Advertisment

জুবিন যেন আমাৰ দেউতা! ৰাজহুৱা মুণ্ডন কৰি জুবিনলৈ শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ

জুবিনৰ তিলনী পাতি ৰাজহুৱা মুণ্ডন অনুৰাগীৰ। চাবুৱা মৰিছা গাঁৱত সম্পূৰ্ণ মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত আধ্যাত্মিক অনুষ্ঠানত হিয়াৰ আমঠু শিল্পীগৰাকীক ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধাঞ্জলি জনালে অনুৰাগীয়ে।

 ৰাজহুৱা মুণ্ডনেৰে জুবিনলৈ শ্ৰদ্ধাঞ্জলি Photograph: (file)
ৰাজহুৱা মুণ্ডনেৰে জুবিনলৈ শ্ৰদ্ধাঞ্জলি Photograph: (file)

জুবিন কিমান ভালপাই এইসকলে? ৰাজহুৱা মুণ্ডন কৰি জুবিনলৈ শ্ৰদ্ধাঞ্জলি...

জুবিন বুকুত আছে, জুবিন আছে জুবিন গাৰ্গৰ এনে এজন শিল্পী যিয়ে চুই গ'ল সকলোৰে মন প্ৰাণ। সেই জুবিনৰ মহাপ্ৰয়াণত আজি সমগ্ৰ অসমে কান্দিছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ লৈ শ্ৰদ্ধাঞ্জলি জনাই চাবুৱাত অনুস্থিত কৰা হ'ল জুবিন গাৰ্গৰ তিলনী অনুষ্ঠান। প্ৰিয় শিল্পীগৰাকীলৈ চাবুৱাবাসীয়ে ব্যতিক্ৰমী ৰূপত ৰাজহুৱা মুণ্ডন কৰি জনালে শ্ৰদ্ধাঞ্জলি।

Advertisment

অসমীয়াৰ হৃদয় স্পন্দন জুবিনক অকালতে হেৰুৱাই সমগ্ৰ অসমবাসী শোকত বিহ্বল হৈ থকাৰ সময়তে এনেদৰে চাবুৱাত অনুস্থিত হ'ল জুবিনৰ ৰাজহুৱা তিলনী অনুষ্ঠান। এই তিলনী অনুষ্ঠানতে শোকত বিহ্বল জুবিনৰ অনুৰাগীয়ে স্বতঃস্ফূর্তভাৱে মুণ্ডন কৰি প্ৰাণৰ, হিয়াৰ আমঠু শিল্পীগৰাকীক ব্যতিক্ৰমীভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
 
মন কৰিবলগীয়া যে চাবুৱা মৰিছা গাঁৱত সম্পূৰ্ণ মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত এই আধ্যাত্মিক অনুষ্ঠানতে শ-শ জুবিন অনুৰাগীয়ে অংশ গ্ৰহণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে অসমৰ সংগীতৰ সাধক ভগৱান সদৃশ জুবিন গাৰ্গক। 

প্ৰতিটো গীতেৰে প্ৰতিজন অসমীয়াক চুই যোৱা, অমৰ হোৱা জুবিন গাৰ্গৰ বাবে অসমীয়াৰ এয়া স্বতঃস্ফূর্ত মৰম-ভালপোৱা আৰু সন্মান। 

অসমৰ সংগীত জগতৰ যুগস্ৰষ্টা জুবিন গাৰ্গক পিতৃ জ্ঞান কৰি এনেদৰে বহু অনুৰাগীয়ে ৰাজহুৱা মুণ্ডনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কাৰ্যই জলন্ত প্ৰমাণ কৰে যে জুবিনক কিমান ভাল পাই এইসকল অনুৰাগীয়ে। মনৰ, হৃদয়ৰ নিভৃত কোণৰ পৰা ওলাই অহা এই মৰম আৰু ভালপোৱাই বুজাই গ'ল এগৰাকী শিল্পীক মানুহে কিমান আপোন বুলি ভাবিব পাৰে।

জুবিনক অনুৰাগীয়ে পিতৃ জ্ঞান কৰাৰ মূলতে জুবিনৰ গানৰ প্ৰতিটো শাৰী, জুবিনৰ কণ্ঠৰ সেই আৱেগ। জুবিনৰ গানত আছে প্ৰেম-ভালপোৱা, বিৰহ-বেদনাকে ধৰি জাতিৰ প্ৰতি ভালপোৱা এটা সত্তা। যি সত্তাৰ বাবে জুবিন আজি অমৰ।

জুবিনক বেয়া পোৱা মানুহ অসমত নাই। শিশু, কিশোৰ, বৃদ্ধ, অবাল-বনিতা সকলোৰে মুখত এতিয়া জুবিনৰ গান। যেন জুবিনৰ গানে বাট দেখুৱাই পথভ্ৰষ্ট হোৱা অজস্ৰজনক। জীৱন যুঁজৰ সংগ্ৰামত সাহস দিয়ে জুবিনৰ গানে। সেয়ে আজি জুবিনবিহীন অসমক মানি ল'ব পৰা নাই কোটি কোটি অনুৰাগীয়ে। জুবিনৰ আত্মাৰ শান্তি কামনাৰে সকলোৱে বিচাৰিছে জুবিনৰ ন্যায়।