Assameseবৰ্ষাপাৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে অনুৰাগীয়েবৰ্ষাপাৰাত খেল চাবলৈ যোৱা অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সাব্যস্ত কৰিলে প্ৰতিবাদ। বেনাৰত অনুৰাগীয়ে লিখিছে, "ধুমুহাৰ সতে মোৰ বহু যূগৰে নাচোন..."। "We Want Justice, আমি ন্যায়লৈ অপেক্ষাৰত"!Mrinmoy Talukdar Nov 23, 2025 14:33 ISTFilephoto"We Want Justice"বৰ্ষাপাৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে অনুৰাগীয়ে উত্তৰ পূৰ্বাঞ্চল তথা অসমভূমিৰ সেউজ ঘাঁহনিত সৰ্ব প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল টেষ্ট মেচ। প্ৰথমবাৰৰ বাবে গৃহৰাজ্যত টেষ্ট ক্ৰিকেট উপভোগৰ সুযোগ লাভ কৰিলে ৰাজ্যৰ ক্ৰিকেট অনুৰাগীসকলে। বৰ্ষাপাৰাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচৰ আজি দ্বিতীয়টো দিন। টেষ্ট ক্ৰিকেটৰ আমেজ ল’বলৈ পুৱাই ক্ৰিকেটপ্ৰেমীৰ ভিৰ দেখা গ'ল ষ্টেডিয়ামত।Advertismentটছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছিল দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই। দিনান্তত দক্ষিণ আফ্ৰিকাৰ সংগ্ৰহ ৪২৮/৭। দক্ষিণ আফ্ৰিকাৰ হৈ শতক অৰ্জন কৰে মুথুস্বামীয়ে। মুথুস্বামীয়ে ১০৭ ৰানত বেটিং কৰি থকাৰ বিপৰীতে মাৰ্কো জানছেনে ৫১ ৰানত বেটিং কৰি আছে। ভাৰতৰ হৈ কুলদ্বীপ যাদৱে সৰ্বাধিক ৩টা, ৰবীন্দ্ৰ জাদেজা ২টা, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজে ১টাকৈ উইকেট দখল কৰে। বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত টেষ্টখনৰ আজি দ্বিতীয়টো দিন। খেল চাবলৈ যোৱা অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সাব্যস্ত কৰিলে প্ৰতিবাদ। বেনাৰত অনুৰাগীয়ে লিখিছে, "ধুমুহাৰ সতে মোৰ বহু যূগৰে নাচোন..."। "We Want Justice, আমি ন্যায়লৈ অপেক্ষাৰত"!কায়িকভাৱে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ১৯ ছেপ্তেম্বৰৰ সেই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা আতৰি গৈছিল অসমৰ হাৰ্টথ্ৰৱ। অনুৰাগীৰ এটাই দাবী আমাক জুবিন গাৰ্গৰ ন্যায় লাগে। কি কাৰণত আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল তাৰ উত্তৰ বিচাৰিছে প্ৰতিজন অসমীয়াই। কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে জুবিন গাৰ্গ। ইতিমধ্যে বিশ্ববাসীক অসমীয়াই দেখুবাই দিছে যে অসমৰ বাবে জুবিন নামৰ সত্বাটো কি আছিল। ইতিমধ্যে জুবিন গাৰ্গৰ নামত চলি থকা ডিজিটেল আন্দোলনখনেও ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিছে। তাৰ মাজতেই আজি বৰ্ষাপাৰত ক্ৰিকেট চাবলৈ অহা অনুৰাগীয়ে হাতত বেনাৰ লৈ জুবিন গাৰ্গৰ বাবে বিচাৰিলে ন্যায়। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি অনুৰাগীয়ে ক'লে- "আমি জুবিন দাৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছো। জুবিন দাই সোনকালে ন্যায় পাব লাগে"। Zubeen GargAdvertismentAdvertisment Read the Next Article