Advertisment

কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক দিছিল ভাৰতৰ বহু স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ

পাকিস্তানৰে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কুলেন্দ্ৰ শৰ্মা নামৰ এজন। গ্ৰেপ্তাৰ হোৱা কুলেন্দ্ৰ শৰ্মা বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া। দীৰ্ঘদিনে ধৰি পাকিস্তানৰ সৈতে সম্পৰ্ক থকা কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক যোগান ধৰি আহিছিল স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ। 

 filephoto
filephoto

কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক দিছিল ভাৰতৰ বহু স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ

Advertisment

তেজপুৰত পুনৰ পাকিস্তান লিংক থকা ব্যক্তিক গ্ৰেপ্তাৰ! পাকিস্তানৰে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কুলেন্দ্ৰ শৰ্মা নামৰ এজন। গ্ৰেপ্তাৰ হোৱা কুলেন্দ্ৰ শৰ্মা বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া। দীৰ্ঘদিনে ধৰি পাকিস্তানৰ সৈতে সম্পৰ্ক থকা কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক যোগান ধৰি আহিছিল স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ। 

Read More- মেছিক চাবলৈ নাপালে অনুৰাগীয়ে, খঙত ভাঙিলে চকী

পুনৰ এজন অসমীয়াৰ পাকিস্তানী লিংক! পাকিস্তানী লিংক থকাৰ অভিযোগত শনিবাৰে তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল এজনক। শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুলেন্দ্ৰ শৰ্মাক। গ্ৰেপ্তাৰ হোৱা কুলেন্দ্ৰ শৰ্মা ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া।

Read More- কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই

বৰ্তমান শোণিতপুৰ আৰক্ষীৰ জিম্মাত আছে কুলেন্দ্ৰ শৰ্মা। কুলেন্দ্ৰ শৰ্মা আছিল ভাৰতীয় বায়ুসেনাৰ এজন অভিযন্তা। পাকিস্তান লিংক সন্দৰ্ভত কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে শোণিতপুৰ আৰক্ষীয়ে।

Read More- 'আমাক নিৰ্বাচনী ললিপপ নালাগে'-বিজেপি চৰকাৰক হুংকাৰ

উল্লেখ্য যে বায়ুসেনাৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণৰ পাছত তেজপুৰ বিশ্ববিদ্যালয়ত উচ্চ বৰ্গৰ সহায়ক হিচাপে আছিল কৰ্মৰত আছিল কুলেন্দ্ৰ শৰ্মা। কৰ্মসুত্ৰে তেজপুৰত থকা কুলেন্দ্ৰ শৰ্মাৰ প্ৰকৃত ঘৰ হৈছে দৰঙত। কুলেন্দ্ৰ শৰ্মাৰ পুত্ৰও ভাৰতীয় বায়ুসেনাৰ অভিযন্তা হিচাপে কৰ্মৰত।

Read More- মিঞাৰ আগ্ৰাসন, মিঞাৰ আক্ৰমণত ভীতিগ্ৰস্ত খিলঞ্জীয়া

জানিব পৰা মতে, পাকিস্তানৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰাখি আহিছিল বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কুলেন্দ্ৰ শৰ্মাই। কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক যোগান ধৰি আহিছিল ভাৰতৰ বহু স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ। ইতিমধ্যে তেজপুৰ সদৰ আৰক্ষী থানাত কুলেন্দ্ৰ শৰ্মা নামৰ লোকজনৰ বিৰুদ্ধে ৭৮৫/২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ। ভাৰতীয় ন্যায় সংহিতাৰ ১৪৭, ১৪৮, ১৫২, ২৩৮, ৬১(২) ধাৰাতো ৰুজু গোচৰ। হানি ট্ৰেপিঙৰ জৰিয়তে কুলেন্দ্ৰ শৰ্মাৰ পৰা পাকিস্তানী দুৰ্বৃত্তই তথ্য সৰকোৱাৰ সন্দেহ আৰক্ষীৰ।

Read More- "আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল...!"

আনহাতে কুলেন্দ্ৰ শৰ্মাৰ নামৰ ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত লোকজনৰ এই কাণ্ড পোহৰলৈ অহাৰ পাছতেই তেজপুৰৰ পটিয়াচুবুৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশবিৰোধী কাৰ্যত জড়িত থকা বাবে কুলেন্দ্ৰ শৰ্মাৰ পৰিয়ালকো সামাজিক ভাৱে অঞ্চলটোৰ পৰা বহিষ্কাৰ কৰিলে তেজপুৰ পটিয়াচুবুৰী গাঁৱৰ ৰাইজে।

Advertisment
Advertisment