Advertisment

মুছলমানক ধ্বংস কৰিলে ৰকিবুল হুছেইনে

'মুছলমানক ধ্বংস কৰি দিলে সাংসদ ৰকিবুল হুছেইনে'। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে উচ্ছেদিত লোকৰ প্ৰতিবাদ। 'ধুবুৰীত ১০ লাখ ভোটত জিকা ৰকিবুল হুছেইন থাকে চামগুৰিত'। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতৰ প্ৰতিবাদ।

 FILEPHOTO
FILEPHOTO

মুছলমানক ধ্বংস কৰিলে ৰকিবুল হুছেইনে

'মুছলমানক ধ্বংস কৰি দিলে সাংসদ ৰকিবুল হুছেইনে'। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে উচ্ছেদিত লোকৰ প্ৰতিবাদ। 'ধুবুৰীত ১০ লাখ ভোটত জিকা ৰকিবুল হুছেইন থাকে চামগুৰিত'। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতৰ প্ৰতিবাদ।

Advertisment

Read More- বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ পূৰ্বেই দলৰ পৰা বহিস্কাৰ বিধায়ক

ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ অবৈধ বেদখলকাৰীৰ ঘৰত চলিছে প্ৰশাসনৰ বুলড'জাৰ। তাৰ মাজতেই এইবাৰ উচ্ছেদিত লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ সাংসদ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে। 

Read More- দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ হ'ব নেকি শতকৰ হেট্ৰিক?

বিগত লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। নিৰ্বাচনত বদৰুদ্দিন আজমলক ধৰাশায়ী কৰি সাংসদ নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইন। ৰেকৰ্ড সংখ্যক ১০ লাখ ভোটত জয়ী হৈ অভিলেখো গঢ়িছিল সাংসদগৰাকীয়ে। 

Read More- 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ

কিন্তু এইবাৰ এইগৰাকী ৰকিবুল হুছেইনৰ বিৰুদ্ধেই প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই। কিছুদিন পূৰ্বে ষিহেতু গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। গতিকে এই উচ্ছেদিত লোকসকলে এইবাৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।  প্ৰতিবাদৰ মাজতেই একাংশ প্ৰতিবাদকাৰীয়ে ডকাইত আখ্যা দিলে সাংসদ ৰকিবুল হুছেইনক। উচ্ছেদিত লোকসকলে ক'লে- 'মুছলমানক ধ্বংস কৰি দিলে সাংসদ ৰকিবুল হুছেইনে'। 'ধুবুৰীত ১০ লাখ ভোটত জিকা ৰকিবুল হুছেইন থাকে চামগুৰিত'। সমষ্টিৰ দুখ-দুৰ্দশাৰ খবৰ লবলৈ তেওৰ সময় নাই। 

Read More- বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ পূৰ্বেই দলৰ পৰা বহিস্কাৰ বিধায়ক

ৰকিবুল হুছেইন GO BACK ধ্বণি দি উচ্ছেদিই ক'লে- "আমি ইয়াৰ থলুৱা মামুহ। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চল থকা প্ৰায়ভাগ মানুহেই গোৱালপাৰাৰ ভোটাৰ। চৰকাৰে এনেই আমাক সন্দেহযুক্ত নাগৰিক বুলি কৈ আছে। সন্দেহযুক্ত নাগৰিক বুলি কৈ চৰকাৰখনে আমাক উচ্ছেদ কৰিছে। মানুহবোৰ চালি-জাৰি চালেই গম পাব- সকলোৰে NRCত নাম আছে, ভোটাৰ তালিকাত নাম আছে। এক কথাত আমি ইয়াত আদিম যুগৰে পৰা বাস কৰি আছো। আমাক উচ্ছেদ কৰিলে, ঘৰ ভাঙি দিলে। কিন্তু আমাৰ বিধায়ক আৰু সাংসদৰ খবলৈ লবলৈ এবাৰ আহৰি নহ'ল। আগন্তুক নিৰ্বাচনত এই উচ্ছেদিক লোকসকলেই এই বিধায়ক, সাংসদ সকলক উচিত প্ৰত্যুত্তৰ দিব"। 

Advertisment
Advertisment