Assameseবাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ পূৰ্বেই দলৰ পৰা বহিস্কাৰ বিধায়কপুনৰ নিৰ্মাণ হ'ব বাবৰি মছজিদ! ৬ ডিচেম্বৰত স্থাপন কৰা হ'ব বাবৰি মছজিদৰ আধাৰশিলা। তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰৰ এই মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। কিন্তু বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ পূৰ্বেই দলৰ পৰা বহিস্কাৰ বিধায়ক ।Mrinmoy Talukdar Dec 04, 2025 17:31 ISTFilephotoবাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ পূৰ্বেই দলৰ পৰা বহিস্কাৰ বিধায়ক পুনৰ নিৰ্মাণ হ'ব বাবৰি মছজিদ! ৬ ডিচেম্বৰত স্থাপন কৰা হ'ব বাবৰি মছজিদৰ আধাৰশিলা। ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব পশ্চিমবংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'বলগীয়া বাবৰি মছজিদ নিৰ্মাণকাৰ্য। তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰৰ এই মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। AdvertismentRead More- বোকাখাতৰ কন্যাৰ দপদপনি... BCCI U-19 টুৰ্নামেণ্টৰ বাবে অসম দলত স্থানলাভ লক্ষীপ্ৰিয়া, টিনামণি আৰু ডলীৰ১৯৯২ৰ ৬ ডিচেম্বৰত ধ্বংস হৈছিল বাবৰি মছজিদ। সেই দিনটোতে পশ্চিমবংগৰ মুৰ্ছিদাবাদত স্থাপন কৰা হ'ব বাবৰি মছজিদৰ আধাৰশিলা। TMCৰ বিধায়ক হুমায়ুন কবিৰৰ ঘোষণাক লৈ দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। এই বিতৰ্কৰ মাজতেই বিধায়ক হুমায়ুন কবিৰক দলৰ পৰা অব্যাহতি দিছে শাসকীয় তৃণমূল কংগ্ৰেছ দলে। Read More- প্ৰধানমন্ত্ৰী মোদীক তাচ্ছিল্য কৰি AI ভিডিঅ’ কংগ্ৰেছৰতৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবীৰে বাবৰি মছজিদ নিৰ্মাণৰ কথা ঘোষণা কৰি পশ্চিমবংগত বৃহৎ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত ভাইৰেল এক ভিডিঅ’ অনুসৰি মুৰ্ছিদাবাদৰ ভাৰতপুৰ সমষ্টিৰ বিধায়ক হুমায়ুন কবীৰে সকীয়াই দিছে যে, তেওঁক মছজিদ নিৰ্মাণৰ কামত বাধা দিবলৈ চেষ্টা কৰাসকলে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। Read More- ১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰবিধায়ক হুমায়ুন কবীৰে পোনপটীয়াকৈ ভাবুকি দি কয় যে, "কোনোৱে যাতে আমাক বাধা দিবলৈ চেষ্টা নকৰে। আমাক কোনোবাই বাধা দিবলৈ চেষ্টা কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সম্মুখীন হ'ব লাগিব। মনত ৰাখিব আমাৰ ১০০ জনৰ মৃত্যু হ'লে তেওঁলোকৰ ৫০০ জনৰ মৃত্যু হ'ব।"Read More- বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুনক উভতাই আনিব লাগিব ভাৰতলৈলগতে বিধায়ক হুমায়ুন কবীৰে কয় যে, "পশ্চিমবংগৰ বৰ্তমানৰ জনসংখ্যাৰ ৩৭% মুছলমান। আৰু বাবৰি মছজিদৰ নিৰ্মান সম্পূৰ্ণ হোৱালৈকে মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ ৪০% হ'ব।" গতিকে আমাক কোনেও বাধা দিবলৈ চেষ্টা নকৰিব। যেতিয়া মছজিদ ভাঙি মন্দিৰ নিৰ্মাণ কৰা হৈছিল তেতিয়া কোনেও প্ৰতিবাদ কৰা নাছিল। কিন্তু মই যেতিয়া বাবৰৰ নামত মছজিদ নিৰ্মাণ কৰিব বিচাৰো, তেতিয়া প্ৰতিবাদ কিয়? যদি উচ্চতম ন্যায়ালয়ে বাবৰৰ নামত মছজিদ নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰিছে, তেনেহলে মোক জনাওক। তেতিয়া মই মছজিদ নিৰ্মান নকৰো।Read More- চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তিAdvertismentAdvertisment Read the Next Article