Advertisment

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন অভিলেখ ৰবীন্দ্ৰ জাদেজাৰ

এক নতুন অভিলেখ টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ ৰবীন্দ্ৰ জাদেজাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ঘৰুৱা মাটিত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হ'ল জাদেজা। গৃহভূমিত ৩৭৭টা উইকেট দখল কৰি প্ৰাক্তন স্পীনাৰ হৰভজন সিঙক অতিক্ৰম কৰে জাদেজাই। 

 Filephoto
Filephoto

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন অভিলেখ ৰবীন্দ্ৰ জাদেজাৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত এক নতুন অভিলেখ টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ ৰবীন্দ্ৰ জাদেজাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ঘৰুৱা মাটিত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হ'ল জাদেজা। গৃহভূমিত ৩৭৭টা উইকেট দখল কৰি প্ৰাক্তন স্পীনাৰ হৰভজন সিঙক অতিক্ৰম কৰে জাদেজাই। 

Advertisment

আহমেদাবাদৰ পাছত দিল্লী টেষ্টতো মুখঠেকেচা ৱেষ্ট ইণ্ডিজৰ। কেৰিবিয়ান বাহিনীয়ে বান্ধি দিয়া লক্ষ্য সহজে অতিক্ৰম কৰে ভাৰতে। দিল্লী টেষ্টত জয়েৰে টেষ্ট শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ। শৃংখলাটোত দেখা গ'ল টীম ইণ্ডিয়াৰ স্পীনাৰৰ আধিপত্য। 

দুখন মেচৰ এই শৃংখলাটোৰ দ্বিতীয়খন টেষ্টত বাওঁহতীয়া স্পীনাৰ ৰবীন্দ্ৰ জাডেজাই আন এক ৰেকৰ্ড নিজৰ নামত কৰিবলৈ সক্ষম হৈছে। টেষ্টখনত ৰবীন্দ্ৰ জাডেজাই দুয়োটা ইনিংছতে সৰ্বমুঠ দখল কৰে ৪টা উইকেট। ৪টা উইকেট দখল কৰাৰ লগে লগে প্ৰাক্তন অফ স্পীনাৰ হৰভজন সিঙক অতিক্ৰম কৰে জাদেজাই। 

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ঘৰুৱা মাটিত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হ'ল জাদেজা। ইয়াৰ পূৰ্বে এই অভিলেখ হৰভজন সিঙৰ নামত আছিল। ভাৰতৰ মাটিত হৰভজন সিঙৰ নামত আছে ৩৭৬টা উইকেট। হৰভজন সিঙক অতিক্ৰমি ৰবীন্দ্ৰ জাদেজাই এইপৰ্যন্ত দখল কৰিছে ৩৭৭টা উইকেট।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ঘৰুৱা মাটিত ভাৰতৰ হৈ সৰ্বাধিক উইকেট লোৱাৰ অভিলেখ আছে ভাৰতৰ প্ৰাক্তন লেগ স্পিনাৰ অনিল কুম্বলেৰ নামত। অনিল কুম্বলেৰ নামত আছে ৪৭৬টা উইকেট। আনহাতে ৪৭৫টা উইকেটেৰে দ্বিতীয় স্থানত আছে প্ৰাক্তন অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন। 

ভাৰতৰ মাটিত ভাৰতৰ হৈ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় উইকেট
৪৭৬ - অনিল কুম্বলে (২০৪ ইনিংছ)
৪৭৫ - ৰবিচন্দ্ৰন অশ্বিন (১৯৩ ইনিংছ)
৩৭৭* - ৰবীন্দ্ৰ জাদেজা (১৯৯ ইনিংছ)
৩৭৬ - হৰভজন সিং (১৯৯ ইনিংছ)
৩১৯ - কপিল দেৱ (২০২ ইনিংছ)