Assameseআজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানিআজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি। কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হত্যাৰ গোচৰৰ শুনানি। প্ৰথমটো শুনানিত ভাৰ্চুৱেলী হাজিৰ কৰা হ’ব জুবিন হত্যাৰ গোচৰৰ ৭ অভিযুক্তক।Jyotiprasad Sarma Dec 16, 2025 11:56 ISTআজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি Photograph: (DY365)আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানিআজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি। কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হত্যাৰ গোচৰৰ শুনানি। প্ৰথমটো শুনানিত ভাৰ্চুৱেলী হাজিৰ কৰা হ’ব জুবিন হত্যাৰ গোচৰৰ ৭ অভিযুক্তক। তথ্য-প্ৰমাণসহ জুবিন হত্যাৰ চাৰ্জশ্বীট দাখিলৰ পিছত আজি CJM আদালতৰ প্ৰথমটো শুনানিৰ ওপৰত দৃষ্টি থাকিব ৰাজ্যবাসীৰ।AdvertismentAlso Read: পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনাআইন শৃংখলাজনিত তথা নিৰাপত্তাজনিত কাৰণত প্ৰথমটো শুনানিত সোঁশৰীৰে উপস্থিত নাথাকে জুবিন হত্যাৰ গোচৰত ৭ অভিযুক্ত। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী উপস্থিত নাথাকে শুনানিত। বাক্সাৰ নিকাছি কাৰাগাৰ, হাফলং কাৰাগাৰত বন্দী হৈ আছে এই ৭ অভিযুক্ত। ভাৰ্চুৱেলী হ’ব ৭ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰৰ শুনানি। মুখ্য ন্যায়িক দণ্ডাধীশৰে মহানগৰ আৰক্ষীৰ আলোচনাৰ অন্তত ভাৰ্চুৱেলী শুনানিৰ নিৰ্দেশ দিয়ে আদালতে। Also Read: গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ, শ্যামকানু! আহিব নেকি শেখৰজ্যোতি, অমৃতপ্ৰভাও?উল্লেখ্য যে, ১২ ডিচেম্বৰত SITএ আদালতত দাখিল কৰিছিল শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চার্জশ্বীট। আদালতত দাখিল কৰা হৈছে ২,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। চাৰ্জশ্বীটত সংলগ্ন কৰা হৈছে ১২ হাজাৰ পৃষ্ঠাৰ নথি। অভিযুক্তৰ বিৰুদ্ধে হত্যা, বিত্তীয় খেলিমেলিৰ ধাৰা আৰোপ। ৪ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰত BNSৰ ১০৩ ধাৰা আৰোপ। সিদ্ধাৰ্থ, শ্যামকানু, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে হত্যাৰ ধাৰা আৰোপ কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৬১/ ১০৩/৩১৬ ধাৰা প্ৰয়োগ, শ্যামকানু মহন্তৰ বিৰুদ্ধে ৬১/১০৩/৩০৮/৩১৮/২৩৮ ধাৰা প্ৰয়োগ, শেখৰজ্যোতিৰ বিৰুদ্ধে ৬১/১০৩/৩১৬ ধাৰা প্ৰয়োগ, অমৃতপ্ৰভাৰ বিৰুদ্ধে ৬১/১০৩/২৩৮ ধাৰা প্ৰয়োগ, সন্দীপন গাৰ্গৰ বিৰুদ্ধে ১০৫ ধাৰা প্ৰয়োগ, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ৬১/৩১৬ ধাৰা প্ৰয়োগ। Also Read: নিমখ খাই গাদ্দাৰী কৰিছে কংগ্ৰেছে! ’২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব সংখ্যালঘুৱে!উল্লেখ্য যে, আজি আদালতৰ শুনানিকলৈ কি কি হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।AdvertismentAdvertisment Read the Next Article