Advertisment

ছাত্ৰ আন্দোলনৰ প্ৰভাৱ, সলনি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য!

প্ৰতিবাদত উত্তাল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। প্ৰ’–উপাচাৰ্যৰূপে জয়া চক্ৰৱৰ্তীক নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰভাৱ। ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব কৰিলে গ্ৰহণ।

 ছাত্ৰ আন্দোলনৰ প্ৰভাৱ, সলনি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য!

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ আন্দোলনৰ প্ৰভাৱ

গুৱাহাটী, ০৫ ডিচেম্বৰঃ ৭৫ দিনীয়া ধাৰাবাহিক আন্দোলনৰ অন্তত তেজপুৰ বিশ্ববিদ্যালয়ত ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ। কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰে। 

Advertisment

also read: মুছলমানক ধ্বংস কৰিলে ৰকিবুল হুছেইনে

প্ৰতিবাদকাৰীৰ দাবীক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি নীতি বহিৰ্ভূতভাৱে বৃহস্পতিবাৰে বিয়লি উপাচাৰ্য শম্ভুনাথ সিঙে গুগ'ল মিটৰ জৰিয়তে ব'ৰ্ড অফ মেনেজমেণ্টৰ সভা অনুষ্ঠিত কৰিছিল আৰু গণসংযোগ বিভাগৰ অধ্যাপিকা জয়া চক্ৰৱৰ্তীক সহ-উপাচাৰ্য নিয়োগ কৰিছিল। ইয়াৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় তেজপুৰ বিশ্ববিদ্যালয়ত৷

also read: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ হ'ব নেকি শতকৰ হেট্ৰিক?

ছাত্ৰছাত্ৰী তথা শিক্ষক-কৰ্মচাৰীসকলে এই সিদ্ধান্ত বিৰোধিতাৰে প্ৰতিবাদ কৰি কোনো কাৰণতে এই সিদ্ধান্ত মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ প্ৰতিবাদকাৰীসকলে কয় যে, যিজন উপাচাৰ্যক অপসাৰণৰ দাবীত বিশ্ববিদ্যালয়ত আন্দোলন চলি আছে, সেইজন উপাচাৰ্যই তেওঁৰ ঘনিষ্ঠ লোককে PRO-VC অৰ্থাৎ সহ-উপাচাৰ্য নিয়োগ কৰাটো মানি লোৱা নহ’ব৷

also read: 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ

পৰিস্থিতিলৈ লক্ষ্য কৰি অধ্যাপিকা জয়া চক্ৰৱৰ্তীয়েও সহ-উপাচাৰ্যৰ দায়িত্ব ল'বলৈ অস্বীকাৰ কৰে। আৰু ১৯৯৩ চনৰ তেজপুৰ বিশ্ববিদ্যালয় আইনৰ ধাৰা অনুসৰি বিশ্ববিদ্যালয়ৰ সবাতোকৈ জ্যেষ্ঠ অধ্যাপক হিচাপে ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰে। বৃহস্পতিবাৰে অধ্যাপিকা জয় চক্ৰৱৰ্তীক প্ৰ’–উপাচাৰ্যৰূপে নিযুক্তি দিয়াৰ বিৰোধিতাৰে বিশ্ববিদ্যালয়খনৰ চৌহদত নিশা টায়াৰ জ্বলাই ছাত্ৰ–ছাত্ৰীয়ে কৰিছিল প্ৰতিবাদ। লগতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ পুত্তলিকাও দাহ কৰিছিল প্ৰতিবাদকাৰীয়ে। 

Advertisment
Advertisment