Advertisment

পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনা

এটা ধৰ্মীয় লোকক বাচি বাচি হত্যা। ছিডনীত পাকিস্তানমূলৰ পিতা–পুত্রই সংঘটিত কৰিলে পহলগামৰ দৰে ভয়ংকৰ আক্ৰমণ। ছিডনীৰ গুলীচালনাত নিহতৰ সংখ্যা ১৬লৈ বৃদ্ধি।

 পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনা

পহলগাম কাণ্ডৰ দৰেই এটা ধৰ্মীয় লোকক বাচি বাচি হত্যা

বিগত ২৪ এপ্ৰিলত জম্মু–কাশ্মীৰৰ পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰৰ দৰেই দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীত সংঘটিত হ’ল ভয়ংকৰ গুলীচালনাৰ ঘটনা। বণ্ডী বীচ্চত হানুক্কা উৎসৱত ব্যস্ত থকাৰ সময়তে ইহুদী লোকক লক্ষ্য কৰি এইদৰে নিৰ্বিচাৰ গুলী চলালে দুটাকৈ সন্ত্ৰাসবাদীয়ে। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে আক্ৰমণকাৰী সম্পৰ্কত পাকিস্তানমূলৰ পিতা–পুত্ৰ। IS সন্ত্ৰাসবাদীৰে সম্পৰ্ক ৰাখি অহা এই পিতা–পুত্ৰই দেওবাৰৰ বিয়লি বিখ্যাত বণ্ডী বীচ্চত চলালে নৰসংহাৰ। পাকিস্তানী সন্ত্ৰাসবাদী দুটাৰ নাম ছাজিদ আক্ৰম আৰু নাবীদ আক্ৰম। ১৯৯৮তে ষ্টুডেণ্ট ভিছা লৈ অষ্ট্ৰেলিয়ালৈ গৈছিল ছাজিদ আক্ৰম। ২০০১ত অষ্ট্ৰেলিয়াত জন্ম হৈছিল ছাজিদৰ পুত্ৰ আক্ৰমণকাৰী নাবীদ আক্ৰমৰ।

Advertisment

ALSO READ : পহলগামত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক সহায় কৰিছিল কোনে?

ঘটনাৰ দিনটোত স্থানীয় সময় অনুসৰি তেতিয়া বিয়লি ৬ বাজি ৪৫ মিনিট। বণ্ডী বীচ্চত আনন্দ উৎসৱত ব্যস্ত আছিল ইহুদী সম্প্ৰদায়ৰ লোকসকল। তেতিয়াই অতৰ্কিতে দুই সন্ত্ৰাসবাদী পিতা–পুত্ৰই সংঘটিত কৰে ভয়ংকৰ ঘটনাটো। এখন দলঙত উঠি ইহুদী লোকক লক্ষ্য কৰি নিৰ্বিচাৰে চলালে গুলী। সন্ত্ৰাসবাদীৰ গুলীচালনাত এইপৰ্যন্ত এটি ১০ বছৰীয়া শিশুসহ ১৬জনৰ মৃত্যু হৈছে। আনহাতে ভয়ংকৰ আক্ৰমণটোত আহত হৈছে ৬০ৰো অধিক ইহুদী লোক। নিৰ্বিচাৰ গুলীবৰ্ষণৰ মাজত প্ৰাণৰক্ষাৰ বাবে সমূদ্ৰ তীৰৰ পৰা পলায়ন কৰিছিল বহু লোকে। কোনোৱে মাটিত পৰি, আন কোনোৱে আকৌ ৰেস্তোৰাঁত সোমাই চেষ্টা চলায় আত্মৰক্ষাৰ। ইপিনে গুলীচালনাৰ সময়তে বণ্ডী বীচ্চত উপস্থিত আছিল ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মাইকেল ভন। কথমপি প্ৰাণৰক্ষা পৰে বৰ্তমানৰ ক্ৰিকেট ধাৰাভাস্যকাৰজনৰ।

ALSO READ : মুছলমান যুৱকৰ দুঃসাহসিকতা, সন্ত্ৰাসবাদীৰ হাতৰ পৰা কাঢ়ি আনিলে বন্দুক

অৱশ্যে এই ভয়ংকৰ ঘটনাৰ মাজতে আহমেদ আল–আহমেদ নামৰ এজন ফলৰ ব্যৱসায়ীয়ে দেখুৱালে দুঃসাহসিকতা। নিজৰ জীৱনলৈ চিন্তা নকৰি লোকজনে গবামাৰি ধৰে এটা সন্ত্ৰাসবাদীক আৰু আক্ৰমণকাৰীৰ পৰা কাঢ়ি লয় মাৰণাস্ত্ৰ। অৱশ্যে আনক বচাবলৈ গৈ আহত হয় ৪৫ বছৰীয়া আহমেদ আল–আহমেদো। অৱশ্যে লোকজনে সন্ত্ৰাসবাদীটোক নিৰস্ত্ৰ কৰিলেও পুনৰ সেই স্থানৰ পৰা আতৰি গৈ পুলত উঠি ইহুদী লোকক লক্ষ্য কৰি আন এটা ৰাইফলৰে গুলী চলাবলৈ ধৰে সন্ত্ৰাসবাদীটোৱে। তাৰমাজতে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ৫০ বছৰীয়া ছাজিদ আক্ৰম। গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছে ২৪ বছৰীয়া নাবীদ।

ALSO READ : ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট

দেওবাৰৰ এই সন্ত্ৰাসবাদীৰ আক্ৰমণক গৰিহণা দিছে দেশখনৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজে। একেদৰে ইহুদীক হত্যা কৰাৰ ঘটনাক গৰিহণা দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও। একে সময়তে সন্ত্ৰাসবাদীৰ পৰা মাৰণাস্ত্ৰ কাঢ়ি লোৱা লোকজনৰ সাহসিকতাকো প্ৰশংসা ট্ৰাম্পৰ। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছিডনীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। অষ্ট্ৰেলিয়াত দেওবাৰৰ ইহুদী আক্ৰমণৰ ঘটনা আছিল পূৰ্ব পৰিকল্পিত। আগষ্ট মাহতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে সতৰ্ক কৰি দিছিল চৰকাৰক। কিন্তু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে নল’লে কোনো নিৰাপত্তাৰ ব্যৱস্থা। এইদৰে এন্থনী আলবানিজৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। ক’বলৈ গ’লে ছিডনীৰ এই ঘটনা আছিল বিগত তিনিটা দশকৰ ভিতৰত উপ–মহাদেশখনত সংঘটিত আটাইতকৈ ভয়ংকৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। পহলগামত হিন্দু লোকক বাছি বাছি হত্যা কৰাৰ দৰেই ছিডনীত ইহুদীক লক্ষ্য কৰি নৰসংহাৰ চলালে দুই সন্ত্ৰাসবাদীয়ে। একেদৰে এই দুয়োটা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ যোগসূত্ৰ পাকিস্তান। স্বাভাৱিকতে বিশ্ববাসীৰ আগত পুনৰ খোল খাইছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ আচল চেহেৰা। 

Advertisment
Advertisment