Assameseৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন হাৰ্টথ্ৰৱৰ জন্মদিনজুবিনবিহীন আজি প্ৰথমটো জন্মদিন। মাজনিশা কেক কাটি উদযাপন কৰিবলৈ এতিয়া জুবিন নাই কিন্তু উদযাপন নকৰাকৈ থাকিব পাৰি জানো হাৰ্টথ্ৰৱৰ জন্মদিন? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হাৰ্টথ্ৰৱৰ জন্মদিন।Mrinmoy Talukdar Nov 18, 2025 14:39 ISTFILEPHOTOৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন হাৰ্টথ্ৰৱৰ জন্মদিনজুবিনবিহীন আজি প্ৰথমটো জন্মদিন। মায়াবিনী ৰাতিৰ বুকুত উজাগৰে থাকি...চকুলোৰে ৰাজ্যবাসীয়ে স্মৰণ কৰিছে আমঠুক। মাজনিশা কেক কাটি উদযাপন কৰিবলৈ এতিয়া জুবিন নাই কিন্তু উদযাপন নকৰাকৈ থাকিব পাৰি জানো হাৰ্টথ্ৰৱৰ জন্মদিন? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হাৰ্টথ্ৰৱৰ জন্মদিন। Advertismentঅবিশ্বাস্য হ’লেও ৫৩ সংখ্যক জন্মদিনত কায়িকভাৱে আমাৰ মাজত নাই জুবিন গাৰ্গ। জুবিন নোহোৱা কঠোৰ বাস্তৱক মানি অনুৰাগীয়ে পালন কৰিছে হাৰ্টথ্ৰব জুবিনৰ জন্মদিন। পূৰ্বতে জন্মদিনৰ নিশা জুবিনৰ ঘৰত ভিৰ কৰিছিল শ শ অনুৰাগীয়ে। হাতে হাতে কেক লৈ অপেক্ষা কৰিছিল জুবিনৰ দুৱাৰৰ সন্মুখত। কিন্তু এইবাৰ অনুৰাগীৰ সৈতে জন্মদিন উদযাপন কৰিবলৈ আমাৰ মাজত নাই জুবিন গাৰ্গ। ১৮ নৱেম্বৰ মানেই অসমীয়াৰ বাবে উৎসৱ আয়োজনৰ দিন। কাৰণ ১৮ নৱেম্বৰত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্ম হৈছিল জুবিন গাৰ্গৰ। কিন্তু..., সকলোবোৰ আগৰ দৰেই আছে। কিন্তু মাথো তেওঁ নাই। কিন্তু কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও প্ৰতিজন অসমীয়াৰ প্ৰতিটোপাল তেজৰ স্পন্দনত নিহিত আছে জুবিন গাৰ্গ, জুবিন গাৰ্গৰ সত্বা।ৰাজ্যবাসীয়ে ভিন্ন অনুষ্ঠানেৰে আজি সুঁৱৰিছে জুবিন গাৰ্গক। কলিয়াবৰতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন। কুঁৱৰীটোলত উদযাপন জাতীয় স্বাভিমান দিৱস। ৪ হাজাৰ আয়তীৰ দিহানাম, ১ হাজাৰ গায়ন-বায়নৰ দেৱবাদ্য পৰিৱেশন। কেইবাশ যুৱক-যুৱতীয়ে একেলগে গালে জুবিনৰ কালজয়ী গীত।তেজপুৰতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন। তেজপুৰ বেছেৰীয়া মিলিজুলি মহিলা সমাজৰ জন্মদিন পালন। পুৱাৰে পৰা ধূপ-দীপ-নৈবেদ্যৰে দিহানাম পৰিৱেশন মহিলাসকলৰ। হিয়াৰ আমঠুৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে ৫৩ জোপা নাহৰ গছৰ পুলি ৰোপন। জনতাক দিয়া কথামতেই জুবিন গাৰ্গৰ স্মৃতিত উদ্যান আৰু প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰৰ আইটি পাৰ্কৰ কাষত ওপজা দিনৰ বৰ্ণাঢ্য অনুষ্ঠান।হাটশিঙিমাৰীতো জুবিন অনুৰাগীয়ে পালন কৰিলে জন্মদিন। মৰাণৰ ধেমেচীত নিশা জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ১০০১ গছি বন্তি প্ৰজ্বলনেৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত নিশা জুবিন গাৰ্গৰ জন্মদিন উদযাপন। লাকুৱাতো শ্ৰদ্ধাৰে সুঁৱৰিছে হিয়াৰ আমঠুগৰাকীক।জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিৱসত শিৱসাগৰত ব্যতিক্ৰমী পদক্ষেপ। শিৱসাগৰৰ ভাস্কৰজ্যোতি ছিনেমা হলৰ গৰাকী হৰিপ্ৰসন্ন হাজৰিকাৰ বিশেষ পদক্ষেপ। শিশু গৃহ ‘কুমুদালয়’ৰ বিশেষ ভাৱে সক্ষম শিশুসকলক দেখুৱালে ৰৈ ৰৈ বিনালে। ‘কুমুদালয়’ৰ পৰা অনা নিয়াৰ ব্যৱস্থা কৰি শিশুসকলক দেখুৱালে জুবিন গাৰ্গৰ অন্তিম ছবি।মৰাণৰ ধেমেচীত নিশা জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিশেষ আয়োজন। ১০০১ গছি বন্তি প্ৰজ্বলনেৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গৰ গীতেৰে পুৱতিনিশালৈকে জীপাল ধেমেচী। কেইবাশতাধিক ৰাইজে একেলগে পৰিৱেশন কৰে মায়াবিনী গীত। Zubeen GargAdvertismentAdvertisment Read the Next Article