Advertisment

পহলগামত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক সহায় কৰিছিল কোনে?

দেশ জোকৰা জম্মু-কাশ্মীৰৰ পহলগাম কাণ্ডৰ চাৰ্জশ্বীট দাখিল। বাইচৰণ ভেলীত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক কোনে সহায় কৰিছিল? অপাৰেশ্যন সিন্দূৰ আৰু অপাৰেশ্যন মহাদেৱৰ পিছত এই চাৰ্জশ্বীটতে সমাপ্ত নেকি পহলগাম কাণ্ডৰ তদন্ত?

 পহলগামত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক সহায় কৰিছিল কোনে?

দেশ জোকৰা জম্মু-কাশ্মীৰৰ পহলগাম কাণ্ডৰ চাৰ্জশ্বীট দাখিল

জম্মু-কাশ্মীৰৰ পহলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই। পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ৮ মাহৰ পিছত সোমবাৰে জম্মুৰ এখন বিশেষ আদালতত NIA-এ দাখিল কৰিলে চাৰ্জশ্বীট। উল্লেখ্য যে, চলিত বৰ্ষৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত পহলগামত ২৬জন নিৰীহৰ মৃত্যুৰ বিপৰীতে ১৬জন আহত হৈছিল। পহলগামত ২৫জনকৈ পৰ্যটক আৰু এজন স্থানীয় ঘোঁৰাচালকৰ মৃত্যুৰ ঘটনাই জোঁকাৰি গৈছিল সমগ্ৰ দেশ। বাচি বাচি ২৪জন হিন্দু পৰ্যটকক শূন্য দূৰত্বৰ পৰা গুলীয়াইছিল পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে। এই ঘটনা দেশৰ ওপৰত পাকিস্তানৰ প্ৰত্যক্ষ আক্ৰমণ বুলি বিবেচিত হৈছিল।

Advertisment

READ MORE : নৈশ ক্লাবত অৱসৰ বিনোদনতে প্ৰাণ গ'ল ২৩গৰাকীৰ... কিন্তু কেনেকৈ?

পহলগামৰ আক্ৰমণ সন্দৰ্ভত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক অনুসন্ধানৰ দায়িত্ব দিয়াৰ পিছতে পহলগামৰ দুজন স্থানীয় লোকক আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰিছিল। জম্মু-কাশ্মীৰৰ বাৰকোটৰ পাৰভেজ আহমেদ জথৰ আৰু পহলগামৰ বছিৰ আহমেদ জথৰ নামৰ লোক দুজনে পাক সমৰ্থিত সন্ত্ৰাসবাদী লস্কৰ-ঈ-তৈবাক পহলগামৰ আক্ৰমণ সন্দৰ্ভত যোগান ধৰিছিল তথ্য। লস্কৰ-ঈ-তৈবাৰ ৩ সন্ত্ৰাসবাদীক আশ্ৰয়ো দিছিল আৰক্ষীৰ জালত পৰা লোককেইজনে। পহলগামত আক্ৰমণ চলাই লস্কৰ-ঈ-তৈবাৰ এই সন্ত্ৰাসবাদীকেইটাই জম্মু-কাশ্মীৰৰ দাসীগাম-হৰবন বনাঞ্চলত আত্মগোপন কৰিছিল। পিছত ২৮ জুলাইত শ্ৰীনগৰৰ সমীপৱৰ্তী অঞ্চলত অপাৰেশ্যন মহাদেৱ নামেৰে ভাৰতীয় সেনাই চলোৱা এক অভিযানত পহলগাম আক্ৰমণৰে জড়িত সন্ত্ৰাসবাদী কেইটাৰ মৃত্যু হৈছিল।

READ MORE : ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট

ইফালে, পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ৭ মে’ত পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল ভাৰতীয় সেনাই। ভাৰতীয় সেনাই চলোৱা অপাৰেশ্যন সিন্দূৰত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ঈ-তৈবা আৰু জইছ-ঈ-মহম্মদৰ কেইবাটাও ঘাটি ওফৰাই দিছিল। পহলগামৰ আক্ৰমণ সন্দৰ্ভত সোমবাৰে NIAই দাখিল কৰা চাৰ্জশ্বীট সন্দৰ্ভত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- ‘অনুসন্ধান প্ৰক্ৰিয়া সমাপ্ত হোৱা নাই, কোন দোষী ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব’।

READ MORE :বাবৰি মছজিদ নিৰ্মান হ'বনে? আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰলৈ হত্যাৰ ভাবুকি

Advertisment
Advertisment