Assameseঅভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰশুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু। পূৰ্বে নাও চলাচল কৰা ঠাইত এতিয়া ব্ৰহ্মপুত্ৰৰে চলিছে দুচকীয়া, চাৰিচকীয়া বাহন, ট্ৰেক্টৰ, ঘোঁৰাৰ গাড়ী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া-প্ৰকৃতিপ্ৰেমী।Jyotiprasad Sarma Dec 16, 2025 12:20 ISTঅভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ Photograph: (DY365)অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰচিন্তিত নৈপৰীয়া-প্ৰকৃতিপ্ৰেমীশুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু। পূৰ্বে নাও চলাচল কৰা ঠাইত এতিয়া ব্ৰহ্মপুত্ৰৰে চলিছে দুচকীয়া, চাৰিচকীয়া বাহন, ট্ৰেক্টৰ, ঘোঁৰাৰ গাড়ী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া-প্ৰকৃতিপ্ৰেমী।Advertismentধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস পাইছে। ধুবুৰীত ব্ৰহ্মপুত্ৰত জলস্তৰ হ্ৰাসত চিন্তিত নৈপৰীয়া-প্ৰকৃতিপ্ৰেমী। ধুবুৰী চহৰৰ পৰা ১০-১৫ কিলোমিটাৰ পৰ্যন্ত শুকাইছে ব্ৰহ্মপুত্ৰ। ভাৰত-বাংলা সীমান্ত অঞ্চলতো অনুৰূপ পৰিস্থিতি। জলস্তৰ হ্ৰাস হোৱাত দক্ষিণ শালমাৰা মানকাচৰৰ পৰা নাও চলাচল বিঘ্নিত। গোৱালপাৰাৰ জলেশ্বৰৰ পৰা ধুবুৰীলৈ নাও চলাচলত সৃষ্টি হৈছে বাধাৰ। ধুৱুৰীত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি যন্ত্ৰচালিত নাওৰ পৰিৱৰ্তে এতিয়া চলিছে চাৰিচকীয়া, দুচকীয়া বাহন, ট্ৰেক্টৰ অথবা ঘোঁৰাৰ গাড়ী। মহাবাহু ব্ৰহ্মপুত্ৰ এতিয়া শুকান বালিচৰত পৰিণত হোৱাৰ ফলত নদীপথৰ এফালে যদি কোনোমতে নাও চলাচল কৰিছে, আনফালে নদীৰ বুকুৱেদি চলিছে বিভিন্ন বাহন অথবা ঘোঁৰাৰ গাড়ী। মানুহে খোজ কাঢ়ি অথবা মটৰচাইকেললৈ পাৰ হৈছে নদী পথ। ধুবুৰী চহৰৰ পৰা প্ৰায় ১০-১৫ কিলোমিটাৰ অৰ্থাৎ ভাৰত-বাংলা সীমান্ত অঞ্চললৈকে নদীৰ মাজেৰে চলাচল কৰিব পাৰে এই সমূহ বাহন আৰু ঘোঁৰাৰ গাড়ী।ইপিনে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ভাৰত-বাংলা সীমান্তৰ বিভিন্ন অঞ্চল আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰৰ পৰা যন্ত্ৰচালিত নাওৰ জৰিয়তে প্ৰতিদিনে লক্ষাধিক যাত্ৰী ধুবুৰীৰ সৈতে যোগাযোগ স্থাপন কৰাৰ লগতে ধুবুৰী হৈ বহিঃবিশ্বৰ সৈতে যোগাযোগ স্থাপন কৰি আহিছে। যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে নদীপথ আৰু যন্ত্ৰচালিত নাও। কিন্তু ব্ৰহ্মপুত্ৰৰ বুকু অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত নাও চলাচলৰ ক্ষেত্ৰত সৃষ্টি হৈছে এক জ্বলন্ত সমস্যাৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ পূৰ্বৰ তুলনাত যথেষ্ট কমি যোৱাৰ ফলত চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা।উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ কালৰূপী গৰাখহনীয়াৰ বিজ্ঞানসন্মত ব্যৱস্থাৰে স্থায়ী প্ৰতিৰোধ আৰু বিজ্ঞানসন্মতভাৱে ব্ৰহ্মপুত্ৰ খনন কৰা হ'লেহে অসমৰ মানচিত্ৰত অসম আৰু অসমীয়া জাতিৰ আয়ুসৰেখা স্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰ চিৰদিন জীয়াই থাকিব। নহ'লে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত এইদৰেই বিশাল বিশাল বালিচৰৰ সৃষ্টি হৈ শুকান মৰুভূমিত হ'বলৈ আৰু বেছিদিন নালাগিব। আনকি অসমৰ মানচিত্ৰৰ পৰাও এটা সময়ত কিজানিবা নোহোৱা হ'ব পাৰে মহাবাহু ব্ৰহ্মপুত্ৰ।AdvertismentAdvertisment Read the Next Article