Advertisment

গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ, শ্যামকানু! আহিব নেকি শেখৰজ্যোতি, অমৃতপ্ৰভাও?

পুনৰ গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তহত! আহিব শ্বেখৰজ্যোতি অমৃতপ্ৰভা মহন্তও! এতিয়া বিপাঙত পৰিছে চৰকাৰ আৰক্ষী। আকৌ হ'ব নেকি কিবা অপ্ৰীতিকৰ পৰিস্থিতি?

 গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ, শ্যামকানু! আহিব নেকি শেখৰজ্যোতি, অমৃতপ্ৰভাও?

জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তসকলক সোঁশৰীৰে অনা হ’ব নেকি গুৱাহাটীলৈ?

দুমাহৰ পাছত পুনৰ গুৱাহাটীলৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা! গুৱাহাটীলৈ আহি আছে শ্বেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্তও! জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গৰো আগমণ ঘটিব গুৱাহাটীলৈ! জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযোগনামা দাখিল হৈছে আদালতত। এখন বৃহৎ অভিযোগনামা দাখিলৰ পাছত এতিয়া সকলোৰে আশা দোষীয়ে পাব শাস্তি। দোষীক শাস্তিৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ মঙলবাৰৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। কাৰণ মঙলবাৰে সকলো অভিযুক্তক দিয়া হ'ব চাৰ্জশ্বীটৰ প্ৰতিলিপি।

Advertisment

READ MORE : নিজক উদঙাই সকলো খিনি দিছিল জুবিনে-গৰিমা

কিন্তু কেনেকৈ অভিযুক্তসকলক মঙলবাৰে কৰা হ'ব হাজিৰ তাক লৈ সৃষ্টি হৈছে এক চৰ্চা। কাৰণ সকলোয়ে জানে ১৫ অক্টোবৰত কি হৈছিল বাক্সাৰ মুছলপুৰত? সাধাৰণ লোকে যিধৰণে শ্যামকানু মহন্তহতক লৈ যোৱা কনভয়ৰে আক্ৰমণ কৰিছিল সেই শংকাৰ পৰা মুক্ত হ'ব পৰা নাই চৰকাৰ। সেয়েহে এতিয়া আদালতত সোঁশৰীৰে অভিযুক্তক হাজিৰ কৰোৱাক লৈ হৈছে সন্দেহ। ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হ'ব নেকি অভিযুক্তক? লোক ফৰিয়াদী প্ৰদীপ কুঁৱৰে জনোৱা মতে সেই কথা এতিয়াও হোৱা নাই নিশ্চিত।

READ MORE : 'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী

আনহাতে চৰকাৰে অভিযুক্ত সকলক আদালতত হাজিৰ কৰোৱাৰ বাবে লৈছে ব্যাপক প্ৰস্তুতি। আদালতৰ নিৰ্দেশ মানি যদি সকলোকে সোঁশৰীৰে হাজিৰ কৰাব লগা হয় তেন্তে তাৰ বাবে কৰা হৈছে প্ৰস্তুতি। ব্যৱস্থা কৰা হৈছে বিশাল বাহিনীৰ। বৰ্তমান শ্যামকানু সিদ্ধাৰ্থ সহ ৫ অভিযুক্ত আছে বাক্সাৰ কাৰাগাৰত। শেখৰ আৰু অমৃতপ্ৰভা আছে হাফলং কাৰাগাৰত। গুৱাহাটীলৈ আটাইকে আনিবলৈ এক দীঘলীয়া বাট। সেয়ে চৰকাৰ প্ৰশাসনৰ ভয় পুনৰ হ'ব নেকি অপ্ৰিতীকৰ পৰিস্থিতি। সেয়ে মঙলবাৰে দিনটোতো আটাইকে ভাৰ্চুৱেলী হাজিৰ কৰিব পাৰি নেকি তাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা কৰা হৈছে আবেদন। আদালতে যদি অনুমতি দিয়ে তেন্তে ভাৰ্চুৱেলী কৰা হ'ব আটাইকে হাজিৰ। আনহাতে গোচৰটোক লৈ বিশেষ ফাষ্ট ট্ৰেক আদালত গঠনৰ আহ্বান অধিবক্তা সমাজৰ।

READ MORE :কি কি আছে চাৰ্জশ্বীটত? ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা

Advertisment
Advertisment