Advertisment

জুবিনক্ষেত্ৰ আৰু  SOP বিতৰ্ক!

নিশা ১১ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ।  সুৰাপানৰ অভিযোগৰ পিছতে নিশা ১০ বজাত জুবিনক্ষেত্ৰ বন্ধৰ নিৰ্দেশ দিছিল প্ৰশাসনে। জুবিনক্ষেত্ৰত যাবলৈ প্ৰশাসনে সময় নিৰ্ধাৰণ কৰি দিয়াক লৈ অনুৰাগীসকলৰ মাজতো সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।  

 FILEPHOTO
FILEPHOTO

জুবিনক্ষেত্ৰ আৰু  SOP বিতৰ্ক!

নিশা ১১ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ।  সুৰাপানৰ অভিযোগৰ পিছতে নিশা ১০ বজাত জুবিনক্ষেত্ৰ বন্ধৰ নিৰ্দেশ দিছিল প্ৰশাসনে। জুবিনক্ষেত্ৰত যাবলৈ প্ৰশাসনে সময় নিৰ্ধাৰণ কৰি দিয়াক লৈ অনুৰাগীসকলৰ মাজতো সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।  

Advertisment

সোণাপুৰৰ জুবিনক্ষেত্ৰত প্ৰশাসনে জাৰি কৰা SOPক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। সুৰাপানৰ অভিযোগৰ পিছতে নিশা ১০ বজাত জুবিনক্ষেত্ৰ বন্ধৰ নিৰ্দেশ দিছিল প্ৰশাসনে। কিন্তু জুবিনক্ষেত্ৰত প্ৰৱেশক লৈ প্ৰশাসনে সময় নিৰ্ধাৰণ কৰি দিয়াৰ বাবে অনুৰাগীসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে সমাধিক্ষেত্ৰ নিশা ১১ বজালৈ খোলা ৰখা হ’ব বুলি সিদ্ধান্ত লৈছে প্ৰশাসনে। 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা স্থানত একাংশই সুৰাপান কৰাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছত প্ৰশাসনে নিশা ১০ বজাত জুবিন ক্ষেত্ৰ বন্ধৰ নিৰ্দেশেৰে জাৰি কৰিছিল SOP। 

জুবিন গাৰ্গৰ অনুৰাগীসকলৰ মাজত সৃষ্ট প্ৰতিক্ৰিয়াৰ পিছত সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ আহ্বানলৈ সঁহাৰি জনাই সোণাপুৰৰ জুবিনক্ষেত্ৰ নিশা ১১ বজালৈ খোলা থাকিব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে। 

নিশা ১০ বজাত জুবিনক্ষেত্ৰ বন্ধৰ নিৰ্দেশৰ পিছত শুকুৰবাৰে নিশা জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। চৰকাৰৰ নিৰ্দেশনাৰ বিৰোধিতা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ‘চাৰ্জশ্বীট দাখিল কৰাটোৱেই চৰকাৰৰ দায়িত্ব হ’ব নোৱাৰে’ বুলি উল্লেখ কৰিছিল। 

জুবিন ক্ষেত্ৰত প্ৰৱেশক লৈ চৰকাৰে জাৰি কৰা SOPৰ বিৰোধিতা কৰি অখিল গগৈয়েও অসমৰ ৰাইজে চৰকাৰে জাৰি কৰা SOP নামানে বুলি উল্লেখ কৰিছিল।

আৰু অৱশেষত জুবিন অনুৰাগীৰ বিৰোধিতাত ১১ বজালৈ জুবিনক্ষেত্ৰ খোলা ৰাখিবলৈ সিদ্ধান্ত ল'লে প্ৰশাসনে। 

Advertisment
Advertisment