Advertisment

নিমখ খাই গাদ্দাৰী কৰিছে কংগ্ৰেছে! ’২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব সংখ্যালঘুৱে!

কংগ্ৰেছ-AIUDF-এ নহয়, ’২৬ত সংখ্যালঘুৰ ভোট লাগিব বিজেপিকো। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত জমি উঠিছে সংখ্যালঘুৰ ৰাজনীতি। লক্ষ্যণীয়ভাৱে বিজেপিৰ সুৰতে কংগ্ৰেছক আক্ৰমণ আৰম্ভ কৰিছে AIUDF-এ।

 নিমখ খাই গাদ্দাৰী কৰিছে কংগ্ৰেছে! ’২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব সংখ্যালঘুৱে!

কংগ্ৰেছ-AIUDF-এ নহয়, ’২৬ত সংখ্যালঘুৰ ভোট লাগিব বিজেপিকো

২০২৬ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই সমষ্টিয়ে সমষ্টিয়ে ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ভোটাৰৰ মন জয় কৰাৰ উদ্দেশ্যেৰ প্ৰতিখন সভাতেই প্ৰতিশ্ৰুতিৰ বন্যা নেতা-পালিনেতাৰ। চৰচাপৰিত বাস কৰা সংখ্যালঘুৱে কংগ্ৰেছৰ প্ৰতি আস্থা হেৰুৱাই যোগ দিছে AIUDF-BJPত। ইয়াৰ মাজতেই দলগাঁৱত AIUDFৰ বিধায়ক মজিবুৰ ৰহমানৰ কংগ্ৰেছক লৈ বিস্ফোৰক মন্তব্য। দলগাঁৱত কংগ্ৰেছ দলৰ প্ৰতি আস্থা হেৰুৱাই AIUDFত যোগদান কৰিছে শ শ লোকে। যোগদান সভাত বিধায়ক মজিবুৰ ৰহমানৰ মন্তব্য- সংখ্যালঘুৰ শক্তিৰে গাদী দখল কৰি আহিছে কংগ্ৰেছে। মজিবুৰ ৰহমানে লগতে কয়- নিমখ খাই সংখ্যালঘুৰ ওপৰতে অত্যাচাৰ কৰিছে কংগ্ৰেছে।

Advertisment

ALSO READ : অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰী

ইফালে পশ্চিম কাৰ্বি আংলঙত একেলগে দল ত্যাগ কৰিলে ৬৮৫গৰাকী কংগ্ৰেছ নেতা–কৰ্মীয়ে। জিলাখনৰ চছেং পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ কমিটী, মহিলা মণ্ডল কংগ্ৰেছ কমিটীকে ধৰি বিভিন্ন কমিটীৰ নেতা–কৰ্মীয়ে একেলগে কৰিলে দল ত্যাগ। যোৱাটো নিৰ্বাচনত কংগ্ৰেছ দলৰ লগত AIUDF থকাৰ বাবেই বহুকেইখন আসন কংগ্ৰেছ দলে লাভ কৰিছে। এইবাৰ নিৰ্বাচনত সকলো সমষ্টিতে কংগ্ৰেছ শূন্য হোৱাৰ কথা ক’লে বিধায়য়ক মজিবুৰ ৰহমানে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈকো ক্ষুৰধাৰ সমালোচনা।

ALSO READ : বিৰোধীৰ বাবে 'চশমাজ্যোতি আঁচনি'! কোন বিধায়কে দাবী কৰিলে 'চশমাজ্যোতি আঁচনি'ৰ?

আনহাতে সৰভোগ ভৱানীপুৰ সমষ্টি মন্ত্ৰী ৰণজিত্‍ দাসৰ উপস্থিতিত কংগ্ৰেছ এৰি বিজেপিত যোগ দিলে শ শ সংখ্যালঘু লোকে। বৰপেটাৰোডৰ উত্তৰ খৈৰাবাৰীত অনুষ্ঠিত এখন সভাত মন্ত্ৰী ৰণজিত্‍ দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য। ২০২৬ৰ নিৰ্বাচনত সবকা সাথ, সবকা বিকাশ উদ্দেশ্য বিজেপিৰ। মন্ত্ৰী ৰণজিত্‍ দাসৰ দাবী সংখ্যালঘু লোককো বিজেপিয়ে দিছে চৰকাৰী আঁচনি। সভাত উপস্থিত থকা একাংশ সংখ্যালঘুৱে ক্ষুৰধাৰ সমালোচনা কৰিলে কংগ্ৰেছক। বিজেপিত যোগদান কৰিয়েই উন্নয়নৰ নামত পঞ্চমুখ হোৱা সংখ্যালঘুৰ মন্তব্য। মুঠৰ ওপৰত ’২৬ৰ নিৰ্বাচনত কংগ্ৰেছক উত্‍খাত কৰাৰ উদ্দেশ্যে সমষ্টিয়ে সমষ্টিয়ে জোৰদাৰ প্ৰচাৰ AIUDF-BJPৰ। 

ALSO READ : মোদী-শ্বাহৰ অসম ভ্ৰমণ... কি কি উপহাৰ পাব অসমবাসীয়ে?

Advertisment
Advertisment