"অসম পালেহি সকলোৰে প্ৰাণৰ, হেঁপাহৰ, মৰমৰ, অসমীয়াৰ জুবিন গাৰ্গ অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত অসম পালেহি সকলোৰে প্ৰাণৰ, হেঁপাহৰ, মৰমৰ জুবিন গাৰ্গ। এয়াৰ ইণ্ডিয়াৰ AXB1197 বিমানখনৰে অসমলৈ অনা হৈছে অসম আৰু অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গক। ৬.৪০ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিশেষ বিমানখনে। কিন্তু এতিয়াও জুবিন গাৰ্গ যে নাই সেই কথা মানি লব পৰা নাই কোনো অসমীয়াই। Advertisment বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতেই অনুৰাগীয়ে যেন নিজক বাধা দিব পৰা নাই। জুবিন গাৰ্গ যে নাই সেই কথা মানি লব পৰা নাই কোনো অসমীয়াই। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে জুবিন গাৰ্গক এবাৰ চাবলৈ। জুবিন গাৰ্গে কোৱাৰ নিচিনাকৈয়ে অসমীয়াই আজি প্ৰমান কৰিছে যে সছাকৈয়ে জুবিন গাৰ্গৰ কোনো ধৰ্ম নাই। বৰঝাৰ বিমানবন্দৰত পত্নী গৰিমা গাৰ্গে চমজি ল"লে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷ ইয়াৰ পাছতেই অগণন গুণমুগ্ধৰ উপস্থিতিত বিমান বন্দৰৰ পৰা পুষ্পসজ্জিত বাহনেৰে কাহিলীপাৰাৰ বাসগৃহ অভিমুখে ৰাওনা হৈছে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। লগত অগণন অনুৰাগী, গুণমুগ্ধ। কাহিলীপাৰাত পৰিয়ালৰ লোক তথা আত্মীয়ই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব অসমীয়াৰ হেঁপাহৰ জুবিনক। তাৰ পাছতে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ৰখা হ"ব জুবিনৰ পাৰ্থিৱ শৰীৰ। ১৯ ছেপ্টেম্বৰৰ দিনটো আছিল সমগ্ৰ অসমবাসীৰ বাবে এটা ক"লা দিন। এই দিনটোতেই আহিছিল অনাকাংক্ষিত খবৰটো। ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লৈছিল আমাৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। দ্বীপ ৰাষ্ট্ৰ ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। অনুষ্ঠানৰ পূৰ্বে য়টত উঠি সাগৰলৈ গৈছিল জুবিন। সাঁতুৰিবৰ বাবে লাইফ জেকেট পিন্ধি জুবিন নামিছিল পানীত। সাঁতুৰি থাকোঁতেই স্বাস্থ্য অৱনতি ঘটে জুবিন গাৰ্গৰ। ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল জুবিনক। ছিংগাপুৰৰ জেনেৰেল হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হৈছিল জুবিনক। কিন্তু সকলো চেষ্টা অসাৰ কৰি অজস্ৰ অনুৰাগীক কন্দুৱাই জুবিন ঘূৰি নহাৰ পথেৰে গুচি গ"ল। অনাকাংক্ষিত সেই খবৰটোৰ পাছত প্ৰতিজন অসমীয়াই এটাই অপেক্ষাত আছিল, কেতিয়া অসম পাব জুবিনৰ পাৰ্থিৱ শৰীৰ? আৰু সকলো অপেক্ষাৰ অন্ত পেলাই কিছু সময় পূৰ্বে অসম পালে জুবিনৰ নশ্বৰ দেহ। ২০ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে ছিংগাপুৰৰ পৰা দিল্লীলৈ অনা হয় জুবিনৰ পাৰ্থিৱ শৰীৰ। পৰৱৰ্তী সময়ত দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চমজি লয় জুবিন গাৰ্গৰ মৃতেদহ, আৰু পাছত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে লৈ অনা হয় অসমলৈ। জুবিনক শেষ বাৰৰ বাবে প্ৰাণভৰি চাবলৈ ডেৰটা দিন ধৰি অপেক্ষা কৰিছে সকলোৱে। জুবিনক হেৰুৱাই চকুলো টুকিছে প্ৰতিগৰাকী অসমীয়াই। বন্ধ হৈ পৰিছে সকলো দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি। জুবিনে যেন লৈ গ"ল অসমৰ সকলো হাঁহি আনন্দ। জুবিনৰ বাবে এতিয়া স্তব্ধ হৈ সমগ্ৰ অসম। উল্লেখ্য যে, জুবিনৰ মৃত্যুৰ পাছতে ৰাজ্য চৰকাৰে তিনিদিনীয়া ৰাজ্যিত শোক ঘোষণা কৰে। ইতিমধ্যে জুবিনৰ অন্ত্যোষ্টিক্ৰিয়াৰ স্থানৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও সোণাপুৰ হ"ব পাৰে জুবিনৰ শেষ ঠিকনা। মৃত্যু এক চিৰন্তন সত্য। কিন্তু জুবিনৰ মৃত্যু কোনোৱে মানি ল"ব বিচৰা নাই। জুবিনক হেৰুৱাই মৰ্মাহত হৈ পৰিছে লাখ লাখ অনুৰাগী। কাৰণ জুবিন অসমীয়াৰ হিয়াৰ আমঠু, প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণ। জুবিনবিহীন অসমৰ কল্পনা কৰিব পৰা নাই কোনো অসমীয়াই। ৰাজপথত ভিৰ কৰিছে অনুৰাগীয়ে। কাহিলীপাৰাৰ জুবিনৰ বাসগৃহৰ পৰা আৰম্ভ কৰি সৰুসজাইলৈ প্ৰতিটো প্ৰান্ততে জুবিনৰ অনুৰাগী। সকলোৰে কেৱল এটাই আশা, এটাই হেঁপাহ শেষবাৰৰ বাবে মৰমৰ জুবিনক শেষৰবাৰ ওচৰৰ পৰা চোৱা। অসমীয়াক নিঠৰুৱা কৰি জুবিন গ"লগৈ, কিন্তু জুবিন সদায় থাকিব প্ৰতিজন অসমীয়াৰ মাজত, প্ৰতিজন অসমীয়াৰ হৃদয়ত।"