Advertisment

আজি কৃষ্ণ জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত আকাশ-বতাহ

আজি কৃষ্ণ জন্মাষ্টমী। আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি৷ এই পৱিত্ৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। দুষ্টক দমন আৰু পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ উদ্দেশ্যৰে ধৰালৈ আগমন ঘটিছিল শ্ৰীকৃষ্ণৰ।

 File Photo
File Photo

আজি কৃষ্ণ জন্মাষ্টমী।

আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি৷ এই পৱিত্ৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। দুষ্টক দমন আৰু পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ উদ্দেশ্যৰে ধৰালৈ আগমন ঘটিছিল শ্ৰীকৃষ্ণৰ। আজিৰ এই বিশেষ দিনটোতেই মাতৃ দৈবকীৰ গৰ্ভৰ পৰা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ। মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা হৃদয় পূৰণ কৰিবলৈ পৃথিৱলৈ আগমন ঘটিছিল ভগৱান শ্ৰীকৃষ্ণৰ। ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল।

Advertisment

আজি বৃন্দাবন, মথুৰাকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰীতি-নীতিৰে পালন কৰা হৈছে জন্মাষ্টমী। নামঘৰ, মঠ-মন্দিৰসমূহত ভক্তিৰসৰ অমীয়া সুৰৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। ভগৱান শ্ৰীকৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত আকাশ-বতাহ

জন্মাষ্টমী উপলক্ষে চৌদিশে বিভিন্ন অনুষ্ঠানৰ আয়োজন। জন্মাষ্টমীক লৈ এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সৰ্বত্ৰে। ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আধ্যাত্মিক পৰিৱেশ। পুৱাৰে পৰা ৰাজ্যৰ ধমীয় অনুষ্ঠানসমূহত জন্মাষ্টমী উপলক্ষে নাম-কীৰ্ত্তন, উখল-মাখল পৰিবেশ। 

মাজুলী, বৰদোৱা, বৰপেটাকে ধৰি ৰাজ্যৰ সত্ৰ, নামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্ত্তন। সত্ৰপীঠ মাজুলীতো অতি উলহ-মালহেৰে পুৱাৰে পৰা উদযাপন জন্মাষ্টমী উৎসৱ। শ্ৰীকৃষ্ণৰ গুণানুকীৰ্ত্তনেৰে মহাপুৰুষ দুজনাৰ ঘোষা নামেৰে মাজুলীত অনন্য পৰিৱেশ। 


ভক্তি ৰসত বুৰ হৈছে সমগ্ৰ ৰাজ্য। জন্মাষ্টমী উপলক্ষে বটদ্রৱা থানতো পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে আধ্যাত্মিক পৰিবেশ। ভকত-বৈষ্ণৱ, আইমাতৃৰ নামকীৰ্ত্তনৰে মুখৰিত হৈ পৰিছে চৌপাশ। উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো জন্মাষ্টমী উদযাপনৰ ব্যাপক আয়োজন। প্ৰভুৰ সিংহাখন বাহিৰলৈ উলিয়াই পুষ্পমালাৰে সজাই তোলা হৈছে। প্ৰভুক সুন্দৰকৈ সজোৱা আসনত বহুৱাই সন্ধিয়াৰ পৰা নিশালৈ ভক্তই কৰিব পূজা-অৰ্চনা।

বিভিন্ন ধৰ্মীয় লোকাচাৰেৰে দৌল গোবিন্দ মন্দিৰত পুৱাৰে পৰা এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে। পুৱাৰে পৰা প্ৰভুক দৰ্শন, পূজা-অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে মন্দিৰ প্ৰাংগণত। নগাঁৱৰ পুৰণিগুদামৰ বটছন কিডছ নামৰ বিদ্যালয়তো উদযাপন কৃষ্ণ জন্মাষ্টমী। গোপ বালক, শিশু কৃষ্ণ, ৰাধাৰ ৰূপত বিদ্যালয়‌খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী। কৃষ্ণ বন্দনাৰ গীতৰ তালে তালে নৃত্য কৰি আহ্লাদিত হৈছে শিক্ষাৰ্থীসকল।