"এটা গান হৈ পৰিল প্ৰাৰ্থনা। এটা গান সঁচাকৈ হৈ পৰিল ভগৱানক আৰাধনা কৰা এটা পবিত্ৰ প্ৰাৰ্থনা। 'মায়াবিনী ৰাতিৰ বুকুত...' এতিয়া অসমৰ প্ৰতিটো প্ৰান্তে-প্ৰান্তে। জুবিন গাৰ্গ হেৰাই গ'ল, থাকি গ'ল শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজি, পৃথিৱী থকালৈকে থাকি গ'ল জুবিনৰ কণ্ঠ, জুবিনৰ সুৰ। Advertisment জুবিনে বিচাৰিছিল, তেওঁ ইহলীলা সম্বৰণ কৰিলে অসমত কেৱল বাজক 'মায়াবিনী ৰাতিৰ বুকুত...'। প্ৰিয় শিল্পীৰ মহাপ্ৰয়াণত সেয়াই হ'ল। অসমত 'মায়াবিনী ৰাতিৰ বুকুত...'হৈ পৰিল এটা প্ৰাৰ্থনা, ভগৱানক আৰাধনা কৰা এটি যেন ভক্তিভৰা গীত। যি গীতে জুবিনক দিলে চিৰবিদায়। কোটি কোটি অনুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি। আজি মৰমৰ জুবিন গাৰ্গ পঞ্চভূতত বিলীন হৈ পৰিল। অন্তিম শয়নৰ বিদায় বেলাতো বাজি থাকিল জুবিন গাৰ্গৰ প্ৰিয় গীত 'মায়াবিনী ৰাতিৰ বুকুত...'। সোণাপুৰৰ কমাৰকুচিত জুবিন গাৰ্গৰ সমাধিস্থলীত লাখ লাখ অনুৰাগীয়ে অশ্ৰসিক্ত নয়নেৰে জুবিন গাৰ্গক দিলে বিদায়। জুবিন য'তেই থাকে কুশলে থাকক, শান্তিত থাকক। তাৰেই কামনা কৰিলে শত সহস্ৰ অনুৰাগীয়ে। যদিও গীতটি প্ৰেমৰ প্ৰতীক আছিল তথাপি গীতটোৰ মূল মন্ত্ৰ হৈ পৰিল যেন ভগৱানক আৰাধনা কৰা। ২০০১ চনৰ মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত দাগ ছবিখন শীৰ্ষ গীত আছিল এই 'মায়াবিনী ৰাতিৰ বুকুত...'। হাৰ্টথ্ৰৱ জুবিন গাৰ্গে এই জনপ্ৰিয় গীতটি ৰচনা কৰি নিজেই কণ্ঠদান কৰাৰ লগতে সংগীতো পৰিচালনা কৰিছিল। এই গীতৰ কথাই প্ৰতিগৰাকী অসমীয়াকে চুই যায়। আজি জুবিন গাৰ্গ আমাৰ মাজত নাই। কেৱল আছে জুবিন গাৰ্গৰ সৃষ্টিৰাজি। যদিও জুবিন আজি কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গল তথাপি জুবিন আমাৰ বাবে অমৰ। পৃথিৱী থকালৈকে, অসম থকালৈকে জুবিন গাৰ্গ আমাৰ জীয়াই থাকিব। আজি প্ৰাৰ্থনালৈ ৰূপান্তৰ হোৱা জুবিন গাৰ্গৰ সেই বিখ্যাত গীতটি আপুনি মই সকলোৱে এবাৰ গাওঁ আহক... 'মায়াবিনী ৰাতিৰ বুকুতদেখা পালোঁ তোমাৰ ছবিধৰা দিলা গোপনে আহিহিয়াৰ কোণত…তুমি যে মোৰ শুকান মনতনিয়ৰৰে চেঁচা টোপালনামি অহা, ৰ"দৰে নৈমোৰ দেহত প্ৰতি পুৱাধুমুহাৰ স"তে মোৰবহু যুগৰে নাচোনএন্ধাৰো সঁচা মোৰবহু দিনৰে আপোননিজানৰ গান মোৰশেষ হ"বভাবোঁ তোমাৰ বুকুত। প্ৰতি শৰতৰ প্ৰভাতি ফুলেক"ব তোমাকেই মোৰ কথাপ্ৰতি মেঘালী নিশা জোনেক"ব তোমাকেই মোৰ বেথাধুমুহাৰ স"তে মোৰবহু যুগৰে নাচোনএন্ধাৰো সঁচা মোৰবহু দিনৰে আপোননিজানৰ গান মোৰশেষ হ"বভাবোঁ তোমাৰ বুকুত। দুচকুলে তোমাৰ চালেসপোন আঁতৰি দিঠক নামেচুব খুজিলেই মোৰ দুহাতেদিঠক আঁতৰি সপোন আহেধুমুহাৰ স"তে মোৰবহু যুগৰে নাচোনএন্ধাৰো সঁচা মোৰবহু দিনৰে আপোননিজানৰ গান মোৰশেষ হ"বভাবোঁ তোমাৰ বুকুতমায়াবিনী ৰাতিৰ বুকুতদেখা পালোঁ তোমাৰ ছবিধৰা দিলা গোপনে আহিহিয়াৰ কোণত…তুমি যে মোৰ শুকান মনতনিয়ৰৰে চেঁচা টোপালনামি অহা ৰ"দৰে নৈমোৰ দেহত প্ৰতি পুৱা।'"