Assameseজনজাতিকৰণ লাগিবই! অন্যথা বিজেপিক ওফৰাই পেলোৱাৰ হুংকাৰ আটছাৰআদিবাসীয়ে কঁপাব ঢেকীয়াজুলি। জনজাতিকৰণৰ দাবীত পুনৰ সৰৱ হৈছে আটছা। ’২৬ৰ নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদাৰ দাবী। অন্যথা নিৰ্বাচনত বিজেপিক ওফৰাই পেলোৱাৰ হুংকাৰ আটছাৰ।Jyotiprasad Sarma Oct 14, 2025 10:31 ISTআদিবাসীয়ে কঁপাব ঢেকীয়াজুলি! Photograph: (DY365)আদিবাসীয়ে কঁপাব ঢেকীয়াজুলি!আদিবাসীয়ে কঁপাব ঢেকীয়াজুলি! জনজাতিকৰণৰ দাবীত পুনৰ সৰৱ হৈছে আটছা। ’২৬ৰ নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদাৰ দাবী। অন্যথা নিৰ্বাচনত বিজেপিক ওফৰাই পেলোৱাৰ হুংকাৰ আটছাৰ। Advertismentএইবাৰ আদিবাসীয়ে কঁপাই তুলিব ঢেকীয়াজুলিৰ ৰাজপথ। তিনিচুকীয়া, ডিব্ৰুগৰৰ পিছত এইবাৰ শোণিতপুৰৰ ঢেকীয়াজুলিত বৃহৎ আন্দোলনৰ হুংকাৰ আদিবাসী চাহ জনগোষ্ঠীয় লোকৰ। ঢেকীয়াজুলিৰ আকাশ, বতাহ কঁপাই তুলিব চাহ জনগোষ্ঠীয় তথা আদিবাসী সম্প্ৰদায়ৰ লোকে। ঢেকীয়াজুলিৰ বিভিন্ন প্ৰান্তৰ চাহ জনগোষ্ঠীয় লোকে চৰকাৰ বিৰোধী প্ৰতিবাদেৰে পৰিবেশ উত্তাল কৰি তুলিব। যুগ যুগ ধৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত চাহ জনগোষ্ঠী লোকৰ অস্তিত্ব ৰক্ষাৰ দাবীত গ্ৰহণ কৰিব বিশাল প্ৰতিবাদী কাৰ্যসূচী। ALSO READ:প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি, চৰকাৰে মুকলি কৰিলে আঁচনি’২৬ৰ বিধানসভা নিৰ্বাচনৰ আগতে জনজাতিৰ স্বীকৃতি নিদিলে বিজেপিক ওফৰাই দিবলৈ সাজু আদিবাসী সমাজ৷ ঢেকীয়াজুলিত অনুষ্ঠিত এখন বিশেষ সভাৰ অন্তত চৰকাৰক সকীয়াই দিলে আদিবাসীয়ে৷ ২৩ অক্টোবৰত ঢেকীয়াজুলিত কমেও ২ লাখ আদিবাসী চাহ জনগোষ্ঠীয় লোকৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। তিনিচুকীয়া, ডিব্ৰুগৰৰ পিছত এইবাৰ শোণিতপুৰৰ লাখ লাখ আদিবাসী সাজু হৈছে নিজৰ প্ৰাপ্যৰ দাবীত ৰাজপথ কঁপাবলৈ৷ জনজাতিকৰণ, চাহ শ্রমিকৰ মজুৰি বৃদ্ধি আৰু চাহ শ্রমিকক ভূমি পট্টা দিয়াকে ধৰি কেইবাটাও দাবী প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে উত্থাপন কৰিব চৰকাৰৰ ওচৰত। উল্লেখযোগ্য যে, সকলো চাহ বাগিচা, বিভিন্ন গাঁৱৰ পৰা প্ৰতিবাদী জনতাক একত্ৰিত কৰি ২৩ অক্টোবৰত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব আদিবাসীসকলে৷ চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে আদিবাসী চাহ জনগোষ্ঠীয় লোকৰ লগতে দল-সংগঠন। ইয়াৰ মাজতেই জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়, তিনিচুকীয়াত হাজাৰ হাজাৰ চাহ জনগোষ্ঠীৰ লোকে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ALSO READ: জুবিন গাৰ্গে ন্যায় পোৱা নাই, কেনেকৈ দীপাৱলী পালন কৰে অসমীয়াই? শব্দহীনভাৱে দীপাৱলী উদযাপন আহ্বানউল্লেখ্য যে, অসমত বাস কৰা চাহ জনগোষ্ঠীয় লোকসকলৰ লগতে আদিবাসী সম্প্ৰদায়ৰ লোকসকলে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অসমৰ যি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ ভিতৰত অন্যতম এই চাহ জনগোষ্ঠী তথা আদিবাসীসকল। জনজাতিকৰণৰ দাবীৰে তেওঁলোকে দীৰ্ঘদিন ধৰি চলাই অহা সংগ্ৰামখনক নতুন গতি দিয়াৰ লক্ষ্যৰেই তিনিচুকীয়া, ডিব্ৰুগড়ৰ পিছত ঢেকীয়াজুলিত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। Read the Next Article