Advertisment

সাজু ভেকচিন, নিৰাময় হ'ব কৰ্কট ৰোগ!

চিকিৎসা বিজ্ঞানৰ এক নতুন সাফল্য। ৰাছিয়াই নিৰ্মান কৰি উলিয়াইছে কৰ্কট ৰোগৰ নতুন প্ৰতিষেধক। ফেডাৰেল মেডিকেল এণ্ড বায়’লজিকেল এজেন্সীয়ে প্ৰস্তুত কৰা এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে। 

 Photograph: (file photo)
Photograph: (file photo)

সাজু ভেকচিন, নিৰাময় হ'ব কৰ্কট ৰোগ! 

চিকিৎসা বিজ্ঞানৰ এক নতুন সাফল্য। ৰাছিয়াই নিৰ্মান কৰি উলিয়াইছে কৰ্কট ৰোগৰ নতুন প্ৰতিষেধক। ফেডাৰেল মেডিকেল এণ্ড বায়’লজিকেল এজেন্সীয়ে প্ৰস্তুত কৰা এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে। 

Advertisment

ৰাছিয়াৰ বিজ্ঞানীসকলে প্ৰস্তুত কৰা এই ভেকচিনটোৰ নাম ‘এণ্টেৰ’মিক্স ভেকচিন’। দশম ইষ্টাৰ্ণ ইকনমিক ফ’ৰামত এফ এম বি এৰ মুৰব্বীয়ে ঘোষণা কৰে যে এই ভেকচিন পৰীক্ষামূলকভাৱে ১০০ শতাংশ ফলপ্ৰসূ। mRNA প্ৰযুক্তিৰ ভিত্তিত এই ভেকচিন প্ৰস্তুত কৰা হৈছে। এই প্ৰযুক্তি কিছুমান Covid-19 ভেকচিনতো ব্যৱহাৰ কৰা হৈছিল। mRNA ভেকচিনে কোষক কেন্সাৰ কোষৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰা প্ৰটিন উৎপাদন কৰিবলৈ শিকাই।


উল্লেখ্য যে বছৰ বছৰ ধৰি কৰা গৱেষণাৰ অন্তত এই ভেকচিন প্ৰস্তুত কৰা হৈছে। ইয়াৰে প্ৰিক্লিনিকেল ট্ৰায়েলত ৩ বছৰ সময় লাগিছিল। পৰীক্ষাত দেখা গ’ল যে এই ভেকচিন ব্যৱহাৰ কৰাটো নিৰাপদ আৰু অতি ফলপ্ৰসূ। এই ভেকচিনৰ প্ৰথম লক্ষ্য হৈছে কলৰেক্টাল কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়া। ইষ্টাৰ্ণ ইকনমিক ফ’ৰামত ভেৰ’নিকাই ঘোষণা কৰে যে, “ভেকচিন ব্যৱহাৰৰ বাবে সাজু হৈছে, আমি চৰকাৰী অনুমোদনৰ বাবে অপেক্ষা কৰি আছো।”

Advertisment
Advertisment