Assameseহেঁপাহ প্ৰিয় অভিনেতাক ওচৰৰ পৰা চোৱাৰ। কিন্তু নিৰাশ মনে উভতিল দৰ্শক!মোবাইল থিয়েটাৰত আজৱ ঘটনা। কলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থৰ পূৰ্বে প্ৰেক্ষাগৃহত লাগিল অথন্তৰ। বীণাপাণি থিয়েটাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিৰাশ মনেৰে ওভতিল নাট্যপ্ৰেমী দৰ্শক! Naba Gogoi Sep 17, 2025 22:15 ISTনিৰাশ মনেৰে থিয়েটাৰ নোচোৱাকৈ উভতিল দৰ্শক Photograph: (FILE)মোবাইল থিয়েটাৰত আজৱ ঘটনা। ৰাজ্যত বৰ্তমান থিয়েটাৰৰ বতৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত দৰ্শকক মোহিব পৰা কাহিনীৰ নাটক লৈ ব্যস্ত হৈছে নাট্যদল। কিন্তু তাৰ মাজতে এখন থিয়েটাৰত ঘটিল আজৱ ঘটনা। বীণাপাণি থিয়েটাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিৰাশ মনেৰে ওভতিল নাট্যপ্ৰেমী দৰ্শক! কলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থৰ পূৰ্বে প্ৰেক্ষাগৃহত লাগিল অথন্তৰ। মঞ্চৰ যাৱতীয় কাম-কাজৰ লগতে শব্দ আৰু পোহৰৰ ব্যৱস্থা সম্পূৰ্ণ সাজু হৈ নুঠাত মঞ্চত নাট মঞ্চস্থ কৰাৰ পৰা বিৰত থাকিল শিল্পী আৰু কলা-কুশলী।Advertismentতিনিটা নিশাৰ নাট প্ৰদৰ্শন বাবে চুক্তিবদ্ধ হোৱা থিয়েটাৰ বীণাপাণি নাট্যদলে কলিয়াবৰত প্ৰথম নিশাৰ নাট প্ৰদৰ্শন কৰিবলৈ নহ’ল সমৰ্থ। প্ৰেক্ষাগৃহৰ পৰা নাট উপভোগ নকৰাকৈ বিদায় ল'লে শ শ নাট্যপ্ৰেমী ৰাইজে।কলিয়াবৰৰ আজাদ ক্লাবৰ সাহাৰ্যাৰ্থে তিনিটি নিশাৰ বাবে কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেলপথাৰত নাট প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা থিয়েটাৰ বীণাপাণিয়ে মঙলবাৰে নিশা নাট মঞ্চস্থ কৰিব নোৱাৰাত বিষাদ মনে ঘৰলৈ উভতি যাব লগা হয় দৰ্শকসকল। নাট মঞ্চস্থ কৰাৰ নিৰ্দ্ধাৰিত সময়ৰ পূৰ্বে প্ৰেক্ষাগৃহৰ যাৱতীয় কাম-কাজ থিয়েটাৰ কতৃপক্ষই সম্পূৰ্ণ কৰিব নোৱাৰিলে। ফলত দৰ্শকৰ সন্মুখত নাট মঞ্চস্থ কৰাত ব্যৰ্থ হ'ল থিয়েটাৰ কৰ্তৃপক্ষ। অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ অন্যতম পেছাদাৰী নাট্যদল থিয়েটাৰ বীণাপাণিৰ এনে কাণ্ডত ক্ষোভিত হৈ পৰিল দৰ্শকৰ লগতে আয়োজক সমিতি আজাদ ক্লাব।উল্লেখ্য যে জনপ্ৰিয় কৌতুক অভিনেতা বিপূল ৰাভা, ধ্ৰুৱ কাশ্যপ, ৰাজীৱ দাস, অভিনেত্ৰী পূজা তালুকদাৰ, অনুজা বৰা, মৌচুমী সিং শৰ্মাকে ধৰি অন্যান্য শিল্পী আৰু কলা-কুশলীয়ে নাট্যাভিনয় কৰিবৰ বাবে সেউজ কক্ষত আহি উপস্থিত হৈছিল। এনে কাণ্ডৰ বাবে অভিনেতা বিপূল ৰাভাই ক্ষমা বিচাৰিলে কলিয়াবৰৰ নাট্য প্ৰেমী দৰ্শকক। নাট উপভোগ কৰিবলৈ আগতীয়াকৈ টিকট সংগ্ৰহ কৰা দৰ্শকৰ উপৰিও প্ৰেক্ষাগৃহৰ সন্মুখৰ অস্থায়ী টিকট ঘৰৰ পৰা টিকট সংগ্ৰহ কৰা দৰ্শকে প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰি নাট উপভোগ নকৰাকৈয়ে নিৰাশ হৈ উঠি যাব লগা ঘটনাই ব্যৰ্থিত কৰিছে নাট্যপ্ৰেমীক। তাৰোপৰি মঞ্চ উদ্ধোধন কৰিবলৈ অহা বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাই পেছাদাৰী নাট্য দলৰ দায়িত্বহীন কৰ্ম-কাণ্ডক কৰে কঠোৰ সমালোচনা। প্ৰতিনিশা নাট প্ৰদৰ্শনৰ বাবে ৫৫ হাজাৰ টকাকৈ ৩ নিশাৰ বাবে মুঠ ১লাখ ৬৫ হাজাৰ টকাত চুক্তিবদ্ধ হৈছিল আয়োজক কমিটীৰ সৈতে থিয়েটাৰ কৰ্তৃপক্ষ।যাৰ বাবে আয়োজক কমিটীয়ে আগতীয়া টিকট বিক্ৰী কৰি পৰিল বিপদত। যাৰ বাবে ক্ষোভ উজাৰিলে থিয়েটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। প্ৰতিকুল বতৰৰ লগতে সামগ্ৰী কঢ়িয়াই অনা দুখনকৈ বাহনৰ যান্ত্ৰিক বিজুতিৰ বাবে মঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্ধাৰিত সময়ত সাজু কৰি তুলিব পৰা নগ'ল বুলি থিয়েটাৰ বীণাপাণিৰ প্ৰযোজক প্ৰনৱ বৰ্মনে দায়সৰা মন্তব্য। কলিয়াবৰৰ পৰা আশীষ কুমাৰ শইকীয়া¸ DY365 Read the Next Article