Advertisment

চিকিৎসাৰ অভাৱত কৰুণ মৃত্যু ডেৰমহীয়া শিশুৰ

মাৰ্ঘেৰিটাত চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি চিকিৎসক নাপাই কৰুণ মৃত্যুক আঁকোৱালি ল'লে এটি ডেৰমহীয়া শিশুৱে। সঠিক সময়ত চিকিৎসা নাপাই মৃত্যু হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।

 চিকিৎসাৰ অভাৱত কৰুণ মৃত্যু ডেৰমহীয়া শিশুৰ Photograph: (DY365)
চিকিৎসাৰ অভাৱত কৰুণ মৃত্যু ডেৰমহীয়া শিশুৰ Photograph: (DY365)

চিকিৎসাৰ অভাৱত কৰুণ মৃত্যু ডেৰমহীয়া শিশুৰ


ক'ত ঘটিল এই শোকাৱহ ঘটনা?     

মাৰ্ঘেৰিটাত চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি চিকিৎসক নাপাই কৰুণ মৃত্যুক আঁকোৱালি ল'লে এটি ডেৰমহীয়া শিশুৱে। সঠিক সময়ত চিকিৎসা নাপাই মৃত্যু হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। বাগান চিকিৎসালয়ৰ চিকিৎসাকৰ্মীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ বাবে দাবী চাহ জনজাতি ছাত্ৰ সন্থাৰ। 

Advertisment

Also Read: মুছলমান যুৱকৰ দুঃসাহসিকতা, সন্ত্ৰাসবাদীৰ হাতৰ পৰা কাঢ়ি আনিলে বন্দুক


খবৰ অনুসৰি শনিবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত মাৰ্ঘেৰিটা বাগানৰ শ্ৰমিক উদয় গোৱালাৰ ডেৰ মহীয়া শিশুটি জ্বৰ হোৱাত স্থানীয় মাৰ্ঘেৰিটা বাগানৰ চিকিৎসালয়লৈ নিয়া হৈছিল। চিকিৎসালয়ত  কৰ্মৰত নাৰ্ছগৰাকীয়ে শিশুটিৰ অৱস্থা জটিল দেখি মাৰ্ঘেৰিটা এফ আৰ ইউলৈ প্ৰেৰণ কৰে।

মাৰ্ঘেৰিটা এফ আৰ ইউলৈ পৰিয়ালে শিশুটিক লৈ যায় যদিও সেই সময়ত জৰুৰীকালীন সেৱাৰ চিকিৎসক গৰাকীও চিকিৎসালয়ত নথকাৰ অভিযোগ পৰিয়ালটোৰ। তাৰপিছতে মাৰ্ঘেৰিটা এফ আৰ ইউত কৰ্মৰত কৰ্মচাৰীয়েই ওচৰতে থকা মে'ফ্লাৰ নামৰ নাৰ্ছিং হোমলৈ লৈ যায় যদিও কোনো চিকিৎসক পোৱা নগ'ল।

Also Read: দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা নাচিম আলী
 
উপায়ন্তৰ হৈ বাগানৰ শ্ৰমিক উদয় গোৱালাই শিশুটিৰ চিকিৎসাৰ বাবে ঘূৰি ঘূৰি কোনো চিকিৎসক নোপোৱাত ঘৰলৈ বুলি ঘূৰাই অনাৰ পিছতে নিশা ১০ বজাত শিশুটিয়ে কৰুণ মৃত্যুক আঁকোৱালি লয়। 

পৰিয়ালৰ অভিযোগ যে, সঠিক সময়ত চিকিৎসা বা চিকিৎসক পোৱা হ'লে শিশুটি হেৰুৱাব লগা নগ'লহলহেঁতেন। পৰিয়ালৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ অভিযোগ যে মাৰ্ঘেৰিটা এফ আৰ ইউৰ জৰুৰীকালীন সেৱাত থকা চিকিৎসকৰ লগতে কৰ্মত গাফিলতি কৰা সকলো কৰ্মচাৰীকে বিহীত ব্যৱস্থা ল'বৰ বাবে দাবী জনাইছে।

Also Read: "কা"ৰ অধীনত অসমত দুই বাংলাদেশী নাগৰিকে পুনৰ পালে ভাৰতীয় নাগৰিকত্ব

Advertisment
Advertisment