক লৈ এইদৰে ফেচবুকত আৱেগিক পোষ্ট কৰা দেখা গ’ল। Jyotiprasad Sarma Oct 27, 2025 15:34 IST‘বহুত মনত পৰিছে তোমালৈ গ’ল্ডী, মিছ কৰিছো তোমাক’ Photograph: (DY365)ৰৈ ৰৈ বিনালে...‘বহুত মনত পৰিছে তোমালৈ গ’ল্ডী, মিছ কৰিছো তোমাক’‘তুমি চাগে বহু ব্যস্ত নহয়নে...’ ‘তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে...’‘ৰক্ষাই পোৱা নাই চাগে, সেইকাৰণে এটাও ফোন নাই ইমান দিনে...’‘মই বুজি পাওঁ নহয়, মিছন চাইনাৰ সময়তো একেই হৈছিল’‘এইবাৰ কিন্তু তুমি মিছন চাইনাৰ দৰে চিন্তাত ফেকুৰি নাকান্দিবা দেই’‘কিবোৰ যে চিন্তা কৰা তুমি... মই সদায় আছো তোমাৰ কাষত’‘সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম ৰাইজে ভাল পাবই...’‘ইমান দিন হ’ল তোমাক নেদেখাকৈ, মাত এটা নুশুনাকৈ’‘বহুত মনত পৰিছে তোমালৈ গ’ল্ডী, মিছ কৰিছো তোমাক’Advertisment৩১ অক্টোবৰত অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি পাব মিউজিক আইকন জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’। অসমীয়া ছবিজগতৰ প্ৰথমখন মিউজিকেল ছবি ‘ৰৈ ৰৈ বিনালে’। ছবিখনৰ মুক্তিৰ প্ৰাকক্ষণত দেওবাৰে নিশা জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ছবিখন আৰু জুবিনক লৈ এইদৰে ফেচবুকত আৱেগিক পোষ্ট কৰা দেখা গ’ল। Also Read: বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰৰাজ্যজুৰি ‘ৰৈ ৰৈ বিনালে’ ছবিখনলৈ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। অকল অসমেই নহয় অসমৰ বাহিৰতো বহু ছবিঘৰত মুক্তি পাব অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’। অসমৰ বাহিৰৰ ৭০টা চিনেমা হলত চলিব ছবিখন। কেৱল বেংগালুৰুৰ ১০টা চিনেমা হলত মুক্তিলাভ কৰিব ছবিখনে। এইপৰ্যন্ত ‘ৰৈ ৰৈ বিনালে’ৰ লক্ষাধিক টিকট বিক্ৰী হৈছে। Also Read: অসুস্থ তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ, ভৰ্তি ICUত...২৩ অক্টোবৰত মুকলি হৈছিল ‘ৰৈ ৰৈ বিনালে’ৰ ট্ৰেইলাৰ। মুকলিৰ লগে লগে ব্যাপক সমাদৰ লাভ কৰে ট্ৰেইলাৰটোৱে। ট্ৰেইলাৰ মুকলিৰ ৪৫ মিনিটত এক লাখৰো অধিক দৰ্শক চালে ‘ৰৈ ৰৈ বিনালে’ৰ ট্ৰেইলাৰ। Also Read: মই মুখ্যমন্ত্ৰীৰ পত্নীৰ উপাৰ্জনৰ হিচাপ কেতিয়াও বিচৰা নাইঃ ৰবি শৰ্মাজুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখনে মুক্তিৰ পূৰ্বে গঢ়িলে অভিলেখ। BookMyShowৰ চাৰ্চ লিষ্টৰ শীৰ্ষ ট্ৰেণ্ডত ‘ৰৈ ৰৈ বিনালে’। BookMyShowত ইতিমধ্যেই আৰম্ভ হৈছে ছবিখনৰ অগ্ৰিম বুকিং। SOLD OUT হৈছে বহু চিনেমাহলৰ টিকট। দক্ষিণৰ ছবি কাণ্টাৰা, বাহুবলীয়ে পূৰ্বতে কৰিছিল এই অভিলেখ। বাহুবলী, কাণ্টাৰাৰ অভিলেখো ভংগ কৰিলে ‘ৰৈ ৰৈ বিনালে’ ছবিখনে। জুবিনৰ ছবিখনৰ বাবে আগ্ৰহেৰে বাট চাইছে দৰ্শকে। অপেক্ষা মাথো ৩১ অক্টোবৰলৈ।AdvertismentAdvertisment Read the Next Article