Advertisment

"আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল...!"

"আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল ! সকলো থান বান হৈ গ'ল ! কেনেকৈ কি ঘটিছিল সেই অভিশপ্ত দিনটোত আমি নজনালৈকে এই জুইকুৰা বুকুত জ্বলি থাকিব সদায়"! প্ৰিয় গল্ডীক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। 

 Filephoto
Filephoto

"আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল...!
 প্ৰিয় গল্ডীক স্মৰণ গৰিমাৰ 

"আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল ! সকলো থান বান হৈ গ'ল ! কেনেকৈ কি ঘটিছিল সেই অভিশপ্ত দিনটোত আমি নজনালৈকে এই জুইকুৰা বুকুত জ্বলি থাকিব সদায়"! প্ৰিয় গল্ডীক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। 

Advertisment

Read More- নিজক উদঙাই সকলো খিনি দিছিল জুবিনে-গৰিমা

জুবিনবিহীন প্ৰায় ৩টা মাহ। ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোতেই কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত প্ৰতিজন অসমীয়া। ১৯ ছেপ্তেম্বৰৰ সেই অভিশপ্ত দিনটোত আমাৰ প্ৰাণৰ শিল্পীৰ সৈতে কি হৈছিল, কিয় আমি প্ৰাণৰ শিল্পীক হেৰুৱাবলগীয়া হ'ল এই ৰহস্য জানিবলৈ উদগ্ৰীৱ প্ৰতিজন অসমীয়া। জুবিন গাৰ্গে ন্যায় লাভ নকৰা পৰ্যন্ত প্ৰতিজন অসমীয়াৰ অন্তৰত জ্বলি থকা জুইকুৰাও ক্ষান্ত নহয়। 

Read More- 'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছিল SIT। শুকুৰবাৰে জুবিন গাৰ্গ ঘটনাৰ ২,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিলে SIT-এ। কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ১৮/২৫নং গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিলে SIT-এ। 

Read More- কি কি আছে চাৰ্জশ্বীটত? ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা

SITৰ চাৰ্জশ্বীটত ন্যায়িক জিম্মাত থকা ৪ অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ১০৩ ধাৰা। BNSৰ ১০৩ ধাৰা প্ৰয়োগ হয় হত্যাৰ গোচৰত। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ১০৩ ধাৰা। আনহাতে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে চাৰ্জশ্বীটত লগোৱা হৈছে ১০৫ ধাৰা। লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে BNS ৩১৬ ধাৰা।  

Read More- চাৰ্জশ্বীট দাখিল, ৰহস্য জানিবলৈ অপেক্ষাৰত অসমীয়া

আৰু ইয়াৰ মাজতেই প্ৰিয় গল্ডীক সুঁৱৰি সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট হাৰ্টথ্ৰ'ৱৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। সামাজিক মাধ্যমত প্ৰিয় গল্ডীক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গে লিখিছে, "আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল ! সকলো থান বান হৈ গ'ল ! তোমাৰ নিচিনা এজন ব্যক্তিৰ প্ৰতি ইমান জঘন্য অন্যায় কোনোবাই কেনেকৈ কৰিব পাৰে ? কেনেকৈ কি ঘটিছিল সেই অভিশপ্ত দিনটোত আমি নজনালৈকে এই জুইকুৰা বুকুত জ্বলি থাকিব সদায় ! অপেক্ষা কৰিছোঁ ন্যায় প্ৰক্ৰিয়াত সকলো সোনকালে ওলাই আহক আৰু প্ৰতিটো অসুৰে পৃথিৱীৰ কঠোৰতম শাস্তি পাওক 🙏🙏"।

Advertisment
Advertisment