Advertisment

আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই-মুখ্যমন্ত্ৰী

আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই। অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ আমি কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ ৷ এনেধৰণৰ কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হ'লহেঁতেন ৷

 Filephoto
Filephoto

আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই-মুখ্যমন্ত্ৰী

আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই। অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ আমি কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ ৷ এনেধৰণৰ কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হ'লহেঁতেন ৷

Advertisment

কংগ্ৰেছ দলৰ বিৰুদ্ধে পুনৰ আক্ৰামনাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাইজলৈ বুলি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন- মই মহিলাসকলক অৰুণোদয় আঁচনি দি ভুল কৰিছো নেকি? মহিলা উদ্যমিতা আঁচনি দি ভুল কৰিছো নেকি? ৰন্ধন চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰি মই ভুল কৰিছো নেকি? নিযুত মইনা আঁচনি দি মই ভুল কৰিছো নেকি?

মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- "মই আপোনালোকক মিটিঙলৈ মাতি ট্ৰাকৰ ওপৰৰ পৰা সূতা দলিওৱা ৰাজনীতি কৰা নাই ৷ ভোটৰ নামত মই লুঙীৰ ৰাজনীতি কৰা নাই ৷ মই অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ দিনে-ৰাতি কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ ৷ প্ৰতিটো দিন, প্ৰতিটো মূহূৰ্ত মই অসমৰ দৰে দুখীয়া ৰাজ্য এখনত হাজাৰ হাজাৰ কোটি টকা সঞ্চয় কৰি মোৰ মা সকলৰ বাবে আজি বিলাই দিব পাৰিছো। মই ভাবো, এয়াই মোৰ সফলতা। এইখিনি কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হ'লহেঁতেন ৷ আমাৰ অসমখনৰ নামো ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য়ৰ নামৰ লগত থাকিলেহেঁতেন" ৷ 

ডিব্ৰুগড়ত মহিলা  উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰামনাত্মক ৰূপত দেখা গ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। দুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খানাপাৰাত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল যে '২৬ৰ নিৰ্বাচনত বিজেপি জয়ী হলে মিঠাতেলো ফ্ৰী দিব চৰকাৰে। মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতিক লৈ বিৰোধীয়ে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীক। তাৰ পাছতেই কংগ্ৰেছ দলৰ লগতে গৌৰৱ গগৈকো আক্ৰমনৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীয়ে।  মুখ্যমন্ত্ৰীয়ে কয়, “আজি পুৱা মই ইংলেণ্ডৰ মানুহৰ খাদ্যাভ্যাসৰ ওপৰত কিছু গৱেষণা কৰি আছিলোঁ আৰু গম পালোঁ যে, তেওঁলোকে মিঠাতেলৰ চানফ্লা’ৱাৰ অইল ব্যৱহাৰ কৰে। গৌৰৱ গগৈৰ সন্তানো ইংলেণ্ডত থাকে আৰু তেওলোক  ইংলেণ্ডৰ নাগৰিক। গতিকে তেওঁ সৰিয়হৰ তেলৰ(মিঠাতেল) দাম নাজানে বা মূল্য বুজি নাপায়। আমি যদি চানফ্লা’ৱাৰ অইলৰ কথা কওঁ, তেন্তে হয়তো তেওঁলোকে বুজিব।”