Assameseচিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে নাচি অপসাৰিত চিকিৎসক !চিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে হিন্দী গীতৰ তালত নাচি অৱশেষত অপসাৰিত হ’ল এজন চৰকাৰী চিকিৎসক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দায়িত্বৰ পৰা অপসাৰিত হ’ল ৱাকাৰ ছিদ্দিকী নামৰ চিকিৎসক। উত্তৰপ্ৰদেশত এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।Mrinmoy Talukdar Nov 23, 2025 15:31 ISTFilephotoচিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে নাচি অপসাৰিত চিকিৎসক !চিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে হিন্দী গীতৰ তালত নাচি অৱশেষত অপসাৰিত হ’ল এজন চৰকাৰী চিকিৎসক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দায়িত্বৰ পৰা অপসাৰিত হ’ল ৱাকাৰ ছিদ্দিকী নামৰ চিকিৎসক। উত্তৰপ্ৰদেশত এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। Advertismentউত্তৰপ্ৰদেশৰ ছামলি জিলা চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। ৰাজ্যখনৰ ছামলি জিলা চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক ৱাকাৰ ছিদ্দিকীয়ে ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ বিপৰীতে প্ৰেয়সীৰে হস্পিতেলৰ কোঠাত লংপেণ্ট আৰু গেঞ্জী পিন্ধি নৃত্য কৰি সমগ্ৰ দৃশ্য বন্দী কৰিছিল কেমেৰাত। তাৰপিছতে সেই দৃশ্য চিকিৎসকজনে আপলোড কৰিছিল ছ’চিয়েল মিডিয়াত। ছ’চিয়েল মিডিয়াত এই দৃশ্য আপলোড হোৱাৰ পাছতে চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি চিকিৎসকৰ অভাৱৰ সন্মুখীন হৈ আহিছে ছামলি জিলা চৰকাৰী চিকিৎসালয়। ইয়াৰ বাবেই দুবছৰীয়া চুক্তিত কেইবাজনো চিকিৎসকক নিযুক্তি দিয়া হৈছিল। ছ’চিয়েল মিডিয়াত নৃত্য কৰি ভিডিঅ' আপলোড কৰা ৱাকাৰ ছিদ্দিকী নামৰ চিকিৎসকজনকো ঠিকাভিত্তিকভাৱে ছামলি জিলা চৰকাৰী চিকিৎসালয়ত নিযুক্তি দিয়া হৈছিল। ইতিমধ্যে এই ঘটনাৰ পাছতে চিকিৎসক ৱাকাৰ ছিদ্দিকীক বদলি কৰা হৈছে। ইতিমধ্যে সমগ্ৰ বিষয়টোৰ ওপৰত উচ্চ কৰ্তৃপক্ষলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদনৰ ভিত্তিতে চিকিৎসক ৱাকাৰ ছিদ্দিকীৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰা হ’ব। আনহাতে সমগ্ৰ ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে চিকিৎসক ৱাকাৰ ছিদ্দিকীক অপসাৰণৰ নিৰ্দেশ দিছে।আনহাতে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতেই চিকিৎসা অধীক্ষক ডাঃ বীৰেন্দ্ৰ সিঙে সংশ্লিষ্ট চিকিৎসক ৱাকাৰ ছিদ্দিকীক জাননী জাৰি কৰি ঘটনা সন্দৰ্ভত স্পষ্টীকৰণৰ দাবী জনায়। চিকিৎসালয়খনৰ মৰ্যাদাক অপমান কৰা বুলি গণ্য কৰি বিভাগে চিকিৎসক ৱাকাৰ ছিদ্দিকীক তেওঁৰ আৱাসিক কোঠা খালী কৰিবলৈ নিৰ্দেশ দিয়ে।লগতে ডাঃ ৱাকাছ ছিদ্দিকীৰ এগৰাকী যুৱতীৰ সৈতে নাচি থকা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বিষয়টো অধিক তীব্ৰতৰ হৈ পৰে। কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত ৱাকাৰ ছিদ্দিকীয়ে কোনোধৰণৰ মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে।AdvertismentAdvertisment Read the Next Article