Advertisment

"কা"ৰ অধীনত অসমত দুই বাংলাদেশী নাগৰিকে পুনৰ পালে ভাৰতীয় নাগৰিকত্ব

"কা"ৰ অধীনত অসমত পুনৰ দুই বাংলাদেশী নাগৰিকে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। শ্ৰীভূমি জিলাৰ বদৰপুৰৰ এগৰাকী মহিলাই নাগৰিকত্ব লাভ কৰাৰ লগতে শিলচৰৰো এজন লোকে পালে ভাৰতীয় নাগৰিকত্ব। "কা"ৰ অধীনত অসমত এইপৰ্যন্ত ৪ বাংলাদেশী হিন্দুৱে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব।

 Filephoto
Filephoto

"কা"ৰ অধীনত অসমত দুই বাংলাদেশী নাগৰিকে পুনৰ পালে ভাৰতীয় নাগৰিকত্ব

"কা"ৰ অধীনত অসমত পুনৰ দুই বাংলাদেশী নাগৰিকে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। শ্ৰীভূমি জিলাৰ বদৰপুৰৰ এগৰাকী মহিলাই নাগৰিকত্ব লাভ কৰাৰ লগতে শিলচৰৰো এজন লোকে পালে ভাৰতীয় নাগৰিকত্ব। "কা"ৰ অধীনত অসমত এইপৰ্যন্ত ৪ বাংলাদেশী হিন্দুৱে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব।

Advertisment

Read More- মিঞাৰ আগ্ৰাসন, মিঞাৰ আক্ৰমণত ভীতিগ্ৰস্ত খিলঞ্জীয়া

অসমত পুনৰ 'নাগৰিকত্ব সংশোধনী আইন' ২০১৯ৰ অধীনত দুই বাংলাদেশী হিন্দু নাগৰিকে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। বৰাকৰ শ্ৰীভূমি জিলাৰ বদৰপুৰৰ বেনাৰ্জী উপাধিৰ এগৰাকী মহিলাই আৰু কাছাৰৰ শিলচৰ চহৰৰ গোস্বামী উপাধিৰ এজন ব্যক্তিয়ে "কা" ৰ জৰিয়তে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। 

Read More- নিজক উদঙাই সকলো খিনি দিছিল জুবিনে-গৰিমা

উল্লেখ্য যে "কা" ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰা শ্ৰীভূমি জিলাৰ বদৰপুৰৰ মহিলা গৰাকীয়ে ২০০৭ চনত ভাৰতত প্ৰৱেশ কৰি বিবাহসূত্ৰে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব। নাগৰিকত্ব লাভ কৰা দুই বাংলাদেশীক সহায় কৰা শিলচৰৰ অধিবক্তা ধৰ্মান্ধ দেৱে জানিবলৈ দিয়া অনুসৰি বদপুৰৰ বেনাৰ্জী উপাধিৰ এগৰাকী বাংলাদেশী মহিলা সহ শিলচৰ চহৰৰ গোস্বামী উপাধিৰ এজন ব্যক্তিয়ে শুকুৰবাৰে "কা"ৰ অধীনত লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব। ভাৰতীয় নাগৰিকত্ব লাভ কৰা বদৰপুৰৰ মহিলা গৰাকী মূলত বাংলাদেশৰ চট্টগ্ৰামৰ বাসিন্দা। ২০০৭ চনত পৰিয়ালৰ এজনৰ চিকিৎসাৰ বাবে মহিলা গৰাকী শিলচৰ মেডিকেল কলেজলৈ আহিছিল। তাতেই মহিলা গৰাকীৰ চিনাকি হয় বদৰপুৰৰ এজন চিকিৎসকৰ সৈতে৷ আৰু তাৰ পাছতে বদৰপুৰৰ চিকিৎসকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় বাংলাদেশৰ মহিলা গৰাকী। নাগৰিকত্ব সংশোধনী আইন ২০১৯ জাৰি হোৱাৰ পাছত মহিলা গৰাকীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিছিল। আৰু এতিয়া মহিলা গৰাকীয়ে বিবাহসূত্ৰে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব। 

Read More- কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক দিছিল ভাৰতৰ বহু স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ

আনহাতে “কা“ ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা দ্বিতীয়গৰাকী বাংলাদেশী হৈছে শিলচৰ চহৰৰ গোস্বামী উপাধিৰ ৬১ বছৰীয়া এজন ব্যক্তি । ব্যক্তিজনে ১৯৭৫ চনত বাংলাদেশৰ মৌলভীবজাৰ জিলাৰ পৰা পৰিয়ালসহ আহিছিল ভাৰতলৈ। পৰৱৰ্ত্তী সময়ত ব্যক্তিজনে শিলচৰ চহৰতে থাকিবলৈ লয়। আৰু "কা" বলবৎ হোৱাৰ পাছতে ব্যক্তিজনে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল।

Read More- কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই

উল্লেখ্য যে এই দুই বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পাছত এইপৰ্যন্ত "কা"ৰ অধীনত অসমত চাৰি বাংলাদেশী হিন্দুয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। আনহাতে নাগৰিকত্ব লাভ কৰা আটাইকেইজনেই হৈছে বৰাকৰ বাসিন্দা।

Advertisment
Advertisment