Advertisment

দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা নাচিম আলী

বুকুত অদম্য সাহস আৰু কাৰোবাৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা থাকিলে সাধাৰণতে অসাধ্য বুলি ভৱা কামো সহজ কৰি তুলিব পাৰে কিছুমান লোকে। দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা এজন বিশেষভাৱে সক্ষম যুৱকে আন বহুজনে অসাধ্য বুলি ভৱা কাম কৰি বহু জনৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। 

 দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা নাচিম আলী Photograph: (DY365)
দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা নাচিম আলী Photograph: (DY365)

দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা নাচিম আলী


হাতেৰে চলোৱা চাইকেল লৈ নাজিৰাৰ পৰা জুবিনক্ষেত্ৰলৈ...


বুকুত অদম্য সাহস আৰু কাৰোবাৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা থাকিলে সাধাৰণতে অসাধ্য বুলি ভৱা কামো সহজ কৰি তুলিব পাৰে কিছুমান লোকে। দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা এজন বিশেষভাৱে সক্ষম যুৱকে আন বহুজনে অসাধ্য বুলি ভৱা কাম কৰি বহু জনৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। 

Advertisment

Also Read: "আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল...!"

আজি আমি ক’বলৈ ওলাইছো নাজিৰাৰ বিশেষভাৱে সক্ষম নাচিম আলীৰ অদম্য সাহসৰ কাহিনী। নাজিৰাৰ পৰা এখন পুৰণি হাতেৰে চলোৱা চাইকেল লৈ জুবিনক্ষেত্ৰলৈ যাত্ৰা কৰি আজি দেওবাৰে উপস্থিত হয় নগাঁৱৰ কলিয়াবৰত। বিশেষভাৱে সক্ষম এই যুৱকজনৰ লক্ষ্যস্থান হাৰ্টথৱ জুবিন গাৰ্গৰ সোণাপুৰৰ জুবিনক্ষেত্ৰলৈ।

উল্লেখ্য যে, ২০২২ চনত এক দুৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰি চিৰদিনৰ বাবে হেৰুৱাইছিল এইজন যুৱক নাচিম আলীয়ে। গুৰুতৰভাৱে আহত যুৱকজনক চিকিৎসা প্ৰদানৰ সকলো খৰচ বহন কৰি সুস্থ কৰি তুলিছিল প্ৰিয় শিল্পী জুবিন গাৰ্গে। মানৱতাৰ মহান নিদৰ্শন দাঙি ধৰা জুবিন গাৰ্গৰ প্ৰতি হৃদয়ত সাঁচি ৰাখিছিল অজস্ৰ মৰম আৰু ভক্তি এই যুৱকজনে। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছিল নাচিম আলীক। মানিব নোৱৰা এই খবৰে শোকাকুল কৰি তুলিছিল নাচিম আলীক। জীৱন দান দিয়া প্ৰিয় মানুহজনৰ ওচৰলৈ আহিবলৈ ব্যাকুল হৈ আছিল নাচিম আলী। 

Also Read: 'আমাক নিৰ্বাচনী ললিপপ নালাগে'-বিজেপি চৰকাৰক হুংকাৰ

নাচিমে সোণাপুৰৰ জুবিনক্ষেত্ৰতলৈ লৈ আহিবলৈ বহুতক খাতিৰ কৰিও কোনো ফল নোপোৱাত বৃহস্পতিবাৰে নাজিৰাৰ পৰা যাত্ৰা আৰম্ভ কৰে। হাতেৰে চলোৱা পুৰণি চাইকেলখনেৰেই আহি  উপস্থিত হয় কলিয়াবৰত। চাইকেলত আঁৰি লৈছে জুবিন গাৰ্গৰ লগত অতিবাহিত কৰা বিশেষ মূহুৰ্তৰ ফটো।

Also Read: কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নাজিৰাৰ পৰা সোণাপুৰলৈ যাত্ৰা আৰম্ভ কৰা বিশেষভাৱে সক্ষম এই যুৱকজনৰ জুবিন প্ৰেমে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে যে, কিমান ভক্তি আৰু ভালপোৱা থাকিলে এনে কাম কৰিবলৈ সাহস কৰিব পাৰে।

Advertisment
Advertisment